/asomiyapratidin/media/media_files/2025/02/06/GVvyuTs3IYgj0raHJt94.png)
Photograph: (Pack Shot)
শীতকালত প্ৰৱেশ কৰাৰ লগে লগেই, আপোনাৰ কেঁচুৱাটিৰ আলসুৱা ছালখন ভালদৰে আদ্ৰ বা সিক্ত কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈ পৰে৷ ঠাণ্ডা বতৰ, কম জলীয় বাষ্প, আৰু ঘৰৰ ভিতৰভাগ তপত কৰি ৰখাৰ ফলত ছালৰ প্ৰাকৃতিক আদ্ৰৰ্তা নোহোৱা হৈ পৰে, যাৰ ফলত ছালখন হৈ পৰে শুকান, চকলা বন্ধা আৰু খজুৱতিপ্ৰৱণ৷ একোটি কেঁচুৱাৰ ছালখন প্ৰাপ্তবয়স্কৰ তুলনাত ৩০% পৰ্যন্ত পাতল হোৱা হেতুকে ই দুগুণ হাৰত আদ্ৰৰ্তা হেৰুওৱাত শীতকালৰ মাহবোৰত ইয়াক সিক্ত কৰি ৰখাটো অধিক জৰুৰী হৈ পৰে৷ জনছনছ বেবী ক্ৰীমক আপোনাৰ কেঁচুৱাটিৰ ছালখন শুষ্কতাৰ পৰা ৰক্ষা কৰি ইয়াক স্নিগ্ধ, মসৃণ আৰু সিক্ত কৰি ৰখাৰ বাবেই বিশেষভাৱে তৈয়াৰ কৰা হৈছে৷
শীতকালত কেঁচুৱাৰ ছালখন কিয় আদ্ৰ কৰি ৰাখিব লাগে?
কেঁচুৱাবোৰৰ ছালখনে বতৰৰ পৰিবৰ্তনৰ লগে লগে দ্ৰুততাৰে প্ৰতিক্ৰিয়া কৰিবলৈ ধৰে, বিশেষকৈ শীতকালত৷ বাহিৰৰ ঠাণ্ডা বতাহৰ সংস্পৰ্শ আৰু ভিতৰভাগ তপত কৰি তোলাৰ ফলত হোৱা শুষ্কতাই তেওঁলোকৰ ছালৰ প্ৰাকৃতিক আদ্ৰৰ্তাৰ ভাৰসাম্য ব্যাহত কৰিব পাৰে, যাৰ ফলত ৰঙা পৰা, শুষ্কতা আৰু আনকি দাগ পৰিবও পাৰে৷ তেনে কাৰণতেই বিশেষকৈ গা ধুওৱাৰ পাছত নিয়মীয়াকৈ ইয়াক সিক্ত কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰে৷ গা ধুওৱাৰ ঠিক পাছতেই সিক্ত কৰিলে কেঁচুৱাটিৰ কোমল ছালখন শুষ্কতাৰ পৰা সুৰক্ষিত হোৱাটো নিশ্চিত কৰে৷
গা ধুওৱাৰ পাছত সিক্ত কৰা : কোমল ছালৰ আঁৰৰ মূল চাবি-কাঠী
ছালৰ পৰা আৱশ্যকীয় তেলসমূহ আঁতৰি যোৱা পৰিহাৰ কৰিবলৈ শীতকালত কেঁচুৱাটিক গা ধুওৱাটো এক মসৃণ প্ৰক্ৰিয়া হোৱা উচিত৷ কুহুমীয়া পানীৰে কম সময়তে গা ধুওৱাটোৱেই হৈছে আটাইতকৈ উপযুক্ত প্ৰক্ৰিয়া, কাৰণ গৰম পানী ব্যৱহাৰ কৰি অতি বেছিকৈ গা ধুৱালে ছালখন অধিক শুকান হৈ পৰিব পাৰে৷ গা ধুওৱাৰ পাচত, কেঁচুৱাটিৰ ছালখন আলসুৱাকৈ লাহে লাহে হাত বুলাই মচি শুকুৱাই তাৰ পাচতে আদ্ৰৰ্তা ধৰি ৰাখিবলৈ ততালিকে জনছনছ বেবী ক্ৰীম সানক৷
জনছনছ বেবী ক্ৰীম সোনকালে লীন যোৱাৰ ফলত ই সুদীৰ্ঘ সময়ৰ বাবে আদ্ৰৰ্তা অটুট ৰখাৰ লগতে অনুপযুক্ত উপাদানবোৰৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে৷ আপোনাৰ শিশুটিৰ ছালখন কোমল, আদ্ৰ আৰু গোটেই দিনটোলৈ সুৰক্ষিত কৰি ৰখাৰ বাবে, গা ধুওৱাৰ পাচত এইবিধ ক্ৰীমেই হৈছে সঠিক পছন্দ৷
জনছনছ বেবী ক্ৰীমত থকা মূল উপাদানসমূহ
জনছনছ বেবী ক্ৰীম আনবোৰতকৈ পৃথক হোৱাৰ কাৰণটো হৈছে, ই আপোনাৰ শিশুটিৰ ছালখন সুৰক্ষিত কৰি ৰাখিব পৰাকৈ কোমল যদিও ফলপ্ৰসূ উপাদানৰ এক সংমিশ্ৰণ৷ ইয়াত থকা প্ৰতিবিধ উপাদানকে শীতকালত সৰ্বাধিক আদ্ৰৰ্তা প্ৰদান আৰু সুৰক্ষিত কৰিব পৰাকৈ সযতনে বাছি বাছি নিৰ্বাচন কৰা হৈছে
কেম’মাইল : কেম’মাইল হৈছে এবিধ প্ৰাকৃতিক প্ৰদাহবিৰোধী কাৰক, যি স্পৰ্শকাতৰ ছালক শীতল কৰি ৰখাত সহায় কৰে৷ ই শুষ্কতাৰ ফলত হোৱা খজুৱতি আৰু অসুবিধাৰ পৰা সকাহ দিয়ে আৰু শিশুটিৰ ছালখনক কোমল তথা মসৃণ কৰি ৰাখে৷
গ্লিচাৰিণ : এবিধ শক্তিশালী আদ্ৰৰ্তা ধাৰক গ্লিচাৰিণে বাতাৱৰণৰ পৰা আদ্ৰৰ্তা আকৰ্ষণ কৰি ছালত ধৰি ৰখাত সহায় কৰে৷ শীতকালত বতাহ শুকান হৈ পৰা হেতুকে ই অতিকৈ আৱশ্যকীয়, যি সুদীৰ্ঘ সময়লৈ শিশুটিৰ ছালখন সিক্ত কৰি ৰখাটো নিশ্চিত কৰে৷
দৈনিক আদ্ৰৰ্তা ৰক্ষাৰ ৰুটিন
চমু আৰু আলসুৱাকৈ গা ধুওৱা : শীতকালত আপোনাৰ শিশুটিক সীমিতকৈ মাত্ৰ কেইবাৰমান গা ধুৱাওক৷ এবিধ মৃদু, পি এইচৰ ভাৰসাম্য থকা পৰিপূৰক ব্যৱহাৰ কৰক, আৰু গৰম পানী ব্যৱহাৰ কৰা এৰাই চলক৷ গা ধুওৱাৰ পাচত কোমল টাৱেলেৰে ছালখন আলসুৱাকৈ মচি শুকুৱাই পেলাওক৷
ততালিকে আদ্ৰৰ্কৰণ : শুকোৱাৰ পাচত ততালিকে আদ্ৰৰ্তা ধৰি ৰাখিবলৈ জনছনছ বেবী ক্ৰীম সানক৷ গোটেই শৰীৰত ব্যৱহাৰৰ বাবে এইবিধ ক্ৰীম হৈছে আটাইতকৈ উপযুক্ত, বিশেষকৈ গা ধুওৱাৰ পাচত ছালখন সিক্তকৰণ গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত হৈ থাকোতে৷
শুকান ঠাইবোৰত অধিক গুৰুত্ব দিয়ক : শুকাই থকা ঠাইবোৰৰ প্ৰতি বিশেষ মনোযোগ দিয়ক, যেনে– মুখ, হাত আৰু ভৰিত৷ শিশুটিৰ মুখখনতেই সাধাৰণতে বেছিকৈ ঠাণ্ডা লাগে, সেয়েহে– ইয়াত নিয়মীয়াকৈ ক্ৰীম সনাটো অপৰিহাৰ্য৷
দিন জোৰা সুৰক্ষা : জনছনছ বেবী ক্ৰীমে শীতকালৰ শুষ্কতাৰ বিৰুদ্ধে দিনজোৰা সুৰক্ষা দিয়ে, যাৰ ফলত গোটেই দিনটোৰ বাবে শিশুটিৰ ছালখন কোমল আৰু সজীৱ হৈ থাকে৷
শীতকালছোৱা আপোনাৰ শিশুটিৰ কোমল ছালখনৰ বাবে কঠোৰ হৈ পৰিব পাৰে, পিছে ছালৰ যতনৰ সঠিক ৰুটিন আৰু জনছনছ বেবী ক্ৰীমৰ পৰিচৰ্যাকাৰী গুণেৰে আপুনি গোটেই শীতকালছোৱাৰ বাবে শিশুটিৰ ছালখন সিক্ত আৰু স্বাস্থ্যকৰ কৰি ৰাখিব পাৰিব৷ গ্লিচাৰিণ আৰু কেম’মাইলৰ অভূতপূৰ্ব সংমিশ্ৰণেৰে জনছনছ বেবী ক্ৰীমে সৰ্বাধিক আদ্ৰৰ্তা প্ৰদান কৰি শুষ্কতাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে আৰু আপোনাৰ শিশুটিৰ ছালখনৰ প্ৰাকৃতিক ৰক্ষাকৱচ অটুট ৰখাত সহায় কৰে৷ শীতকালত ইয়াক ছালৰ যতনৰ নিয়মীয়া সংগী কৰি ল’লে ই আপোনাৰ শিশুটিক সুৰক্ষা প্ৰদান কৰিব৷ শীতকালৰ আগত মাহবোৰলৈ ই তেওঁলোকৰ বাবে আৱশ্যকীয় হৈ পৰে৷