এতিয়াৰে পৰা চজিনাৰ পাতক এলাগি নকৰিব

জিনা হৈছে এক পুষ্টিকৰ পাচলি, যি স্বাস্থ্যৰ বাবে খুব উপকাৰী। চজিনা খালে মেদবহুলতা, কলেষ্টেৰলৰ দৰে ৰোগো নিয়ন্ত্ৰণত থাকে।আয়ুৰ্বেদৰ মতে, চজিনা ৩০০ৰো অধিক ৰোগৰ ঔষধ। চজিনাৰ লগতে ইয়াৰ ফুল আৰু পাতো অতি স্বাস্থ্যকৰ।

author-image
Asomiya Pratidin
New Update
এতিয়াৰে পৰা চজিনাৰ পাতক এলাগি নকৰিব

ডিজিটেল ডেস্ক: চজিনা হৈছে এক পুষ্টিকৰ পাচলি, যি স্বাস্থ্যৰ বাবে খুব উপকাৰী। চজিনা খালে মেদবহুলতা, কলেষ্টেৰলৰ দৰে ৰোগো নিয়ন্ত্ৰণত থাকে।আয়ুৰ্বেদৰ মতে, চজিনা ৩০০ৰো অধিক ৰোগৰ ঔষধ। চজিনাৰ লগতে ইয়াৰ ফুল আৰু পাতো অতি স্বাস্থ্যকৰ। চজিনাৰ পাতত মাল্টিভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু এমিনো এচিডকে ধৰি বহু গুণ থাকে।আজি চজিনা পাতৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

চজিনাৰ পাতত কাৰ্ব, প্ৰ'টিন, মেগনেছিয়াম, পটাছিয়াম, কেলচিয়াম আৰু আইৰণৰ দৰে গুণাগুণ থাকে। বিশেষজ্ঞসকলৰ মতে, চজিনাৰ পাতৰ ৰস খালে ৰক্তচাপ হ্ৰাস হয়। তদুপৰি, এই পাতৰ ৰস সেৱনে আন বহুতো স্বাস্থ্য সম্পৰ্কীয় ৰোগৰ পৰাও আমাক বচাই ৰাখে। 

ডায়েবেটিচত উপকাৰী 

চজিনাৰ পাতত পোৱা পুষ্টিবোৰ ডায়েবেটিচ ৰোগৰ বাবে যথেষ্ট উপকাৰী। ই শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু, সদায় চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে চজিনাৰ পাত গ্ৰহণ কৰিব।

ওজন হ্ৰাস কৰাত সহায়ক 

 ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে বহুতো লোক মেদবহুলতাত ভুগি আছে। চজিনাৰ পাতত মেদবহুলতা-প্ৰতিৰোধী গুণাগুণো যথেষ্ট পৰিমাণে পোৱা যায়।সেয়েহে, মেদবহুলতা নিয়ন্ত্ৰণ কৰিবলৈ আপুনি ইয়াৰ পাতৰ ৰস খাব পাৰে। আপুনি নিয়মীয়াকৈ চজিনাৰ পাতো খাব পাৰে।

তেজ পৰিস্কাৰ কৰে

তেজ পৰিস্কাৰ কৰিবলৈও আপুনি চজিনাৰ পাতৰ ৰস খাব পাৰে। ইয়াত পোৱা উপাদানবোৰে আপোনাৰ তেজ পৰিস্কাৰ কৰাত সহায় কৰে। এই পাতৰ ৰস খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ ওলাই যায়। কিন্তু ইয়াক সেৱন কৰাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ ল'ব।  

দৃষ্টিশক্তিৰ বাবে উপকাৰী 

চজিনাৰ পাতত পোৱা উপাদানবোৰ দৃষ্টিশক্তিৰ বাবেও অতি উপকাৰী।চজিনাৰ পাত নিয়মীয়াকৈ খালে চকুৰ জ্বলা-পোৰা, দাগ আৰু ফুলা আদিৰ দৰে সমস্যাৰ পৰাও সকাহ পাব পাৰি।

হাড় হয় শক্তিশালী 

হাড়-সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি চজিনাৰ পাত খাব পাৰে। ইয়াত পোৱা মেগনেছিয়াম, ফছফৰাছ আৰু কেলচিয়ামে হাড় শক্তিশালী কৰে।সেয়েহে, হাড় শক্তিশালী আৰু স্বাস্থ্যৱান ৰাখিবলৈ আপুনি চজিনাৰ পাত আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব।

পেট সম্পৰ্কীয় সমস্যাৰ বাবে উপকাৰী 

চজিনাৰ পাতৰ ৰস পাকস্থলীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। পেটৰ বিষ, আলচাৰৰ দৰে সমস্যাৰ বাবে আপুনি নিয়মীয়কৈ চজিনাৰ পাত খাব পাৰে। ইয়াত পোৱা আঁহে অন্ত্ৰত জমা হোৱা যিকোনো ক্ষতিকাৰক পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈও আপিনি চজিনাৰ পাত খাব পাৰে। 

Also Read: যিমান পাৰে সিমান খাওঁক কমলাৰ ৰস