
ডিজিটেল ডেস্ক: গাখীৰৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে সকলো জ্ঞাত।গাখীৰত প্ৰ'টিন, কেলচিয়াম, ভিটামিন-ডি, পটাছিয়ামকে ধৰি বহু পুষ্টিকৰ উপাদান থাকে।সেয়েহে গাখীৰক ছুপাৰফুড বুলি কোৱা হয়। প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে গাখীৰ অতি উপকাৰী।আমি দীৰ্ঘদিনলৈ স্বাস্থ্যৱান হৈ থাকিবৰ বাবে দৈনিক গৰম গাখীৰ খোৱা উচিত। কিন্তু গাখীৰৰ সৈতে কিছুমান খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক।গাখীৰৰ সৈতে সেইসমূহ খাদ্য খালে শৰীৰত বিহৰ কাম কৰে।গাখীৰৰ সৈতে খাব নালাগে, আজি সেই বিষয়ে জানো আহক-
মাছ আৰু গাখীৰ একেলগে নাখাব
শৰীৰত গাখীৰৰ প্ৰভাৱ ঠাণ্ডা আৰু মাছৰ প্ৰভাৱ গৰম হয়। যেতিয়া আপুনি এই খাদ্য একেলগে খায়, ই আপোনাক বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। মাছৰ উপৰিও আন আমিষ খাদ্যও গাখীৰৰ সৈতে খাব নালাগে। ইয়াৰ ফলত হজমৰ সমস্যা হ'ব পাৰে।
কল আৰু গাখীৰ
আপুনি হয়তো নিশ্চয় শুনিছে যে গাখীৰ আৰু কল একেলগে খালে শৰীৰে শক্তি লাভ কৰে।কিন্তু ইয়াক হজম হ'বলৈ যথেষ্ট সময় লাগে। যিসকলৰ হজমৰ সমস্যা আছে, তেওঁলোকৰ বাবে কল আৰু গাখীৰ একেলগে খোৱাৰ পৰিণতি খুবেই ভয়াৱহ হ'ব পাৰে।
গাখীৰেৰে টেঙা বস্তু নাখাব
কেতিয়াও গাখীৰৰ সৈতে মিহলি কৰা টেঙা বস্তু নাখাব। আনকি গাখীৰ থকা ভিটামিন-চি সমৃদ্ধ ফলবোৰো পৰিহাৰ কৰিব লাগে, কিয়নো যদি আপুনি গাখীৰৰ সৈতে নেমুজাতীয় ফল খায়, তেনেহ'লে আপোনাৰ গেছ আৰু বুকু জ্বলাৰ সমস্যাৰ লগতে চৰ্দি, ছালৰ দাগ আৰু এলাৰ্জিও হ'ব পাৰে।