চাইকেল চলাই আপুনি প্ৰতিৰোধ কৰিব পাৰে বহু গুৰুতৰ স্বাস্থ্য সমস্যা

চাইকেল চলাই আপুনি প্ৰতিৰোধ কৰিব পাৰে বহু গুৰুতৰ স্বাস্থ্য সমস্যা

ডিজিটেল ডেস্ক: আগতে চাইকেল প্ৰতিখন ঘৰৰে এক অবিচ্ছেদ্য অংগ আছিল।কিন্তু গাড়ীৰ প্ৰয়োভৰত এতিয়া চাইকেল লোপ পোৱাৰ দৰেই হ’ল।কিন্তু আপুনি জানি আচৰিত হ’ব যে চাইকেল আমাৰ শৰীৰৰ বাবে ঔষধ স্বৰূপ।হয়, যদি আপুনি সদায় সুস্থ হৈ থাকিবলৈ বিচাৰে, তেনেহ'লে দৈনিক চাইকেল চলাওঁক।এই পৰামৰ্শ চিকিৎসকৰ।চিকিৎসকৰ মতে, চাইকেল চলাই আমি ওজন তথা কলেষ্টেৰল হ্ৰাস কৰা, হাড় শক্তিশালী কৰাৰ লগতে বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰো। কেৱল এয়াই নহয়, চাইকেলে শাৰীৰিক আৰু মানসিকভাৱে এক স্বাস্থ্যকৰ জীৱন প্ৰদান কৰাত সহায় কৰিব পাৰে। চাইকেল চলোৱাৰ উপকাৰিতা লগতে চাইকেল চলাওঁতে লবলগীয়া সাৱধানতাসমূহৰ বিষয়ে আজি জানো আহক-

চাইকেল চলোৱাৰ লাভালাভ 

১. ওজন হ্ৰাসত সহায়ক

আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ চিকাৰ হৈছে। ওজন বৃদ্ধিৰ সমস্যা পোৱাৰ ফলত আমাৰ শৰীৰত বহু ৰোগে দেখা দিয়ে।এই সমূহৰ সমস্যাৰ পৰা বাচি থাকিবলৈ আপুনি চাইকেল চলাব পাৰে। চাইকেল চলোৱাৰ সময়ত আমাৰ শৰীৰে কেলৰি দহন কৰে। যাৰ ফলত শৰীৰে অতিৰিক্ত চৰ্বি জমা কৰিব নোৱাৰে আৰু ওজন বৃদ্ধিৰ সমস্যা হ্ৰাস হয়।

২. গাঁঠিৰ বাবে লাভজনক

গধুৰ ব্যায়াম কৰিলে আমাৰ গাঁঠিৰ ওপৰত যথেষ্ট চাপ পৰে। ইয়াৰ ফলত আঁঠুত আঘাত পোৱাৰ আশংকা থাকে। কিন্তু চাইকেল চলাওঁতে আপোনাৰ আঁঠুৰ ওপৰত চাপ নপৰে।চাইকেল চলোৱাৰ ফলত আমাৰ গাঁঠিবোৰ শক্তিশালীহে হয়। 

৩. নতুনকৈ ব্যায়াম আৰম্ভ কৰাৰ সকলৰ বাবে 

যদি আপুনি নতুনকৈ ফিটনেছৰ যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰে বা যিকোনো আঘাত বা ৰোগৰ পৰা আৰোগ্য হৈছে, আপুনি লাহে লাহে চাইকেল চলাব পাৰে। 

৪. কলেষ্টেৰল হ্ৰাসতো সহায়ক

চাইকেল চলোৱাটোৱে কলেষ্টেৰলৰ স্তৰ উন্নত কৰে। যিয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে।হৃদযন্ত্ৰ ভালে থাকিলে ষ্ট্ৰটক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস হয়।

৫. মানসিক স্বাস্থ্য উন্নত

প্ৰতিদিনে কিছু সময়ৰ বাবে চাইকেল চলোৱাটোৱে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে। চাইকেল চলোৱাটোৱে মনক শিথিল কৰে আৰু চাপ, উদ্বেগৰ দৰে সমস্যা হ্ৰাস কৰে। প্ৰকৃততে, চাইকেল চলোৱা হৈছে এক প্ৰকাৰৰ ব্যায়াম, যাৰ ফলত মস্তিষ্কই সুখী হৰমন মুকলি কৰে। ই চাপ হ্ৰাস কৰি মনোভাৱ উন্নত কৰে।

৬. দিব পাৰে ইতিবাচক আৰম্ভণি

চাইকেল চলোৱাৰ দৰে স্বাস্থ্যকৰ কাৰ্যকলাপেৰে আপোনাৰ দিনটো আৰম্ভ কৰিলে আপুনি নিজকে সুখী আৰু ফিট কৰি ৰাখিব পাৰে। কেৱল এয়াই নহয়, ই আপোনাৰ গোটেই দিনটো অতি ভাল কৰিব পাৰে। 

৭. চাইকেল পৰিৱেশ অনুকূল

চাইকেল পৰিৱেশ অনুকুল, যি কোনা ধৰণৰ প্ৰদূষণৰ কাৰক নহয়।সেয়েহে, গাড়ী-মটৰ বাদ দি চাইকেল চলাই আপুনি পৰিৱেশ ৰক্ষাতো অৱদান আগবঢ়াব পাৰে।

৮. হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে

চাইকেল চলোৱাৰ ফলত কাৰ্ডিওভাস্কুলাৰ কাৰ্যক্ষমতা উন্নত হয় আৰু ই হৈছে আপোনাৰ সামগ্ৰিক ফিটনেছ স্তৰ বৃদ্ধি কৰাৰ এক উৎকৃষ্ট উপায়। ২০১৯ ৰ এক সমীক্ষাৰ ফলাফলত ইতিমধ্যে প্ৰমাণ হৈছে যে চাইকেল চলোৱাটোয়ে হৃদৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

চাইকেল চলোৱা সময়ত এই সুৰক্ষাৰ দিশসমূহত গুৰুত্ব দিব-

- সদায়ে যান-বাহনৰ নিয়ম অনুসৰণ কৰিব। চাৰিআলি আৰু ব্যস্ত স্থানৰ মাজেৰে যাওঁতে সাৱধানতা অৱলম্বন কৰিব। 

- আপোনাৰ চাইকেলৰ চেইনত যাতে কাপোৰ লাগি নধৰে, সেই বিষয়ত সতৰ্ক হ'ব।চাইকেল চলাওঁতে ঢিলা কাপোৰ নিপিন্ধিব। 

- বেয়া বতৰত চাইকেল চলাওঁতেও সাবধানতা অৱলম্বন কৰিব।

- যদি শৰীৰত আঘাত, ভাগৰ বা পেশীৰ বিষ থাকে, তেনেহ'লে চাইকেল নচলাব।

চাইকেল চলাই আপুনি প্ৰতিৰোধ কৰিব পাৰে বহু গুৰুতৰ স্বাস্থ্য সমস্যা
ক'লা আঙুৰৰ চমৎকাৰী স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in