গৰমৰ বাবে হ’ব পাৰে ডায়েৰিয়া, পাচন তন্ত্ৰৰ ক্ষতি

শিশুসকলক শীতকালত শৰীৰটো গৰম কৰি ৰাখিবলৈ খাদ্যৰ বিশেষ যত্ন লোৱা হয়।কিন্তু গ্ৰীষ্ম কাল অহাৰ লগে লগে এই খাদ্যবোৰ শিশুসকলক খোৱাটো বন্ধ কৰি দিয়াটো দৰকাৰী।গ্ৰীষ্ম কালত শিশুক কি কিখাদ্যৰ পৰা দূৰত ৰাখিব লাগে, সেই সম্পৰ্কে আজি জানো আহক

author-image
Asomiya Pratidin
New Update
গৰমৰ বাবে হ’ব পাৰে ডায়েৰিয়া, পাচন তন্ত্ৰৰ ক্ষতি

গৰমৰ বাবে হ’ব পাৰে ডায়েৰিয়া, পাচন তন্ত্ৰৰ ক্ষতি

ডিজিটেল ডেস্ক: বতৰৰ পৰিৱৰ্তনৰ বাবে ডাঙৰ-সৰু সকলোয়েই অসুস্থ হৈ পৰে।বিশেষকৈ গৰমৰ দিনকেইটাই শিশুৰ স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰে।সেয়েহে পৰিৱৰ্তনশীল বতৰৰ সৈতে আমি শিশুৰ আহাৰতো কেতবোৰ পৰিৱৰ্তন কৰাটো জৰুৰী।শিশুসকলক শীতকালত শৰীৰটো গৰম কৰি ৰাখিবলৈ খাদ্যৰ বিশেষ যত্ন লোৱা হয়।কিন্তু গ্ৰীষ্ম কাল অহাৰ লগে লগে এই খাদ্যবোৰ শিশুসকলক খোৱাটো বন্ধ কৰি দিয়াটো দৰকাৰী।গ্ৰীষ্ম কালত শিশুক কি কিখাদ্যৰ পৰা দূৰত ৰাখিব লাগে, সেই সম্পৰ্কে আজি জানো আহক-

Advertisment

কণী

কণীয়ে শৰীৰ গৰম কৰি ৰাখে।যাৰ বাবে গ্ৰীষ্মকালত কণী খোৱাটো যিমান পাৰে হ্ৰাস কৰিব লাগে। কণীক শিশুৰ খাদ্য তালিকাৰ পৰা সম্পূৰ্ণৰুপে বাদ দিব নোৱাৰি।সেয়েহে নিয়মীয়াকৈ শিশুক কণী খুওৱাটো আপুনি পৰিহাৰ কৰিব পাৰে।

মুৰ্গীৰ মাংস

কণীৰ দৰেই গ্ৰীষ্ম কালত মুৰ্গীৰ মাংস খোৱাটোও শিশুৰ স্বাস্থ্যৰ পক্ষে উচিত নহয়। ই পাচন তন্ত্ৰক প্ৰভাৱিত কৰে। যাৰ ফলত শিশুটো ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হয়। আনহাতে, মুৰ্গীৰ মাংস বেছিকৈ খালে শৰীৰৰ পৰা অধিক ঘাম ওলায় আৰু শৰীৰ গৰমৰ প্ৰতি সংবেদনশীল হৈ পৰে।

মাছ

গ্ৰীষ্মকালত সামুদ্ৰিক খাদ্য খোৱাটোও শিশুসকলৰ বাবে উচিত নহয়। অধিক মাছ খালে শৰীৰটো গৰম হৈ পৰে।অৱশ্যে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাছ আৰু অন্যান্য সামুদ্ৰিক খাদ্য কিছু পৰিমাণে তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি।

মিঠাই 

অত্যাধিক মিঠা খাদ্যই গ্ৰীষ্মকালত শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। শীতকালত শিশুসকলক প্ৰায়ে মিঠা খাদ্য খাবলৈ দিয়া হয়, কিন্তু গ্ৰীষ্মকালত ই ভাল বিকল্প নহয়। ইয়াৰ বাহিৰেও এইকেইটা দিনত যিমান সম্ভৱ বাহিৰৰ খাদ্য তথা পেকেট-টেমাৰ খাদ্য খুৱাব নালাগে।

শিশুৰ খাদ্যত এইসমূহ অন্তৰ্ভুক্ত কৰক

এই ঋতুত যিমান সম্ভৱ শিশুৰ আহাৰত ফল আৰু পাচলি অন্তৰ্ভুক্ত কৰক। ইয়াৰ বাহিৰেও, ফলৰ ৰস, গাখীৰৰ সামগ্ৰী যেনে বাটাৰমিল্ক আৰু দৈ আদি খুৱাব। লগতে শিশুটোক ঘনাই পানী খাবলৈ দিব।

Also Read: খাওঁ বুলিলেই শিশুক জাংক ফুড খাবলৈ নিদিব