বেক্টেৰিয়া-ভেঁকুৰৰ ঘৰ নখ, অধ্যয়নত পোহৰলৈ আহিছে আচৰিত তথ্য

আমাৰ নখ বহু বেক্টেৰিয়া-ভেঁকুৰৰ বাসস্থান।এয়া পিছে আমি কোৱা কথা নহয়।শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য।এই গৱেষণাত প্ৰকাশ পোৱা মতে, নখৰ তলত ৩২ টা বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আৰু ২৮ প্ৰকাৰৰ ভেঁকুৰ পোৱা যায়। এই গৱেষণাটো শেহতীয়াকৈ আমেৰিকান পডিয়াট্ৰিক মেডিকেল এছ'চিয়েচনৰ জাৰ্নেলত প্ৰকাশ হৈছে।এই অধ্যয়নটোত হাতৰ নখৰ তলৰ পৰা নমুনা লৈ পৰীক্ষা কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
বেক্টেৰিয়া-ভেঁকুৰৰ ঘৰ নখ, অধ্যয়নত পোহৰলৈ আহিছে আচৰিত তথ্য

ডিজিটেল ডেস্ক: আমাৰ নখ বহু বেক্টেৰিয়া-ভেঁকুৰৰ বাসস্থান।এয়া পিছে আমি কোৱা কথা নহয়।শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য।এই গৱেষণাত প্ৰকাশ পোৱা মতে,  নখৰ তলত ৩২ টা বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আৰু ২৮ প্ৰকাৰৰ ভেঁকুৰ পোৱা যায়। এই গৱেষণাটো শেহতীয়াকৈ আমেৰিকান পডিয়াট্ৰিক মেডিকেল এছ'চিয়েচনৰ জাৰ্নেলত প্ৰকাশ হৈছে।এই অধ্যয়নটোত হাতৰ নখৰ তলৰ পৰা নমুনা লৈ পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত, ৫০% নমুনাত মাত্ৰ বেক্টেৰিয়া আছিল আৰু ৬.৩% ত মাত্ৰ ভেঁকুৰ ।আনহাতে, ৪৩.৭% ত বেক্টেৰিয়া আৰু ভেঁকুৰৰ এক মিশ্ৰণ গোট পোৱা গৈছিল। 

Advertisment

অৱশ্যে, অধ্যয়নটো পৰিচালনা কৰা বিশেষজ্ঞসকলৰ মতে নখৰ তলত পোৱা বেক্টেৰিয়া আৰু ভেঁকুৰ সাধাৰণতে ক্ষতিকাৰক নহয়। কিন্তু কিছুমান ক্ষেত্ৰত এই অণুজীৱবোৰে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক বা নখত কোনো আঘাত বা সংক্ৰমণ থকা লোকৰ শৰীৰত ভয়াৱহভাৱে সংক্ৰমণ বিয়পাব পাৰে।সেয়েহে সদায় নখ পৰিস্কাৰ কৰাৰ অভ্যাস আমি গঢ়ি তুলিব লাগে।

কিদৰে পৰিস্কাৰ কৰিব আপোনাৰ নখ-

- দিনত কমেও দুবাৰ চাবোন আৰু পানীৰে আপোনাৰ হাত আৰু নখ ধুব।

- নখৰ তলত জমা হোৱা লেতেৰা খিনি কোমল ব্ৰাছেৰে নিয়মীয়াকৈ পৰিস্কাৰ কৰিব।

- দীঘললৈ নখ নাৰাখিব। কিয়নো দীঘল নখত লেতেৰা আৰু বীজাণু অধিক সহজে জমা হয়।

- নখ কাটিবলৈ তীক্ষ্ণ ধাৰৰ সঁজুলি ব্যৱহাৰ কৰিব।

- নখত ৰং প্ৰয়োগ কৰাৰ আগতে আৰু পিছত নখবোৰ খুব ভালকৈ পৰিস্কাৰ কৰিব।

- যদি আপুনি ভেঁকুৰৰ সংক্ৰমণ, নখ ফুলা বা জ্বলা-পোৰা ৰ দৰে কিবা অনুভৱ কৰে,  পলম নকৰি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

Also Read: বহু ৰোগৰ লক্ষণ দেখা যায় নখত, সলনি কৰক খাদ্য তালিকা