আৰ জি কাৰ মেডিকেল কলেজৰ পিছত এইবাৰ শাৰিৰীক নিৰ্যাতনৰ বলি হ'ল আইনৰ ছাত্ৰী...

ধৃত অভিযুক্তৰ ভিতৰত আছে আইন মহাবিদ্যালয়খনৰ এজন প্ৰাক্তন আৰু দুজন বৰ্তমানৰ ছাত্ৰ। ২৫ জুনৰ নিশা ৭.৩০ বজাৰ পৰা ১০.৫০ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। ভুক্তভোগীৰ অভিযোগৰ পিছতে কাছবা আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new ap web 1  (2)

ডিজিটেল ডেস্কঃ ছাত্ৰীক সুৰক্ষা প্ৰদানত আকৌ এবাৰ বিফল হ'ল কলকাতা। ৰাজ্যখনৰ অন্তৰ্গত এখন কলেজ চৌহদত পুনৰ এগৰাকী ছাত্ৰীক দলবদ্ধভাৱে শাৰিৰীক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীৰ তথ্য অনুসৰি দক্ষিণ কলকাতাৰ কাছবাৰ এখন আইন মহাবিদ্যালয়ৰ ভিতৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Advertisment

আৰক্ষীয়ে জনোৱা মতে, ধৃত অভিযুক্তৰ ভিতৰত আছে আইন মহাবিদ্যালয়খনৰ এজন প্ৰাক্তন আৰু দুজন বৰ্তমানৰ ছাত্ৰ। ২৫ জুনৰ নিশা ৭.৩০ বজাৰ পৰা ১০.৫০ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। ভুক্তভোগীৰ অভিযোগৰ পিছতে কাছবা আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

প্ৰাপ্ত অনুসৰি অভিযুক্তৰ ভিতৰত আছে ৩১ বছৰীয়া মনোজিত মিশ্ৰ (মহাবিদ্যালয়খনৰ প্ৰাক্তন ইউনিয়ন সভাপতি), ১৯ বছৰীয়া জৈব আহমেদ আৰু প্ৰমিত মুখাৰ্জী (২০)। ২৬ জুনৰ সন্ধিয়া কলকাতাৰ তালবাগান ক্ৰছিঙৰ সমীপত মিশ্ৰ আৰু আহমেদক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে তিনিওজনৰে মোবাইল ফোন জব্দ কৰি ফৰেনছিকৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, মহাবিদ্যালয়খনৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। প্ৰাথমিক চিকিৎসা পৰীক্ষা সম্পন্ন কৰি কেইবাজনো সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। অভিযোগ অনুসৰি অপৰাধস্থলীকো ঘেৰাও কৰি ৰখা হৈছে আৰু ফৰেনছিক পৰীক্ষাৰ বাবে অপেক্ষা কৰি আছে।

বৃহস্পতিবাৰে আলিপুৰ আদালতত হাজিৰ কৰোৱা হয় তিনিওজন অভিযুক্তক। আৰক্ষীয়ে আদালতৰ পৰা ১৪ দিনৰ জিম্মা বিচাৰিছিল যদিও মঙলবাৰলৈকে আটাইকেইজন অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

উক্ত ঘটনা সংঘটিত হোৱা পাছতে পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি সুবেন্দু অধিকাৰীয়ে এই ঘটনাক লৈ মমতা চৰকাৰক তীব্ৰ লক্ষ্য কৰি লয়। সুবেন্দু অধিকাৰীয়ে ক’লে, ‘ইয়াৰ বাবে পুলিচ সম্পূৰ্ণ দায়ী! সমগ্ৰ কলকাতা আৰক্ষীক লৈ যোৱা হৈছে দিঘালৈ (ৰথ যাত্ৰাত)। তাত কলকাতা আৰক্ষীয়ে কি কৰি আছে? মুখ্যমন্ত্ৰীৰ চকীত থকাৰ কোনো অধিকাৰ নাই। আমি এই বিষয়টো উত্থাপন কৰিম।'

কলকাতা আৰ জি কৰ মেডিকেল কলেজ