বহু গুৰুতৰ শাৰিৰীক সমস্যাৰ সমাধান দিয়ে ধনিয়া পাতে

ভাৰতীয় লোকৰ পাকঘৰত ধনিয়াৰ এক বিশেষ আদৰ আছে। সোৱাদ বঢ়োৱাৰ পৰা খাদ্য পৰিবেশনৰ সময়ত অধিক আকৰ্ষণীয় দেখিবলৈ খাদ্যবিধ সজাই-পৰাই তোলালৈকে ধনিয়াই বিশেষ ভূমিকা পালন কৰে।

author-image
Asomiya Pratidin
New Update
বহু গুৰুতৰ শাৰিৰীক সমস্যাৰ সমাধান দিয়ে ধনিয়া পাতে

ডিজিটেল ডেস্ক: ভাৰতীয় লোকৰ পাকঘৰত ধনিয়াৰ এক বিশেষ আদৰ আছে। সোৱাদ বঢ়োৱাৰ পৰা খাদ্য পৰিবেশনৰ সময়ত দেখাত অধিক আকৰ্ষণীয় হ'বলৈ খাদ্যবিধ সজাই-পৰাই তোলালৈকে ধনিয়াই বিশেষ ভূমিকা পালন কৰে। ধনিয়া আমাৰ স্বাস্থ্য পক্ষেও খুব উপকাৰী। ইয়াত থকা খনিজ আৰু ভিটামিনে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। বনৌষধি তৈয়াৰ কৰাতো ধনিয়া ব্যৱহাৰ কৰা হয়। আজি ধনিয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

পাচন তন্ত্ৰ শক্তিশালী কৰে

ধনিয়াই আমাক গেছৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে পাচন তন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি ২ কাপ পানীত কেইটামান ধনিয়া পাত, এক চামুচ জিৰা গুটি, চাহ পাত আৰু ছ’ফ দি ২-৩ মিনিটৰ বাবে পানীখিনি উতলাই ঠাণ্ডা হোৱাৰ পাছত খাব।

চকুৰ জ্বলা-পোৰাৰ পৰা সকাহ দিয়ে

ধনিয়া খোৱাৰ ফলত চকুৰ জ্বলা-পোৰাও আঁতৰ হয়। ইয়াৰ বাবে আপুনি ছ’ফ, চেনী কেণ্ডি আৰু ধনিয়া গুটি সমান পৰিমাণে গুৰি কৰক। প্ৰতিদিনে আহাৰৰ খোৱাৰ পিছত এই পাউডাৰ ৬ গ্ৰামকৈ খাব। এনেদৰে কেইদিনমান খোৱাৰ পিছতেই আপুনি চকু বা হাত-ভৰি জ্বলা-পোৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

নাকৰ ৰক্তক্ষৰণত সকাহ

নাকৰ ৰক্তক্ষৰণৰ পৰা সকাহ পাবলৈ আপুনি ধনিয়া ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে আপুনি ২০ গ্ৰাম সেউজীয়া ধনিয়া পাত আৰু এক চিমুটি কাম্ফোৰ গুৰি কৰি ৰসখিনি ফিল্টাৰ কৰিব। নাকৰ ৰক্তক্ষৰণ হ'লে দুয়োটা ছিদ্ৰত দুটোপাল ৰস দি দিব। এনে কৰাৰ ফলত নাকৰ পৰা ওলোৱা তেজ তৎক্ষণাৎ বন্ধ হ’ব।

ডায়েবেটিচ ৰোগীৰ বাবে

ধনিয়াৰ ব্যৱহাৰ ছালৰ বাবেও যথেষ্ট কাৰ্যকৰী। ধনিয়া খোৱাৰ ফলত তেজত ইনচুলিনৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। সেয়েহে, ডায়েবেটিচ ৰোগীৰ বাবেও ধনিয়া খুব উপকাৰী।

Also Read: কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ বাবে খাওঁক এইসমূহ খাদ্য