আকৌ আহিছে কৰোনা ভাইৰাছ, চৰ্দি-কাহক উপেক্ষা নকৰিব

পুনৰ কৰোনাৰ সন্ত্ৰাস আৰম্ভ হোৱাত স্বাস্থ্য মন্ত্ৰনালয়ে সকলোকে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে।

author-image
Asomiya Pratidin
New Update
আকৌ আহিছে কৰোনা ভাইৰাছ, চৰ্দি-কাহক উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: আকৌ আতংক সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে কৰোনা মহামাৰীয়ে।দেশত কৰোনা আক্ৰান্তৰ বৰ্ধিত সংখ্যাই সকলোকে আকৌ চিন্তিত কৰি তুলিছে।শেহতীয়াকৈ কৰোনাৰ চিকাৰ হৈছে শিশুসকল।ছত্তীশগড়ৰ বিজাপুৰৰ দুটা শিশু আশ্ৰমত কৰোনা ভাইৰাছত ১৮টা শিশু আক্ৰান্ত হৈছে।পুনৰ কৰোনাৰ সন্ত্ৰাস আৰম্ভ হোৱাত স্বাস্থ্য মন্ত্ৰনালয়ে সকলোকে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে। 

Advertisment

কৰোনাত আক্ৰান্ত হোৱা ছত্তীশগড়ৰ শিশু আশ্ৰমৰ এই শিশুসকলক সম্প্ৰতি চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে যদিও তেওঁলোক সংকটমুক্ত নহয়।জিলা প্ৰশাসনে 'ফ্লু' লক্ষণ থকা লোকসকলক মাস্ক পিন্ধিবলৈ আৰু ৰাজহুৱা স্থানলৈ যোৱা পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্য মন্ত্ৰনালয়ৰ মতে, অনাগত দিনবোৰত কৰোনাত আক্ৰান্তৰ ঘটনা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

এইসমূহত গুৰুত্ব দিব

-যিসকল লোক অসুস্থ বা যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকে ঘৰৰ বাহিৰ নোলোৱাটোয়েই উত্তম।

- শিশুসকলক যিমান পাৰে কমকৈ বাহিৰলৈ ওলাই যাবলৈ দিয়ক আৰু সংক্ৰমিত ব্যক্তিৰ ওচৰলৈ একেবাৰেই যাবলৈ নাযাব।

- শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ খোৱা-বোৱাত যত্ন ল'ব। 

- ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিব।

এই ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা নিজকে সুৰক্ষিত ৰাখক 

হালধি আৰু জালুক 

হালধিত থকা কাৰকিউমিন পদাৰ্থই ভাইৰেল ৰোগ দূৰ কৰে। ১ চাহ চামুচ হালধিত ৭-৮টা জালুকৰ গুৰি আৰু কমলা ৰস মিহলি কৰক।এই মিশ্ৰণ মিহলি কৰি পানীৰ সৈতে খালে ভাইৰেল ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয়। 

ফল আৰু পাচলি

ফল আৰু পাচলিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাৰ লগতে কাহ, চৰ্দিৰ দৰে সমস্যাৰ পৰা সুৰক্ষা দিয়ে। কমলা, নেমু আদি খোৱাটোও অত্যন্ত উপকাৰী। 

নেমু পানী

এক শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে শৰীৰত ভিটামিন চি থকাটো খুবেই প্ৰয়োজনীয় আৰু ইয়াৰ অভাৱ নেমুৰ দ্বাৰা দূৰ কৰিব পাৰি। ভিটামিন চি থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয় আৰু আপুনি সুস্থ হৈ থাকিব পাৰে।

তুলসী 

তুলসীক এক অতি শক্তিশালী ভেষজ বুলি গণ্য কৰা হয়। চৰ্দি, কাহ, জ্বৰ হ্ৰাস কৰিবলৈ মৌ, আদা আৰু তুলসী সাধাৰণ পানীত উতলাই সেই পানী খাওঁক। ই ডিঙিৰ সংক্ৰমণ নাইকিয়া কৰাৰ লগতে কাহৰ পৰাও আপোনাক সকাহ দিব।

Also Read: ত্ৰিছ বছৰৰ পিছত মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়