অৱহেলা কৰিলে হ’ব ভয়ংকৰ পৰিণতি

অৱহেলা কৰিলে হ’ব ভয়ংকৰ পৰিণতি

ডিজিটেল ডেস্ক: শৰীৰচৰ্চাৰ বাবে যথেষ্ট শক্তিৰ প্ৰয়োজন। এই শক্তি লাভৰ বাবে স্বাভাৱিকভাৱেই শৰীৰ চৰ্চাৰ প্ৰাকমূহুৰ্তত পৰ্যাপ্ত খাদ্য গ্ৰহণ কৰিব লাগিব।যাৰ ফলত শৰীৰটোয়ে উপযুক্ত শক্তি লাভ কৰি আপোনাক শৰীৰচৰ্চাৰ বাবে সবল কৰি তুলিব।ব্যায়াম আৰম্ভ কৰাৰ আগতে শক্তি আৰু মনোবল বৃদ্ধি কৰিবলৈ উপযুক্ত খাদ্য খোৱাটো অতি জৰুৰী। প্ৰাক-ব্যায়াম খাদ্যত সদায়ে কাৰ্ব আৰু প্ৰ'টিনৰ সঠিক ভাৰসাম্য থাকিব লাগে, যিয়ে আপোনাৰ শৰীৰলৈ শক্তি আনি দিয়ে আৰু লগতে ভাগৰ হ্ৰাস কৰে।সেয়েহে, জিমলৈ যোৱাৰ আগতে আপুনি কি খাব লাগে, সেই বিষয়ে আজি জানো আহক-

কল 

কথাতেই কয়, ‘কল খালে গাত হয় হাতীৰ সমান বল’।কলত যথেষ্ট পৰিমাণে শক্তি থাকে।কলত উচ্চ পৰিমাণৰ কাৰ্বোহাইড্ৰেট আৰু পটাছিয়ামো থাকে, যি স্নায়ু আৰু পেশীবোৰক কাম কৰিবলৈ উদগনি দিয়ে। কলে শৰীৰৰ চৰ্বিক শক্তিলৈ ৰূপান্তৰ কৰাত সহায় কৰে। তদুপৰি, কলত ভিটামিন আৰু খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে থকাৰ বাবে হজমতো ই সহায় কৰে।

কণী

সাধাৰণতে শৰীৰ সচেতন লোকসকলে প্ৰতিদিনে কণী গ্ৰহণ কৰে।কিয়নো ইয়াত যথেষ্ট পৰিমাণৰ প্ৰ'টিন, এমিনো এচিড আৰু বহুতো অত্যাৱশ্যকীয় ভিটামিন থাকে। জিমলৈ যোৱাৰ আগতেও আপুনি কমেও ২ টা সিজোৱা কণী খাব পাৰে।

ওটচ

ব্যায়াম কৰাৰ আগতে ওটচ খোৱা উচিত।ওটচ হৈছে এনে এক খাদ্য, যিয়ে ব্যায়ামৰ কৰিবৰ শৰীৰটোক দীঘলীয়া সময়ৰ বাবে শক্তি দিয়ে।আনহাতে, ওটচ হৈছে ভিটামিন বি-ৰ এক অতি ভাল উৎস, যি কাৰ্বোহাইড্ৰেটক শক্তিলৈ ৰূপান্তৰ কৰে। সেয়েহে, আপুনি ব্যায়ামৰ ৩০-৪০ মিনিট সময়ৰ আগতে ওটচ খাব পাৰে।

বাদাম,আপেল

জিমলৈ যোৱাৰ আগতে পিনাট বাটাৰ, আপেল আৰু কিচমিচ খোৱাটো লাভজনক। পিনাট বাটাৰত মনোআনচেচুৰেটেড চৰ্বি থাকে। আনহাতে আপেল-কিচমিচত স্বাস্থ্যকৰ চৰ্বি আৰু কাৰ্ব থাকে। ইয়াৰ ব্যৱহাৰে ভোক নাইকিয়া কৰে আৰু এই সংমিশ্ৰণে ব্যায়ামৰ আগতে শৰীৰক প্ৰয়োজনীয় পৰ্যাপ্ত শক্তিও প্ৰদান কৰে।

শুকান ফল 

শুকান ফলবোৰত স্বাস্থ্যকৰ চৰ্বি, প্ৰ'টিন, কিছু পৰিমাণৰ কাৰ্বোহাইড্ৰেট আৰু আঁহ থাকে।শুকান ফল হজম কৰিবলৈও সহজ আৰু ই পুষ্টিৰে সমৃদ্ধ। শুকান ফলে শক্তিৰ স্তৰ বৃদ্ধি কৰে, যি ব্যায়ামৰ বাবে প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। কিন্তু মনত ৰাখিব যে শুকান ফলত যথেষ্ট চৰ্বিও থাকে।সেয়ে অত্যাধিক খোৱাৰ ফলত ই শৰীৰৰ পক্ষে হানিকাৰক হ'ব পাৰে।

কফি 

সৰ্বাধিক লোকে প্ৰাক-ব্যায়ামৰ বাবে ক'লা কফি খায়। কফিৰ যথেষ্ট চৰ্বি দহনকাৰী গুণ আছে। ই চৰ্বি কোষবোৰ শক্তি হিচাপে ব্যৱহাৰ কৰাত সহায় কৰাৰ লগতে ওজন হ্ৰাস কৰাতো ই সহায় কৰে।কিন্তু যদি আপুনি সন্ধিয়া ব্যায়াম কৰে, কফি গ্ৰহণ নকৰিব। অন্যথা শোৱাত সমস্যা হ'ব পাৰে।

অৱহেলা কৰিলে হ’ব ভয়ংকৰ পৰিণতি
Foods to Boost Your Brain: দুৰ্বল স্মৃতিশক্তিৰ গৰাকীয়ে এইসমূহ খাদ্য খাওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in