বহু ভয়াৱহ ৰোগৰ পৰা নিজকে বচাই ৰাখক

বহু ভয়াৱহ ৰোগৰ পৰা নিজকে বচাই ৰাখক

ডিজিটেল ডেস্ক: সমাগত গ্ৰীষ্ম কাল।এই দিনকেইটাত শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ পানী খোৱাটো খুবেই জৰুৰী। বেছিভাগ লোকেৰেই ঠাণ্ডা দিনত খুব কম পানী খোৱাৰ অভ্যাস আছে।কিন্তু, গ্ৰীষ্মকালত সূৰ্যৰ তাপ তথা ঘামৰ ফলত শৰীৰত থকা পানীৰ পৰিমাণ হ্ৰাস হয়, যাৰ বাবে ‘ডিহাইড্ৰেচন’ৰ সমস্যা হয়। ‘ডিহাইড্ৰেচন’ৰ পৰা ৰক্ষা পাবলৈ শৰীৰক পৰ্যাপ্ত পানীৰ প্ৰয়োজন। সেয়েহে, গ্ৰীষ্ম কাল বুলিয়েই নহয়, সকলো সময়তে শৰীৰটোক সুস্থ্য ৰাখিবলৈ আমি পানী খোৱাটো প্ৰয়োজন। ৰাতিপুৱা শুই উঠাৰ পৰাই আপুনি পানী খোৱাৰ অভ্যাস কৰক। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পানী খালে ই আমাক বহু ৰোগৰ পৰাই বচাই ৰাখিব পাৰে। আজি সেই বিষয়ে জানো আহক-

কিডনীত পাথৰ হোৱাৰ আশংকা কম

ৰাতিপুৱা প্ৰথমে পানী খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা দূৰ হয়।ৰাতিপুৱা পানী খোৱাটোৱে পাকস্থলী শান্ত তথা পাথৰ বিকাশ প্ৰতিহত কৰাত সহায় কৰে।

‘ডিহাইড্ৰেচন’

গোটেই ৰাতি টোপনি যোৱাৰ বাবে বহু ঘণ্টাৰ বাবে আমাৰ শৰীৰটো পানীৰ পৰা বঞ্চিত হৈ থাকে।আনহাতে, গ্ৰীষ্মকালত শুই থাকোতে বহুলোকৰে ঘাম ওলায়। ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হৈ ‘ডিহাইড্ৰেচন’ হয়।সেয়েহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সকলোৱে পানী খোৱাটো খুবেই প্ৰয়োজন।

মগজুৰ শীতল কৰে

‘ডিহাইড্ৰেচন’ৰ ফলত বহুসময়ত মূৰ ঘূৰোৱাকে ধৰি বহু সমস্যাৰ সৃষ্টি হয়। ইয়াক এৰাই চলিবলৈ ৰাতিপুৱা উঠিয়েই প্ৰথমে যথেষ্ট পৰিমাণে পানী খোৱা খাব লাগে।

ছালৰ সমস্যা হ্ৰাস

যদি আপোনাৰ ছাল নিৰস তথা ইয়াৰ উজ্জ্বলতা হ্ৰাস হৈছে, তেনেহ'লে সাৰ পোৱাৰ পিছত আপোনাৰ প্ৰথম কামটো হ'ব পানী খোৱা। কিয়নো ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ই নতুন কোষৰ উৎপাদন বৃদ্ধি কৰি ছালক উজ্জ্বল কৰি তোলে।

ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে

ৰাতিপুৱা পানী খোৱাটোৱে পাকস্থলীৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে, যিয়ে লিম্ফেটিক প্ৰণালীৰ ভাৰসাম্য ৰক্ষা কৰি সময়ৰ সৈতে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে। ই ব্যক্তিজনক বাৰে বাৰে অসুস্থ হোৱাৰ সমস্যাৰ পৰাও ৰক্ষা কৰিব পাৰে।

ওজন হ্ৰাস

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পানী খোৱাটোৱে বিপাক আৰু হজম বৃদ্ধি কৰাৰ লগতে ওজন হ্ৰাস কৰাতো সহায় কৰে।

বহু ভয়াৱহ ৰোগৰ পৰা নিজকে বচাই ৰাখক
‘হিট ষ্ট্ৰ’ক’ৰ লক্ষণসমূহ জানি লৈ সাৱধান হওক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in