নিৰোগী হৈ সুখেৰে থাকিবলৈ দৈনিক শৰীৰটোক দিয়ক আধা ঘণ্টা....

আসন, প্ৰাণায়ম আৰু ধ্যানৰ সংমিশ্ৰণে সুস্থ কৰি ৰাখে মানৱ শৰীৰ
নিৰোগী হৈ সুখেৰে থাকিবলৈ দৈনিক শৰীৰটোক দিয়ক আধা ঘণ্টা....
নিৰোগী হৈ সুখেৰে থাকিবলৈ দৈনিক শৰীৰটোক দিয়ক আধা ঘণ্টা....
Published on
Updated on

বৰ্তমানৰ অতি ব্যস্ত হৈ পৰিছে মানৱ সমাজ। বিশেষকৈ চহৰ, নগৰাঞ্চলত মানুহৰ খাবলৈ, শুবলৈ নোহোৱা হৈছে সময়। ফলত শৰীৰত নানান ৰোগে দেখা দিয়াৰ লগতে মানসিক চাপ, উদ্বেগ যথেষ্ট বৃদ্ধি পায়। এইসকলোৰে পৰা পৰিত্ৰাণ পাবলৈ আপুনি সূৰ্য নমস্কাৰ কৰি শৰীৰক সতেজ কৰি তুলিব পাৰে। এই দিশসমূহ সামৰিয়েই সূৰ্য নমস্কাৰৰ সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

পৌৰাণিক কালৰে পৰা ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত যোগ সাধনাই এক বিশেষ স্থান লাভ কৰি আহিছে। এই যোগ সাধনাই মানুহৰ মন, মগজুক শান্ত কৰি ৰখাৰ লগতে সুস্থ শৰীৰ গঢ় দি আহিছে। যোগ আৰু শাৰীৰিক ব্যায়ামে মানুহক এটা সুস্থ শৰীৰ গৰাকী কৰি তোলে।

যোগৰ ইতিহাস বহু প্ৰাচীন। পূৰ্ব বৈদিক যুগতো যোগ সাধনাৰ প্ৰমাণ পোৱা গৈছে। সংস্কৃত শব্দ যুগৰ পৰা অহা যোগ শব্দৰ অৰ্থ হৈছে সংযুক্ত কৰা। অৰ্থাৎ যোগ হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে দেহ,মন,মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷ যোগ হৈছে সুস্থভাৱে জীয়াই থকাৰ এক কলা ৷ এই কলাৰ হাজাৰ বছৰ পূৰ্বে সূচনা কৰা হৈছিল ৷ সিন্ধু সভ্যতাৰ বেদ-উপনিষদ সৰ্বত্ৰে যোগৰ বিষয়ে উল্লেখ আছে ৷

কেবাখনো ধৰ্মীয় গ্ৰন্থত শিৱক আদি যোগী বা যোগ গুৰু বুলি কোৱা হৈছে৷ কথিত আছে হাজাৰ বছৰ পূৰ্বে হিমালয়ৰ কান্তি সৰোবৰৰ উপত্যকাত সপ্তঋষিৰ মাজত যোগৰ জৰিয়তে শিৱই জ্ঞানৰ সঞ্চাৰ কৰিছিল ৷ এই যোগৰে এটা অংশ বুলি কোৱা হয় সূৰ্য প্ৰণাম বা সূৰ্য নমস্কাৰ।

অৱশ্যে ভাৰতীয় সংস্কৃতিত সূৰ্য নমস্কাৰৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক তত্বও। পৌৰাণিক মতবাদ অনুসৰি মানৱ শৰীৰ প্ৰত্যকটো অংগই একো একোটা দৈবিক শক্তিৰ দ্বাৰা প্ৰভাৱিত। মানৱ শৰীৰৰ নাভি আৰু আভ্যন্তৰিণ দিশত থকা সৌৰজাল বা পিত্ত হৈছে মানৱ শৰীৰ কেন্দ্ৰবিন্দু।

ইয়াৰ সৈতে সূৰ্যৰ সম্পৰ্ক আছে বুলিও বিশ্বাস কৰা হৈছিল। সেয়ে দৈনিক সূৰ্য নমস্কাৰ এক আধ্যাত্মিক কাৰ্য হিচাপেই পৰিগণিত হৈ পৰিছিল। কোৱা হয় সূৰ্য পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি।

সূৰ্যৰ উত্তাপৰ সৈতে মানৱ শৰীৰ উত্তাপৰ সম্পৰ্ক আছে। যোগ শাস্ত্ৰতো সূৰ্যৰ উত্তাপে মানৱ শৰীৰ নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। এইদৰে আধ্যাত্মিকতা জড়িত হৈ থাকিলেও অৱশ্যে সূৰ্য নমস্কাৰ হৈছে এনে এক ব্যায়ম য’ত ১২ টা আসন একেলেঠাৰিয়ে কৰি যোৱা হয়। ইয়াত আসন, প্ৰাণায়ম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে। ইয়াৰ ফলত মানৱ শীৰৰ বিভিন্ন ধৰণে উপকৃত হয়।

সূৰ্য নমস্কাৰৰ ফলত হোৱা লাভালাভ

মানৱশৰীৰ অষ্ট চক্ৰৰে গঠিত বুলি কোৱা হয়। এই অষ্টৰ চক্ৰৰ ভিতৰত মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞা চক্ৰক সূৰ্য নমস্কাৰে সক্ৰিয় কৰি তোলে। ফলত মানৱ শৰীৰৰ অধিবৃক্কীয় গ্ৰন্থী, অগ্ন্যাশয় গ্ৰন্থী, থাইমাথ গ্ৰন্থী, পিটুইটাৰী গ্ৰন্থী, পিনিয়েল গ্ৰন্থী, থাইৰয়ড গ্ৰন্থী আৰু যৌন গ্ৰন্থীসমূহ কাৰ্যক্ষম কৰি তোলে।

ফলত শৰীৰলৈ সঠিক মাত্ৰাত হৰম’ন ক্ষৰণ হয়। সঠিক মাত্ৰাত হৰম’ন ক্ষৰণ হ'লে হৰম’ন জনিত যিসমূহ ৰোগ আছে সেই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে তেনে ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা প্ৰায় শূন্য হয়।

একেদৰে সূৰ্য নমস্কাৰে মানুহৰ শ্বাস, প্ৰশ্বাসজনিত ৰোগৰ পৰা ৰক্ষা কৰে। মেৰুদণ্ডৰ সংকোচন, প্ৰসাৰণৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। হাওঁফাওঁ, হৃদযন্ত্ৰ সক্ৰিয় কৰে। ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে তাত থকা অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে।

ফলত স্নায়ু জনিত ৰোগৰ পৰা ৰক্ষা পাব পাৰি। সূৰ্য নমস্কাৰে হাড়, মাংসপেশীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে মগজু, পাকস্থলী যকৃত, অগ্নাশয়, বৃক্ক আদি অংগসমূহলৈ ৰক্ত প্ৰবাহৰ মাত্ৰাও বৃদ্ধি কৰে।

জীমলৈ নোযোৱা লোকসকলে সূৰ্য নমস্কাৰক বিকল্প হিচাপে ল'ব পাৰে

বৰ্তমান সময়ত অতি ব্যস্ততাৰে সময় পাৰ কৰাৰ পাছতো বহু মানুহেই দিনটোৰ এটা ঘণ্টা জীমত ব্যয় কৰিবলৈ চেষ্টা কৰে। বহুতেই এই এটা ঘণ্টা জীমত দি নিজৰ শৰীৰ সুস্থ, সৱল কৰি ৰখাৰ চেষ্টা কৰে যদিও বহু লোকে সময়ৰ অভাবতেই হওঁক বা আন কিবা কাৰণতে হওঁক জীমলৈ যাব পৰা নাই।

জীমলৈ যোৱাৰ মূল উদ্দেশ্যই হৈছে সুস্থ শৰীৰ। এই সুস্থ শৰীৰ বাবে বহুতেই আকৌ পুৱা কিছু সময় খোজ কাঢ়ে। বহুতেই যোগ সাধনা কৰিবলৈও চেষ্টা কৰে। কিন্তু সম্পূৰ্ণৰূপে নিজকে সুস্থ কৰি ৰাখিবলৈ যিসকলে জীমলৈ যাব নোৱাৰে বা যোগ সাধনাও ভালকৈ কৰিব নোৱাৰে তেওঁলোকে কিছু সময় উলিয়াই ঘৰতেই সূৰ্য নমস্কাৰ কৰি সুস্থ শৰীৰৰ অধিকাৰী হৈ পৰিব পাৰে।

সূৰ্য নমস্কাৰৰ ১২ খন আসন
সূৰ্য নমস্কাৰৰ ১২ খন আসন

সূৰ্য নমস্কাৰৰ আসনসমূহ

১) নমস্কাৰাসন

সূৰ্য নমস্কাৰৰ প্ৰথম আসন নমস্কাৰাসন। এই আসনত প্ৰথমে বুঢ়া আঙুলিৰপৰা গোৰোহালৈ পৰস্পৰ লগ লগাই থিয় হৈ আঁঠু, কঁকাল, মেৰুদণ্ড, বুকু আৰু ডিঙি পোন কৰি ৰাখি দুয়োখন হাত নমস্কাৰ মুদ্ৰাত বুকুৰ ওচৰত ৰাখিব লাগে। দৃষ্টি থাকিব লাগে সন্মুখৰ ফালে। এই অৱস্থানত উশাহ দীঘলীয়াকৈ গ্ৰহণ কৰি নিশাহ দীঘলীয়াকৈ এৰি শৰীৰটো শিথিল কৰিব লাগে।

 ২) হস্তোত্তানাসন

প্ৰথম আসনৰ পাছত দ্বিতীয় আসনত দুয়োখন আসন ভংগী ১ ৰ পৰা লাবহে লাহে উশাহ লৈ মূৰৰ ওপৰলৈ তুলি আনিব লাগে।তাৰ পাছত দীঘলকৈ উশাহ লৈ কঁকালৰ পৰা ওপৰৰ অংশ যিমান পাৰে ভাঁজ কৰি পাছলৈ হালিব লাগে। এই অৱস্থাত ভৰিৰ আঁঠু দুটা পোনকৈ ৰাখিব লাগে। চকুৰ দৃষ্টি আকাশৰ ফালে থাকে।

৩) পদহস্তাসন

এই আসনত দ্বিতীয় অৱস্থাৰ পৰা লাহে লাহে নিশাহ সম্পূৰ্ণকৈ এৰি সন্মুখৰ ফালে হালি আহিব লাগে। নিশাহ সম্পূৰ্ণকৈ এৰি দুয়োখন হাতেৰে ভৰিৰ আঙুলি স্পৰ্শ কৰিব লাগে। দুয়োটা আঁঠু পোন হ’ব লাগিব। যদি সম্ভৱ হয় আঁঠুত মূৰ লগাবলৈ চেষ্টা কৰিব লাগে।

৪) অশ্বসঞ্চালনাসন

তৃতীয় আসনৰ পৰা এই আসনলৈ আহোঁতে হাত দুখন ভালদৰে মাটিত পাৰি লৈ ভালদৰে উশাহ লৈ মূৰটো ওপৰলৈ তোলিব লাগে। সমান্তৰালকৈ বাঁও ভৰিখন পাছলৈ নি আৰু সোঁ আঁঠু আৰু আঙুলি মাটিত লগাই ৰাখিব লাগে। দৃষ্টি আকাশৰ ফালে থাকিব লাগিব।

৫) পৰ্বতাসন

পূৰ্বৰ আসনৰ পৰা এই আসনলৈ আহিবলৈ হাত দুখন লৰচৰ নকৰাকৈ বাঁও ভৰিৰ আঁঠু মাটিৰপৰা ওপৰলৈ উঠাই আনিব লাগিব আৰু সোঁ ভৰিখন পাছলৈ নিব লাগিব। তাৰ পাছত নিশাহ এৰি মূৰটো তলমুৱা কৰি নিতম্ব আৰু কঁকাল যিমান পাৰে ওপৰলৈ উঠাব লাগিব। দুয়ো হাত আৰু ভৰিৰ আঁঠু পোন কৰি ৰাখি দৃষ্টি নাভিত ৰাখিব লাগিব। এই অৱস্থানত দুয়ো ভৰিৰ গোৰোহা মাটিত লগাই থব লাগে।

৬) অষ্টংগানমনাসন

পূৰ্ববৰ্তি আসনৰ পৰা হাত স্থিৰে ৰাখি দুয়োখন ভৰি একে সমানত পাছলৈ নি, ভৰিৰপৰা মূৰলৈ শৰীৰটো একেডাল সৰলৰেখাত ৰাখিব লাগে। এই অৱস্থাত দুয়ো হাতৰ ওপৰত শৰীৰৰ সমস্ত ভাৰ পৰিব। শ্বাস এৰি লাহে লাহে কিলাকুটি ভাঁজ কৰি শৰীৰটো তললৈ নমাই আনি আঁঠু, বুকু আৰু মূৰ মাটিত লগাই ৰাখিব লাগিব। এই অৱস্থাত ভৰিৰ আঙুলি, আঁঠু, বুকু, হাতৰ তলুৱা আৰু মূৰ মাটিত লাগি থাকিব।

৭) ভুজংগাসন

অষ্টংগানমনাসৰ পৰা এই আসনলৈ আহোঁতে উশাহ লৈ কিলাকুটি পোন কৰি মূৰ আৰু বুকু অংশ মাটিৰপৰা ওপৰলৈ তোলিব লাগে। ভৰিৰ আঙুলি, আঁঠু আৰু হাতৰ তলুৱা কৰি মাটি স্পৰ্শ কৰিব লাগিব। এতিয়া কঁকাল, পিঠি আৰু ডিঙি যিমান পাৰে সন্মুখলৈ ঠেল শৰীৰটো ধেনুভিৰীয়া কৰিব লাগে। এই অৱস্থাত চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব।

 ৮) পৰ্বতাসন (বিপৰীত)

পূৰ্ববৰ্তী আসনৰ পৰা এই আসনলৈ অহাৰ সময়ত নিশাহ এৰি লাহে লাহে নিতম্ব আৰু কঁকাল ওপৰলৈ তোলিব লাগে। হাত আৰু ভৰিৰ আঁঠু পোন কৰি ৰাখি এই অৱস্থাত চকুৰ দৃষ্টি নাভিত ৰাখিব লাগে। এই সময়ত দুয়ো ভৰিৰ গোৰোহা মাটিত লাগি থাকিব।

৯) অশ্বসঞ্চালনাসন (বিপৰীত)

এই আসনত লাহে লাহে উশাহ লৈ বাঁও ভৰিখনৰ আঁঠুত ভাঁজ কৰি দুই হাতৰ মাজত সুমুৱাই ৰাখিব লাগিব। সোঁ ভৰিখন পাছফালে পোন কৰি আঙুলি আৰু আঁঠুৱে মাটি স্পৰ্শ কৰিব লাগিব। তাৰ পাছত মূৰটো ওপৰলৈ তোলি চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব লাগিব।

১০) পদসস্তাসন (বিপৰীত)

এই আসনত নিশাহ লাহে লাহে এৰি সোঁ ভৰিখন দুয়ো হাতৰ মাজলৈ আনিব লাগিব। আঁঠু পোন কৰি দুয়ো হাতেৰে ভৰিৰ আঙুলি নাইবা মাটি স্পৰ্শ কৰিব লাগিব। নিতম্ব আৰু কঁকাল ওপৰলৈ উঠাই নি যদি সম্ভৱ হয় আঁঠুত মূৰ লগাবলৈ চেষ্টা কৰিব লাগিব।

১১) হস্তোত্তানাসন (বিপৰীত)

এই আসনত উশাহ লৈ লাহে লাহে দুয়ো হাত আৰু মূৰ একেলগে ওপৰলৈ উঠাই আনিব লাগে তাৰ পাছত কঁকালৰ পৰা মেৰুদণ্ড ভাঁজ কৰি পাছফালে যিমান পাৰি হালি যাব লাগিব। এই আসনত চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব।

১২) নমস্কাৰাসন (বিপৰীত)

এই আসনত নিশাহ এৰি কঁকাল পোন কৰি ওপৰলৈ উঠি আহিব লাগিব আৰু আঁঠু, কঁকাল, মেৰুদণ্ড, বুকু আৰু ডিঙি পোন কৰি দুয়োখন হাত নমস্কাৰ মুদ্ৰাত বুকুৰ ওচৰত ৰাখিব লাগিব। চকুৰ দৃষ্টি সন্মুখৰ ফালে থাকিব। এই অৱস্থাত উশাহ দীঘলীয়াকৈ গ্ৰহণ কৰি নিশাহ দীঘলীয়াকৈ এৰিব লাগিব।

প্ৰতিখন আসনৰে আছে নিজা নিজা বৈশিষ্ট

সূৰ্য নমস্কাৰত এই ১২  আসনে মানৱ শৰীৰ বিভিন্ন অংগ প্ৰভাৱিত কৰাৰ লগতে ৰোগ নিৰাময় কৰাতো যথেষ্ট সহায় কৰে। প্ৰতিটো আসনে বিভিন্ন অংগ সৱল কৰাৰ লগতে ভিন্ন ৰোগ প্ৰতিৰোধৰ কাৰক হিচাপে দেখা দিয়ে। ইয়াৰে প্ৰথম আৰু অন্তিমখন আসনৰ ফলত হৃদচক্ৰ মুক্ত তথা সম্পূৰ্ণ হয়। বুকুৰ সমান্তৰালকৈ  হাতদুখন এখন আনখনৰ লগ লগাই এক বৃত্তাকাৰ আকৃতিৰ সৃষ্টি কৰিলে এক শক্তি চক্ৰ সম্পূৰ্ণ হয় যাৰ ধ্বনাত্মক প্ৰভাৱে মানৱ শৰীৰৰ মগজুলৈ গতি কৰি দেহ মনক শান্ত কৰে। এই আসনে স্নায়ুতন্ত্ৰক শান্ত কৰে, শৰীৰৰ ভাৰসাম্য সন্তুলিত কৰি ৰাখে আৰু মানসিক উদ্বেগ আৰু মানসিক চাপৰ পৰা সকাহ দিয়ে।

সেইদৰে দ্বিতীয় আসনত পেট আৰু বুকুৰ মাংসপেশী টান খাই পিত্ত আৰু কফৰ উন্নতি কৰি ইয়াৰ সৈতে জড়িত শাৰীৰিক সমস্যাৰ পৰা মানুহক পৰিত্ৰাণ দিয়ে। হাপানী ৰোগী, তল পিঠিৰ বিষ, অত্যাধিক ভাগৰ আদিৰ পৰা এই আসনে পৰিত্ৰাণ দিয়ে। ইয়াৰোপৰি ওজন হ্ৰাস, ৰক্ত সঞ্চালন বৃদ্ধি, হজমী শক্তি বৃদ্ধি, স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে মানসিক চাপ দূৰ কৰে।

তৃতীয়খন আসনৰ ফলত ভৰিৰ মাংসপেশী বিশেষকৈ আঠুৰ পিছফালৰ অংশ টাই খোৱাৰ ফলত মাংসপেশীবোৰক এডজাষ্টেবল কৰি তোলে। ফলত টোপনিৰ সমস্যা, মূৰৰ বিষ, মানসিক চাপ আৰু উদ্বেগৰ পৰা সকাহ পায়। ইয়াৰোপৰি ৰাজহাড় আৰু কঁকাক এডজাষ্টেবল কৰি অধিক কাৰ্যক্ষম কৰি তোলে।

চতুৰ্থখন আসনৰ ফলত ৰাজহাড় আৰু হৃদযন্ত্ৰক শক্তিশালী কৰি তোলে। বদহজম আৰু কৌষ্ঠ-কাঠিন্য দূৰ কৰে। ইয়াৰোপৰি ভৰি, ৰাজহাড় আৰু ডিঙিৰ মাংসপেশী কাৰ্যক্ষম কৰি তোলে। এই আসন যকৃত, শৰীৰ বিভিন্ন গাঁঠিসমূহৰ বাবেও যথেষ্ট উপকাৰী।

সেইদৰেই বাকীকেইখন আসনৰ ফলতো দুই বাহু আৰু মাংসপেশী, ৰাজহাড়, কান্ধ শক্তিশালী কৰে। ইয়াৰোপৰি শৰীৰ ভংগী তথা গাঁঠনি উন্নত হয়। মানসিক চাপ আঁতৰ হয়। ভুংগাসনে মানৱ শৰীৰৰ ৰাজহাড়, পিঠি, কান্ধ আৰু বুকুৰ নমনীয়তা বৃদ্ধি কৰে। ইয়াৰোপৰি মাংসপেশী সৱল কৰে আৰু হজমী শক্তি বৃদ্ধি কৰাৰ লগতে ৰক্ত সঞ্চালনো বৃদ্ধি কৰে।

নিৰোগী হৈ সুখেৰে থাকিবলৈ দৈনিক শৰীৰটোক দিয়ক আধা ঘণ্টা....
অলিম্পিকত পদকৰ আশা সজীৱ কৰা ভাৰতৰ শীৰ্ষ ১০ খেলুৱৈ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in