যিমান পাৰে সিমান খাওঁক কমলাৰ ৰস

শৰীৰটোক বেমাৰ-আজাৰৰ পৰা বচাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী।বিশেষকৈ ফল, শাক-পাচলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে। সেয়েহে, বিশেষজ্ঞসকলে বতৰৰ ফল আৰু পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। বতৰৰ ফলৰ বিষয়ে ক'লে, এতিয়া কমলাৰ বতৰ। কমলাৰ ৰসে শৰীৰক বহুতো উপকাৰ সাধন কৰে।

author-image
Asomiya Pratidin
New Update
যিমান পাৰে সিমান খাওঁক কমলাৰ ৰস

ডিজিটেল ডেস্ক: শৰীৰটোক বেমাৰ-আজাৰৰ পৰা বচাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী।বিশেষকৈ ফল, শাক-পাচলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে। সেয়েহে, বিশেষজ্ঞসকলে বতৰৰ ফল আৰু পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। বতৰৰ ফলৰ বিষয়ে ক'লে, এতিয়া কমলাৰ বতৰ। কমলাৰ ৰসে শৰীৰক বহুতো উপকাৰ সাধন কৰে। কমলাৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু ভাইৰেল সংক্ৰমণৰ পৰাও হাত সাৰি থাকিব পাৰি।আজি কমলাৰ ৰসৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

ৰক্তচাপ নিয়ন্ত্ৰণ

কমলাৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। শীতকালত কম পানী খালে ৰক্ত সঞ্চালনৰ অৱনতি ঘটিব পাৰে। যিসকল লোকৰ ইতিমধ্যে উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোক এইকেইটা দিনত সাৱধান হোৱা উচিত। কমলাত থকা পেকটিন, ফ্লেভোনইডৰ দৰে পুষ্টিবোৰে উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। 

হৃদৰোগৰ আশংকা হ্ৰাস

কমলাৰ ৰস খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও হ্ৰাস হয়। কমলাই বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। এনে পৰিস্থিতিত, যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ বিচাৰে, তেন্তে আপুনি কমলা ৰসক আপোনাৰ আহাৰৰ অংশ কৰিব পাৰে।

ৰক্তহীনতা দূৰ

কমলাৰ ৰসত ভিটামিন-এ, চি আৰু আইৰণ যথেষ্ট পৰিমাণে থাকে। ইয়াক সেৱন কৰিলে হিম'গ্লোবিনৰ স্তৰ বৃদ্ধি হয়। নিয়মীয়া কমলা ৰস খোৱাটোৱে ৰক্তহীনতাৰ সমস্যাও আঁতৰ কৰে। 

পেটৰ সমস্যাৰ পৰা সকাহ 

কমলাৰ ৰস পেটৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত থকা আঁহে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ডায়েৰিয়া, কোষ্ঠকাঠিন্য, ক্ৰেম্পৰ দৰে সমস্যাও দূৰ হয়। 

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা 

দৈনিক কমলাৰ ৰস খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয়। কমলা ৰসত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট অতি ভাল পৰিমাণত থাকে, এই সংক্ৰমণে শৰীৰক যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। এই ৰস সেৱনে চৰ্দি- জ্বৰ আদিৰ দৰে সমস্যাৰ পৰাও সুৰক্ষা দিয়ে।

ওজন হ্ৰাস 

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে আপুনি কমলাৰ ৰস গ্ৰহণ কৰিব পাৰে। ইয়াত থকা আঁহে আপোনাৰ পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখে, যাৰ ফলত আপোনাৰ ভোক কম হয়।যাৰ ফলত আপুনি ওজন হ্ৰাস কৰিব পাৰে।

চকু স্বাস্থ্যৱান 

এই ৰস চকুৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত ভিটামিন-এ পোৱা যায়, যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি, যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা চকুক সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো কমলাৰ ৰস অতি উপকাৰী বুলি গণ্য কৰা হয়।

গৰ্ভৱতী মহিলাৰ বাবে ঔষধ 

ফোলেট এই ৰসত যথেষ্ট ভাল পৰিমাণত থাকে। এনে পৰিস্থিতিত, গৰ্ভাৱস্থাত এই ৰস খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়।

ছাল-চুলিৰ বাবে উপকাৰী 

কমলাত ভিটামিন-চি পোৱা যায়। ই কোলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে ছাল উজ্জ্বল কৰাৰ লগতে ছাল কোঁচ খোৱা, ব্রণ, এণ্টিএজিং চিহ্নৰ পৰাও সকাহ পোৱা যায়। তদুপৰি, কমলা ৰস খোৱাৰ ফলত চুলি সৰাৰ সমস্যাও আঁতৰ হয়। ইয়াত পোৱা ভিটামিন-ই-য়ে চুলি ঘন আৰু শক্তিশালী কৰাত সহায় কৰে।

Also Read: সাৱধান ! আজিৰ পৰা আৰু এই ফল মুখত নিদিব