হতাশাগ্ৰস্তই পৰিহাৰ কৰক এইবোৰ খাদ্য

হতাশা, হতাশা বা উদ্বেগ হৈছে মানসিক ক্লান্তি। যি কোনো আকাংক্ষা পূৰণ নহ'লে বা কোনো কামৰ আকাংক্ষিত ফলাফল প্ৰাপ্ত নহ'লে হতাশাৰ উদ্ভৱ হয়।

author-image
Asomiya Pratidin
New Update
হতাশাগ্ৰস্তই পৰিহাৰ কৰক এইবোৰ খাদ্য

ডিজিটেল ডেস্ক: হতাশা, হতাশা বা উদ্বেগ হৈছে মানসিক ক্লান্তি। যি কোনো আকাংক্ষা পূৰণ নহ'লে বা কোনো কামৰ আকাংক্ষিত ফলাফল প্ৰাপ্ত নহ'লে হতাশাৰ উদ্ভৱ হয়। ফলত যথেষ্ট মানসিক কষ্টত ভূগিবলগীয়া হয়।খিংখিঙীয়া, উদাসীনতা, কথা পাতিবলৈ মন নোযোৱা, কোনো কাম কৰিবলৈ মন যোৱা আদিবোৰ হতাশাৰ লক্ষণ।সম্প্ৰতি আমাৰ সমাজত হতাশাগ্ৰস্ত লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।যদি আপুনি উদ্বেগ বা হতাশাত ভূগি আছে, তেনেহ'লে আপুনি পৰিহাৰ কৰিবলগীয়া খাদ্যবোৰ হৈছে-

Advertisment

ফলৰ ৰস

প্ৰকৃততে ফলৰ ৰসতকৈ সম্পূৰ্ণ ফলটোহে আমাৰ শৰীৰৰ বাবে উপকাৰী।ফলত থকা আঁহে শৰীৰৰ লাগতীয়াল পুষ্টি প্ৰদান কৰে।কিন্তু আঁহ অবিহনে আপুনি খোৱা ফলৰ ৰসত যথেষ্ট পৰিমানে মিঠা থাকে।ফলৰ ৰসে আপোনাক আৰু অধিক ভোকাতুৰ আৰু খঙাল কৰি তুলিব পাৰে।খঙে উদ্বেগ আৰু হতাশা দুগুণে বৃদ্ধি কৰে।সেয়ে ফল সদায় সম্পূৰ্ণকৈ খাব আৰু পিয়াহ লাগিলে ফলৰ ৰস কেতিয়াও নাখাব, পানী খাব। 

ডায়েট ছ’ডা

ডায়েট ছ'ডাত চেনী নাই বুলিয়েই আপুনি ইয়াক আপোনাৰ পছন্দ পানীয়ৰ তালিকাত অন্তৰ্ভূক্ত কৰে, নহয়নে? কিন্তু প্ৰকৃততে ডায়েট ছডাই হতাশা বৃদ্ধিত সহায় কৰে।ইয়াত কেফেইন থাকে।অত্যাধিন কেফেইন শৰীৰলৈ গলে ই উদ্বেগ বৃদ্ধি কৰে।

ট’ষ্ট

নি:সন্দেহে আমাৰ সকলোৰে প্ৰিয় ব্ৰেড ট’ষ্ট।ব্ৰেডত ময়দা থাকে,যি স্বাস্থ্য পক্ষে একেবাৰে অপকাৰী।বেছি ভোকত থাকিলে কেতিয়াও খালী পেটত ট’ষ্ট খাব নালাগে।হতাশা বৃদ্ধিত ট’ষ্টয়েও এক গুৰুতৰ ভূমিকা গ্ৰহণ কৰে।

কেটচাপ

সন্ধিয়া একাপ চাপ আৰু চাহৰ লগত থকা মুখৰোচক খাদ্যৰ সৈতে কেটচাপ বা টমেট চচ খোৱাটো আমাৰ বহুতৰে অভ্যাস।কিন্তু ইয়াত যথেষ্ট পৰিমানে চেনী থাকে। জুখিবলৈ গ’লে প্ৰতি টেবল চামুচ কেটচাপত চাৰি গ্ৰাম চেনী থাকে।কৃত্ৰিম মিঠায়ে উদ্বেগ আৰু হতাশা যথেষ্ট পৰিমানে বৃদ্ধি কৰে। 

কফি

কফিয়েও আপোনাক বিচলিত আৰু উদ্বিগ্ন কৰি তুলিব পাৰে। কফিত থকা কেফেইনে আপোনাৰ টোপনিও খেলিমেলি কৰিব পাৰে।যদি আপুনি কফিৰ প্ৰতি আসক্ত, তেন্তে হতাশাত ভোগাৰ আগতেই লাহে লাহে কফি ত্যাগ কৰক।

এনাৰ্জি ড্ৰিংকছ

আজিকালি এনাৰ্জী ড্ৰিংকছ সেৱন কৰোটো এক প্ৰকাৰ ফেশ্বন হৈ পৰিছে।এনাৰ্জী ড্ৰিংকছ সেৱনৰ ফলত হৃদযন্ত্ৰৰ অসুখ, উদ্বেগ আৰু টোপনিৰ সমস্যা হ'ব পাৰে। এই পানীয়বোৰত কেফেইনৰ লগতে যথেষ্ট পৰিমাণৰ চেনী বা কৃত্ৰিম মিঠা থাকে।সেয়েহে পিয়াহ লাগিলে এনাৰ্জী ড্ৰিংকছৰ সলনি পানী খোৱা অভ্যাস কৰক।

সুৰা

অলপ সুৰা সেৱন কৰিলেই আমাৰ টোপনিৰ খেলিমেলি হ’ব পাৰে। পৰ্যাপ্ত বিশ্ৰামে উদ্বেগ বৃদ্ধি কৰিব নোৱাৰে।সাধাৰণতে হতাশাত ভোগা লোকসকলে হতাশা দূৰ কৰিবলৈ সুৰা বেছিকৈ সেৱন কৰা দেখা যায়।কিন্তু প্ৰকৃততে সুৰাই হতাশা দুগুণেহে বৃদ্ধি কৰে।   

ছ’য়া চচ

খাদ্যৰ জুতি বঢ়াবলৈ আমি খাদ্যত ছ’য়া চচ ব্যৱহাৰ কৰো। বিশেষকৈ ব্ৰেড, নুডলচ আৰু পেষ্ট্ৰীৰ উপৰিও বিভিন্ন পেকেটত থকা খাদ্যত চ’য়া চচ ব্যৱহাৰ কৰা হয়। ই উদ্বেগ বা হতাশাৰ সৃষ্টি কৰিব পাৰে।সেয়ে বাহিৰত খাদ্য খাওঁতে আপুনি সাৱধান হওঁক।

সংসাধিত খাদ্য (প্ৰচেছড ফুড)

যদি আপুনি যথেষ্ট পৰিমাণে প্ৰচেছড ফুড যেনে মাংস, ভজা খাদ্য, পৰিশোধিত খাদ্যশস্য, কেণ্ডি, পেষ্ট্ৰী আৰু উচ্চ চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী খায়, আপুনি উদ্বিগ্ন আৰু হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনা অধিক। সেয়েহে এইবোৰ বাদ দি সম্পূৰ্ণ আঁহ সমৃদ্ধ শস্য, ফল, পাচলি আৰু মাছৰে পৰিপূৰ্ণ আহাৰ আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰক।

ড’নাট

ড’নাট খাই বেয়া পোৱা লোক ছাগৈ পৃথিৱীত খুব কমহে ওলাব। কিন্তু ড’নাটত সকলো হানিকাৰক চৰ্বি, বৰফ,বগা ময়দা থাকে, যি আপোনাৰ স্বাস্থ্য তথা হতাশাগ্ৰস্ততাৰ বাবে একেবাৰে অনুপযোগী।