ভাইৰেল সংক্ৰমণত ঔষধৰ কাম কৰে জালুকে

শীতকালত আমাৰ শৰীৰত সাধাৰণতে বিভিন্ন প্ৰকাৰৰ ৰোগে দেখা দিয়ে। বিশেষকৈ এই সময়ছোৱাত চৰ্দি-কাহ, জ্বৰৰ লগতে বিভিন্ন সংক্ৰমণাত্মক ৰোগ হয়। এনে পৰিস্থিতিত, যদি আপুনি শীতকালত স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে, তেন্তে আপুনি আপোনাৰ আহাৰত জালুক অন্তৰ্ভুক্ত কৰিব পাৰে। জালুকৰ বহুতো ঔষধি গুণ আছে।ইয়াত প্ৰ'টিন, ভিটামিন-ডি, কেলচিয়াম, আইৰণ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে।

author-image
Asomiya Pratidin
New Update
ভাইৰেল সংক্ৰমণত ঔষধৰ কাম কৰে জালুকে

ডিজিটেল ডেস্ক: শীতকালত আমাৰ শৰীৰত সাধাৰণতে বিভিন্ন প্ৰকাৰৰ ৰোগে দেখা দিয়ে।  বিশেষকৈ এই সময়ছোৱাত চৰ্দি-কাহ, জ্বৰৰ লগতে বিভিন্ন সংক্ৰমণাত্মক ৰোগ হয়। এনে পৰিস্থিতিত, যদি আপুনি শীতকালত স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে, তেন্তে আপুনি আপোনাৰ আহাৰত  জালুক অন্তৰ্ভুক্ত কৰিব পাৰে। জালুকৰ বহুতো ঔষধি গুণ আছে।ইয়াত প্ৰ'টিন, ভিটামিন-ডি, কেলচিয়াম, আইৰণ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে। তদুপৰি, জালুক খালে পাচন তন্ত্ৰ শক্তিশালী হয় আৰু শৰীৰৰ দুৰ্বলতা আঁতৰ হয়।শীৰটোক সুস্থ ৰাখিবৰ বাবে জালুক কেনেকৈ খাব লাগে, আজি জানো আহক-

Advertisment

চাহ 

শীতকালত চৰ্দি, কাহ আৰু সংক্ৰমণৰ পৰা বাচি থাকিবলৈ আপুনি জালুক দিয়া চাহ খাব পাৰে। চাহত জালুক দি খালে ই চাহৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে শৰীৰটোক গৰম কৰি ৰাখে।আনহাতে, যদি আপোনাৰ শ্লেষ্মাৰ সমস্যা আছে, তেন্তে জালুক চাহ খাই আপুনি ইয়াৰ পৰা  সকাহ পাব পাৰে।

মৌ 

যদি আপোনাৰ চৰ্দি বা কাহ হয়, তেন্তে এক চাহ চামুচ মৌৰ সৈতে মিহলি কৰি অলপ জালুকৰ গুৰি খাব পাৰে। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে শৰীৰটো গৰম কৰি ৰখাত যথেষ্ট সহায় কৰিব।আপুনি নিশা বিচনালৈ যোৱাৰ আগতে এই মিশ্ৰণটো খাব। 

কাঢ়া

আপুনি শীতকালত জালুকৰ কাঢ়া বনাই খাব পাৰে।ইয়াৰ বাবে আপুনি এগিলাচ পানীত৯-১০ টা জালুক উতলাই ল’ব। ইয়াৰ পিছত এই পানীখিনি ফিল্টাৰ কৰি কুহুমীয়াকৈ খাব।ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট শক্তিশালী কৰিব। 

গৰম পানী 

শীতকালত আপুনি গৰম পানীৰে সৈতে সহজে জালুক খাব পাৰে।এইদৰে ৰাতিপুৱা খালী পেটত খাব। ই আপোনাৰ শৰীৰৰ হৰমনৰ ভাৰসাম্যহীনতাৰ সমস্যা আঁতৰ কৰিব আৰু ওজন হ্ৰাস কৰিব। 

বি. দ্ৰ: যদি আপোনাৰ কোনো ৰোগ বা এলাৰ্জি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শৰ পিছতহে জালুক খাব।

Also Read: উচ্চ ৰক্তচাপ, চৰ্দি-কাহ, পাকস্থলী, হৃদযন্ত্ৰৰ লগতে বহু ৰোগৰ ঔষধ নহৰু