এটা বেজী লৈয়ে পুৰুষেও ৰোধ কৰিব পাৰিব অবাঞ্ছিত গৰ্ভধাৰণ

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)য়ে পুৰুষৰ বাবে বিশ্বৰ প্ৰথম বেজী ল'ব পৰা গৰ্ভনিৰোধক ঔষধৰ নিদানিক পৰীক্ষণ সম্পূৰ্ণ কৰিছে।হয়, এই পৰীক্ষণত প্ৰমাণ হৈছে যে এই বেজী অত্যন্ত সুৰক্ষিত আৰু যথেষ্ট কাৰ্যকৰী।তাতোকৈ ডাঙৰ কথাটো এয়ে যে, ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

author-image
Asomiya Pratidin
New Update
এটা বেজী লৈয়ে পুৰুষেও ৰোধ কৰিব পাৰিব অবাঞ্ছিত গৰ্ভধাৰণ

ডিজিটেল ডেস্ক: ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)য়ে পুৰুষৰ বাবে বিশ্বৰ প্ৰথম বেজী ল'ব পৰা গৰ্ভনিৰোধক ঔষধৰ নিদানিক পৰীক্ষণ সম্পূৰ্ণ কৰিছে।হয়, এই পৰীক্ষণত প্ৰমাণ হৈছে যে এই বেজী অত্যন্ত সুৰক্ষিত আৰু যথেষ্ট কাৰ্যকৰী।তাতোকৈ ডাঙৰ কথাটো এয়ে যে, ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।ইয়াৰ তৃতীয় পৰ্যায়ৰ নিদানিক পৰীক্ষণৰ ফলাফল বিগত মাহত এণ্ড্ৰোলজী আলোচনীত প্ৰকাশ পাইছিল। গৱেষকসকলে দাবী কৰা মতে এই বেজীৰ প্ৰভাৱ শৰীৰত ১৩ বছৰ ধৰি থাকিব।

Advertisment

এই পৰীক্ষণটো ২৫-৪০ বছৰ বয়সৰ ৩০৩ জন লোকৰ শৰীৰত কৰা হৈছিল।মাল্টি-চেণ্টাৰ চিকিৎসালয়-আধাৰিত তৃতীয় পৰ্যায়ৰ নিদানিক পৰীক্ষণবোৰ পাঁচটা পৃথক কেন্দ্ৰত (নতুন দিল্লী, উধমপুৰ, লুধিয়ানা, জয়পুৰ আৰু খড়গপুৰ) অনুষ্ঠিত হৈছিল আৰু নতুন দিল্লীৰ আইচিএমআৰ-ৰ দ্বাৰা সমন্বিত কৰা হৈছিল। পৰ্যায়-৩ নিদানিক পৰীক্ষণ কৰাৰ অনুমতি ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেল (ডিচিজিআই)ৰ দ্বাৰা প্ৰদান কৰা হৈছিল আৰু সংশ্লিষ্ট কেন্দ্ৰবোৰৰ প্ৰতিষ্ঠানিক নৈতিক সমিতিয়ে অনুমোদন জনাইছিল। 

এই অধ্যয়ন অনুসৰি, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পুৰুষ গৰ্ভনিৰোধৰ আধুনিক পদ্ধতি বিকশিত কৰাৰ আৱশ্যকতা আছে। গৰ্ভনিৰোধক ব্যৱস্থা হিচাপে ভেচেকটমী যথেষ্ট কাৰ্যকৰী।কিন্তু এই পদ্ধতিতো শেহতীয়াকৈ কেতবোৰ সীমাবদ্ধতাই দেখা দিছে। যাৰ বাবে পুৰুষৰ গৰ্ভনিৰোধৰ আধুনিক পদ্ধতিৰ প্ৰয়োজন আহি পৰিছে।আনহাতে, এই গৱেষণাত প্ৰমাণ হোৱা মতে পুৰুষৰ বাবে এক আদৰ্শ গৰ্ভনিৰোধক হিচাপে এই বেজী ব্যৱহাৰ কৰিব পাৰি।এই বেজীৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

Also Read: গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব