আপোনাৰ সন্তানক দাইলৰ পানী খাবলৈ দিয়েনে ?

সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ বাবে মগু দাইল অতি উপকাৰী। ইয়াৰ কাৰণ হৈছে মগু দাইল হজম কৰিবলৈ সহজ আৰু ইয়াত কাৰ্বোহাইড্ৰেট, কেলচিয়াম, আঁহ, ফলিক আৰু প্ৰ'টিন আদি সকলো পুষ্টি থাকে।খিচিৰি, চুপ, দাইল পানী, দাইল পিছি বনোৱা পিঠা আদি বিভিন্ন ধৰণে আপুনি আপোনাৰ সন্তানক মগু দাইল খুৱাব পাৰে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ সন্তানক দাইলৰ পানী খাবলৈ দিয়েনে ?

ডিজিটেল ডেস্ক: সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ বাবে মগু দাইল অতি উপকাৰী। ইয়াৰ কাৰণ হৈছে মগু দাইল হজম কৰিবলৈ সহজ আৰু ইয়াত কাৰ্বোহাইড্ৰেট, কেলচিয়াম, আঁহ, ফলিক আৰু প্ৰ'টিন আদি সকলো পুষ্টি থাকে।খিচিৰি, চুপ, দাইল পানী, দাইল পিছি বনোৱা পিঠা আদি বিভিন্ন ধৰণে আপুনি আপোনাৰ সন্তানক মগু দাইল খুৱাব পাৰে।বিশেষকৈ এই দাইলৰ পানী শিশুৰ স্বাস্থ্যৰ বাবে এক প্ৰকাৰ আশীৰ্বাদ। শিশুৰ সুস্বাস্থ্যৰ বাবে দাইলৰ পানী কিদৰে তৈয়াৰ কৰিব লাগে আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

Advertisment

দাইলৰ পানী প্ৰস্তুত প্ৰণালী

১. প্ৰথমে মগু দাইলখিনি ভালদৰে ধুব।

২. ইয়াৰ পিছত দাইল, দুগিলাচ পানী,  এক চিমুটি হালধি, নিমখ আৰু অলপ ঘিউ কুকাৰত দি ৫ টা  হুইচেল মাৰিবলৈ দিব।

৩. দাইলখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত ছেকনীৰে ছেকী পানীখিনি পৃথক কৰিব।

৪. সন্তানক এই পানী চুপৰ দৰে খুৱাব।

দাইলৰ পানীৰ লাভালাভ

- সৰু ল'ৰা-ছোৱালীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল।সেয়েহে সিহঁত খুব সোনকালে অসুস্থ হৈ পৰে। দাইলৰ পানী খোৱাৰ ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ইয়াত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি সংক্ৰমণ আৰু ৰোগৰ আশংকা হ্ৰাস কৰে।

- দাইলৰ পানী খোৱাটোৱে শিশুৰ পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে। ইয়াত আঁহ থাকে।যাৰ ফলত শিশুৰ কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যা নহয়।

- দাইলৰ পানীত আইৰণ আৰু প্ৰ'টিনৰ দৰে বহুতো পুষ্টি পোৱা যায়। শিশুটোৱে ইয়াক গ্ৰহণ কৰি শক্তিশালী আৰু সক্ৰিয় হৈ থাকিব পাৰে।

- দাইলৰ পানীত ফোলেট, আইৰণ আৰু মেগনেছিয়াম পোৱা যায়। ই তেজ চাফা কৰি ৰাখে।

- দাইলৰ পানী খোৱাটোৱে শিশুৰ হাড় শক্তিশালী কৰে। ইয়াত যথেষ্ট পৰিমাণৰ প্ৰ'টিন, মেগনেছিয়াম, কেলচিয়াম থাকে। এই সকলোবোৰ পুষ্টি হাড় শক্তিশালী কৰাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

Also Read: আপোনাৰ সন্তানেও নিৰন্তনভাৱে কান্দি থাকে যদি এই কাম কৰক