/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/575d7f53-08cf-4747-8124-a97d37ed14d6/tea__1_.jpg)
ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল ঋতুত বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে।ইয়াৰ ভিতৰত চৰ্দি- কাহ আৰু ফ্লু অন্যতম। এই দিনকেইটাত নিজকে নিৰোগী কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো খুবেই জৰুৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আমি আমাৰ খাদ্যভাস কিছু সলনি কৰাৰ প্ৰয়োজন।হয়, এই দিনকেইটাত পাৰিলে চাহৰ সৈতে চেনীৰ সলনি গুড় খাব।চেনী স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক।কিন্তু গুড় খুব স্বাস্থ্য উপকাৰী।গুড়ত যথেষ্ট পৰিমাণে প্ৰ'টিন, ভিটামিন বি ১২, কেলচিয়াম, আইৰণ, ভিটামিন চি থাকে, যিয়ে শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে।আজি গুড় চাহ খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-
ৰক্তহীনতা
গুড় চাহ খোৱাটো অত্যন্ত উপকাৰী।বিশেষকৈ ৰক্তহীনতাৰ সমস্যাত ভুগিলে গুড়ৰ চাহ খাব লাগে। ই শৰীৰত তেজৰ অভাৱ দূৰ কৰে। গুড়ৰ চাহত আইৰণ থাকে, যিয়ে লোহিত ৰক্ত কণিকা গঠনত সহায় কৰাৰ লগতে হিম’গ্লোবিনৰ স্তৰ বৃদ্ধি কৰে আৰু শৰীৰত তেজৰ অভাৱ দূৰ কৰে।
ওজন হ্ৰাস
ওজন হ্ৰাস কৰিবলৈও আপুনি গুড়ৰ চাহ খাব পাৰে। চেনী চাহ খালে শৰীৰত চৰ্বি বৃদ্ধি হয়। কিন্তু গুড়ৰ চাহ খোৱাটোৱেও ওজন নিয়ন্ত্ৰণত সহায় কৰে।
পাচন শক্তিশালী
পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাতো গুড় চাহ খুব উপকাৰী। যদি আপুনি নিয়মীয়াকৈ গুড়ৰ চাহ খায়, ই পাচন তন্ত্ৰ শক্তিশালী কৰাৰ লগতে কোষ্ঠকাঠিন্য, এচিডিটি, বদহজম আদিৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে।
এইদৰে বনাব গুড়ৰ চাহ -
- গুড়ৰ চাহ তৈয়াৰ কৰিবলৈ এটা পেনত অলপ বেছিকৈ পানী উতলাব।
- যেতিয়া পানী ভালদৰে উতলে, ইয়াত ইলাচী, আদা, ডালচেনি আৰু চাহপাত দি পুনৰ পানীখিনি উতলিবলৈ দিব।
- পানীখিনি উতলিলে তাত গাখীৰ দিব।
- এইদৰে কিছুসময় চাহখিনি উতলিলে আপোনাৰ জোখমতে গুড় দিব আৰু চাহখিনি ছেকনীৰে ছেকি পেলাব।
- মনত ৰাখিব যাতে গুড় দিয়াৰ পিছত চাহ উতলাব নালাগে, অন্যথা চাহ ফাটি যাব।
Also Read: একেখিনি চাহকে বাৰে বাৰে গৰম কৰি নাখাব, হ’ব পাৰে ভয়াৱহ বিপদ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us