আম খোৱাৰো আছে নিয়ম ! কেতিয়া, কেনেকৈ খাব ?

আম ফলৰ ৰজা। আম যিমানেই সুস্বাদু, সিমানেই স্বাস্থ্যৰ বাবেও উপকাৰী। সকলো বয়সৰ লোকৰেই আম প্ৰিয়। ইয়াত ভিটামিন চি আৰু ভিটামিন এৰ দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web ap 1

ডিজিটেল ডেস্ক: আম ফলৰ ৰজা। আম যিমানেই সুস্বাদু, সিমানেই স্বাস্থ্যৰ বাবেও উপকাৰী। সকলো বয়সৰ লোকৰেই আম প্ৰিয়। আমত ভিটামিন চি আৰু ভিটামিন এৰ দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক বহু ৰোগৰ পৰা বচাই ৰাখে।

Advertisment

তদুপৰি, আমে দৃষ্টিশক্তি বৃদ্ধি, ছাল খন সুস্থ কৰি ৰাখে। ইয়াত ফাইবাৰ, পটাছিয়াম আৰু বিটা-কেৰটিনৰ দৰে এন্টিঅক্সিডেন্টো থাকে। যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ, হজম উন্নত তথা বহু ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু, আম যদি কিছুমান বিশেষ খাদ্যৰ সৈতে খোৱা হয, তেতিয়া  আম বিহতকৈ কোনো গুণে কম নহয়। আজি এই বিষয়ে জানো আহক-

এই খাদ্যৰ সৈতে আম নাখাব

তিতা কেৰেলা

আয়ুৰ্বেদৰ মতে তিতা আৰু আম একেলগে খাব নালাগে। দুয়োটা একেলগে খালে বমি, শৌচ আৰু এচিডিটিৰ দৰে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

দৈ

বহুতে আমৰ লচ্চী বা শ্বেক খায়। কিন্তু দৈৰ সৈতে আম খোৱাটো স্বাস্থ্যৰ পক্ষে অতি অপকাৰী। এইদৰে আম খালে পেটৰ বিষ বা পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

টেঙা খাদ্য

টেঙাজাতীয় খাদ্য খোৱাৰ লগে লগে আম নাখাব। টেঙা খোৱাৰ পাছতে আম খালে পেটৰ বিষ আৰু এচিডিটি হয়।

শীতল পানীয়

আম খোৱাৰ লগে লগে শীতল পানীয় বা চ’ডা খোৱাটো ঠিক নহয়। দুয়োটাতে চেনিৰ পৰিমাণ বেছি। যাৰ বাবে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।

পানী

বহুতে ফল-মূল খোৱাৰ লগে লগে পানী খায়। কিন্তু এই অভ্যাসে হজম শক্তিৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত ডায়েৰিয়াৰ দৰে সমস্যাও হ’ব পাৰে। সেয়েহে, আমৰ লগতে আন ফল খোৱাৰ কমেও ৩০ মিনিটৰ পিছত পানী খাব লাগে।

আম খোৱাৰ সঠিক সময়, সঠিক উপায়

কেতিয়া খাব ?

ৰাতিপুৱা বা দুপৰীয়া

আম খোৱাৰ উত্তম সময় হ’ল ৰাতিপুৱা। ব্ৰেকফাষ্টৰ পিছত বা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ আগতে। এই সময়ত আপোনাৰ বিপাকীয় ক্ৰিয়া ভাল হয় আৰু শৰীৰে আম ভালদৰে হজম কৰিব পাৰে।

খালী পেটত নাখাব

বিশেষকৈ এচিডিটিৰ সমস্যা থাকিলে কেতিয়াও খালী পেটত আম নাখাব। ইয়াৰ ফলত পেটৰ বিষ হব পাৰে।

ৰাতি নাখাব

ৰাতি আম খোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াত অধিক পৰিমাণৰ চেনি আৰু কেলৰি থাকে। নিশা শুবলৈ যোৱাৰ আগে আগে আম খালে ওজন বাঢ়ে আৰু হজম শক্তিও বেয়া হয়।

আম কেনেকৈ খাব?

১) পকা আমখিনি ধুই পোনে পোনে খোৱাটোৱেই উত্তম উপায়। ইয়াৰ ফলত সম্পূৰ্ণ আঁহ আৰু পুষ্টিকৰ উপাদান পোৱা যায়।

২) ঠাণ্ডা কৰি খাওঁক, কিন্তু বেছি ঠাণ্ডা নহয়। বেছি ঠাণ্ডা আম খালে ডিঙিৰ বিষ হয়।

৩) আম খোৱাৰ পূৰ্বে অলপ সময় তিয়াই থ'ব লাগে। ইয়াৰ ফলত আমৰ গৰম প্ৰভাৱ কিছু কমি যায় আৰু হজম শক্তিও ভাল হয়।

বি.দ্ৰ: এই লেখা ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।