আজিয়েই আহাৰৰ অংশ কৰক অমেগা-৩ ফেটি এচিড

কিন্তু আমাৰ শৰীৰে ইয়াক প্ৰস্তুত নকৰে, যাৰ বাবে আমি ইয়াক আহাৰৰ জৰিয়তে গ্ৰহণ কৰিব লাগে। বিশেষজ্ঞসকলৰ মতে, আমি প্ৰতিদিনেই অমেগা-৩ ফেটি এচিড সমৃদ্ধ আহাৰ গ্ৰহণ কৰিব লাগে।

author-image
Asomiya Pratidin
New Update
আজিয়েই আহাৰৰ অংশ কৰক অমেগা-৩ ফেটি এচিড

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান হৈ থাকিবলৈ পুষ্টিসমৃদ্ধ আহাৰ গ্ৰহণ কৰাটো কিমান গুৰুত্বপূৰ্ণ, সেয়া সকলোৰে জ্ঞাত।আমাৰ শৰীৰৰ দৰকাৰী এক অন্যতম পুষ্টি অমেগা-৩ ফেটি এচিড। অমেগা-৩ ফেটি এচিড হৈছে চৰ্বিৰ এক গোট, যাক শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কিন্তু আমাৰ শৰীৰে ইয়াক প্ৰস্তুত নকৰে, যাৰ বাবে আমি ইয়াক আহাৰৰ জৰিয়তে গ্ৰহণ কৰিব লাগে। বিশেষজ্ঞসকলৰ মতে, আমি প্ৰতিদিনেই অমেগা-৩ ফেটি এচিড সমৃদ্ধ আহাৰ গ্ৰহণ কৰিব লাগে।

Advertisment

অমেগা-৩ ফেটি এচিড কি ? 

অমেগা-৩ ফেটি এচিড হৈছে এক প্ৰকাৰৰ পলিআনচেচুৰেটেড ফেটি এচিড, যাৰ ভিতৰত আছে ইকোচাম্পাটিনোইক এচিড, ডকোচাহেক্সেনোইক এচিড, আৰু আলফা লিনোলেনিক এচিড। চৰ্বিযুক্ত মাছ তথা সাগৰীয় মাছ ইয়াৰ অতি ভাল উৎস বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, ফ্লেক্স বীজ, আখৰোট আৰু কেনোলা তেলত অমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। আজি অমেগা-৩ ফেটি এচিডৰ লাভালাভবোৰ জানো আহক-

হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখে 

অমেগা-৩ ফেটি এচিড পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখিব পাৰে।ইয়াক এণ্টিঅক্সিডেণ্টৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। সেয়েহে ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।ইয়াৰ বাবে আপুনি আপোনাৰ আহাৰত চৰ্বিযুক্ত মাছও অন্তৰ্ভূক্ত কৰিব পাৰে।

ৰিউমেটইড আৰ্থ্ৰাইটিছৰ পৰা সকাহ

ৰিউমেটইড আৰ্থ্ৰাইটিছ হৈছে এক স্থিতি, যাৰ ফলত গাঁঠিৰ তীব্ৰ বিষ হয়। ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ দেখি সচেতন হ’লেই আপুনি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। বহু অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে আহাৰত অমেগা-৩ ফেটি এচিড অন্তৰ্ভুক্ত কৰি আপুনি আৰ্থ্ৰাইটিছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰেও বিষ উপশম কৰাত বহুখিনি সহায় কৰে। 

আলঝেইমাৰ আৰু ডিমেনচিয়াৰ পৰা সুৰক্ষিত

আলঝেইমাৰ আৰু ডিমেনচিয়া হৈছে নিউৰোডিজেনাৰেটিভ স্থিতি য'ত প্ৰদাহ আৰু অক্সিডেটিভ চাপৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হয়। এনে পৰিস্থিতিত, অমেগা-৩য়ে এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী হিচাপে কাম কৰি বহুতো সমস্যা আঁতৰাই ৰখাত সহায় কৰে। মাছৰ তেল আৰু শেলাই তেল ইপিএ আৰু ডি.এইচ.এ.-ত সমৃদ্ধ, সেয়েহে আপুনি ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।

ই শিশুৰ বাবেও লাভজনক

শিশুৰ বিকাশৰ বাবে অমেগা-৩ ফেটি এচিড অতি উপকাৰী বুলি গণ্য কৰা হয়।শিশুৰ মগজু আৰু ৰেটিনাৰ বিকাশৰ বাবে ইপিএ আৰু ডিএইচৰ প্ৰয়োজন, বিশেষকৈ গৰ্ভধাৰণৰ সময়ত। গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক পৰ্যায়ত ডিএইচএ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বহুতো অধ্যয়নত এইটো প্ৰমাণিত হৈছে যে ফেটি এচিড পৰিপূৰকে শিশুৰ এডিএইচডিৰ লক্ষণবোৰ উন্নত কৰাত সহায় কৰিব পাৰে। 

Also Read: থাইৰইডত কি খাব, কি নাখাব জানি লওঁক