আপুনিও ঘন্টাৰ পিছত ঘণ্টা বহি একেৰাহে কাম কৰে নেকি ?

কতৰ্ব্যৰ খাতিৰত আজিকালি অধিকাংশ লোকেই ঘণ্টা-ঘণ্টাজুৰি একে ঠাইতে বহি থাকিবলগীয়া হয়।বহু সময় একেলেথাৰিৰে বহি থকাৰ ফলত গম নোপোৱাকৈয়ে আমি বহু গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰো।

author-image
Asomiya Pratidin
New Update
আপুনিও ঘন্টাৰ পিছত ঘণ্টা বহি একেৰাহে কাম কৰে নেকি ?

dead-butt-syndrome

ডিজিটেল ডেস্ক: কতৰ্ব্যৰ খাতিৰত আজিকালি অধিকাংশ লোকেই ঘণ্টা ঘণ্টাজুৰি একে ঠাইতে বহি থাকিবলগীয়া হয়।বহু সময় একেলেথাৰিৰে বহি থকাৰ ফলত আমি গম নোপোৱাকৈয়ে বহু গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।হয়, অফিচ-কাছাৰীত এইদৰে বহি থকাৰ অভ্যাসৰ ফলত আপোনাৰ কঁকাল জঠৰ, ভৰি আৰু আঁঠুত অত্যন্ত বিষ হ'ব পাৰে। এই স্বাস্থ্য সমস্যাক 'ডেড বাট ছিণ্ড্ৰম' বুলি কোৱা হয়। আজি এই গুৰুতৰ সমস্যাৰ বিষয়ে জানো আহক-

Advertisment

'ডেড বাট ছিণ্ড্ৰম' কি?

'ডেড বাট ছিণ্ড্ৰম', যাক গ্লুটিয়েল এমনেছিয়া বুলিও কোৱা হয়। ই হৈছে এনে এক স্থিতি য'ত কঁকাল আৰু ভৰিত দুৰ্বলতা আৰু বিষ অনুভৱ হয়।তল পিঠি আৰু কঁকালৰ বিষ এই সমস্যাৰ  প্ৰাৰম্ভিক লক্ষণ। সময় বাগৰাৰ লগে লগে এই সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। ইয়াৰ ফলত আপুনি খোজ কাঢ়িব আৰু থিয় দিব নোৱাৰো হৈ পৰিব পাৰে।

'ডেড বাট ছিণ্ড্ৰম'ৰ কাৰণ 

এই ৰোগৰ মুখ্য কাৰণ হৈছে দীৰ্ঘ সময় ধৰি একে স্থিতিতে বহি থকা। চকী এখনত বহি ৭-৮ ঘণ্টা কাৰ্যালয়ত কাম কৰা অথবা বিৰতি নোহোৱাকৈ দীঘলীয়া সময় গাড়ী চলোৱাটোৱে এই সমস্যাটো বৃদ্ধি কৰিব পাৰে। কোভিডৰ সময়ত, যেতিয়া ঘৰৰ পৰা কাৰ্যালয়ৰ কাম কৰাৰ সংস্কৃতি (ৱৰ্ক ফৰ্ম হম) বৃদ্ধি পাইছিল, তেতিয়াৰে পৰা এই স্বাস্থ্য সমস্যা তুলনামূলকভাৱে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিলে।নিৰন্তৰ বহি থাকিলে ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়। যাৰ ফলত কঁকাল ফুলা আৰু বিষ হয়। 

'ডেড বাট ছিণ্ড্ৰম'ৰ লক্ষণ

-পিঠি আৰু আঁঠুৰ বিষ

-গোৰোহাৰ বিষ 

-কঁকাল বিষ

-তলৰ কঁকালত জিনজিননি

-কঁকালৰ চাৰিওফালে জঠৰ অনুভৱ কৰা বা জ্বলা-পোৰা আৰু বিষ

'ডেড বাট ছিণ্ড্ৰম'ৰ পৰা বাচি থকাৰ উপায়

১) দৈনিক ব্যায়াম কৰক: নিয়মীয়া ব্যায়াম কৰিলে পেশীবোৰ শক্তিশালী হৈ থাকে।

২) একেৰাহে বহি থকা পৰিহাৰ কৰক: দীঘলীয়া সময়ৰ বাবে এটা ঠাইত বহি নাথাকিব, মাজে-মাজে উঠি খোজ কাঢ়িব।

৩) বহাৰ সঠিক ভংগী: সদায় চকীত সঠিকভাৱে বহিব।বেঁকা-বেঁকি হৈ নবহিব।

৪) খেলত অংশগ্ৰহণ: টেনিছ বা বাস্কেটবলৰ দৰে ক্ৰীড়াত অংশগ্ৰহণ কৰিব, যিয়ে শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰি যি কোনো ৰোগৰ পৰা আপোনাৰ বচাই ৰাখিব পাৰে।

Also Read: জৰীপত পোহৰলৈ আহিছে আচৰিত তথ্য