গ্ৰীৱাৰ কৰ্কট ৰোগ কি, ইয়াৰ লক্ষণবোৰৰ বিষয়ে আপুনিও জানি লওঁক

টেলিভিছনৰ অভিনেত্ৰী ডলী ছোহীৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।অদমনীয় অভিনয়েই হৈছে ডলীৰ পৰিচয়।কিন্তু অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰা এখন বিশেষ ফটোয়ে এতিয়া অনুৰাগীক চিন্তাত পেলাইছে। ফটোখনত দেখা গৈছে যে তেওঁৰ মূৰত এডালো চুলি নাই।

author-image
Asomiya Pratidin
New Update
গ্ৰীৱাৰ কৰ্কট ৰোগ কি, ইয়াৰ লক্ষণবোৰৰ বিষয়ে আপুনিও জানি লওঁক

ডিজিটেল ডেস্ক: টেলিভিছনৰ অভিনেত্ৰী ডলী ছোহীৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।অদমনীয় অভিনয়েই হৈছে ডলীৰ পৰিচয়।কিন্তু অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰা এখন বিশেষ ফটোয়ে এতিয়া অনুৰাগীক চিন্তাত পেলাইছে। ফটোখনত দেখা গৈছে যে তেওঁৰ মূৰত এডালো চুলি নাই।

Advertisment

কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে এই ৰূপত দেখা পোৱা গৈছে ডলী ছোহীক। হয়, ফটোখন দেখিলে এইটোও অনুমান কৰিব পাৰি যে তেওঁ শাৰিবৰীকভাৱেও দুৰ্বল হৈ পৰিছে। অভিনেত্ৰীগৰাকী গ্ৰীৱাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে।সম্প্ৰতি তেওঁ চিকিৎসাধীন অৱস্থাত আছে। 

গ্ৰীৱাৰ কৰ্কট ৰোগ কি?

গ্ৰীৱাৰ কৰ্কট ৰোগ তেতিয়া হয়, যেতিয়া এই কোষবোৰ গ্ৰীৱাৰ আৱৰণত অস্বাভাৱিকভাৱে বিকশিত হয়, যি ডিঙিত থাকে বা তলৰ জৰায়ুৰ ঠেক অংশত থাকে।কম বয়সতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিলে গ্ৰীৱাৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি হয়। 

গ্ৰীৱাৰ কৰ্কট ৰোগৰ লক্ষণ

.ঋতুস্ৰাৱত অত্যাধিক ৰক্তক্ষৰণ

.সহবাসৰ পিছত ৰক্তক্ষৰণ।

.ৰজোনিবৃত্তিৰ পাছত হোৱা ৰক্তক্ষৰণ।

.গোপন অঙ্গৰ পৰা ওলোৱা স্ৰাৱৰ তীব্ৰ গোন্ধ।

.গোপন অঙ্গত বিষ।

এই ৰোগৰ পৰা কিদৰে বাচি থাকিব

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গ্ৰীৱাৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ এইচপিভি বেজী লোৱা উচিত। ৯ৰ পৰা ২৬ বছৰ বয়সৰ ছোৱালী আৰু মহিলাৰ বাবে এই বেজী উপলব্ধ। অৱশ্যে, বেজী লোৱাৰ পিছতো নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন।

বি.দ্ৰ. যদি আপুনি ওপৰত উল্লেখিত লক্ষণবোৰ আপোনাৰ শৰীৰত দেখা পায়, লগে লগে  চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। যদি ই প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে, তেনেহ'লে ইয়াৰ চিকিৎসা সম্ভৱ।

Also Read: বহু বিপদজনক ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে এই পানীয়ে