বেবী পাউডাৰ ব্যৱহাৰ কৰোতে সাৱধান হওঁক

বিজ্ঞাপনবোৰৰ বাবেই বেবী পাউডাৰৰ প্ৰায় প্ৰতিজন অভিভাৱকৰ ৰুটিনৰ অংশ হৈ পৰিছে। অভিভাৱকসকলে নৱজাতকৰ ছাল কোমল, সুগন্ধি কৰি ৰাখিবলৈ বেবী পাউডাৰ ব্যৱহাৰ কৰে।

author-image
Asomiya Pratidin
New Update
বেবী পাউডাৰ ব্যৱহাৰ কৰোতে সাৱধান হওঁক

baby powder causes cancer

ডিজিটেল ডেস্ক: বিজ্ঞাপনবোৰত বেবী পাউডাৰৰ ব্যৱহাৰ ইমান আকৰ্ষণীয়ভাৱে দেখুওৱা হয় যে ই প্ৰায় প্ৰতিজন অভিভাৱকৰ ৰুটিনৰ অংশ হৈ পৰে। অভিভাৱকসকলে নৱজাতকৰ ছাল কোমল আৰু সুগন্ধি কৰি ৰাখিবলৈ বেবী পাউডাৰ ব্যৱহাৰ কৰে। কিন্তু, ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ ফলত আপোনাৰ সন্তান গুৰুতৰ স্বাস্থ্য সমস্যা হ'ব পাৰে।

Advertisment

হয়, বেবী পাউডাৰত এচবেষ্টছ নামৰ এবিধ উপাদান থাকে, যি অত্যন্ত ক্ষতিকাৰক। এই উপাদানটো শৰীৰত প্ৰৱেশ কৰিলে কৰ্কট ৰোগৰ বীজাণু সৃষ্টি কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত এনে এক ঘটনা সংঘটিত হৈছে, য'ত এজন ব্যক্তিৰ বেবী পাউডাৰ শুঙাৰ ফলত কৰ্কট ৰোগ হোৱাৰ সন্দেহ কৰা হৈছে।ইয়াৰ পাছতে আদালতে পাউডাৰ নিৰ্মাতাৰ বিৰুদ্ধে ১ বিলিয়ন টকাৰ জৰিমনা আৰোপ কৰে। এনে ঘটনাই সূচায় যে বেবী পাউডাৰৰ ব্যৱহাৰে গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বেবী পাউডাৰৰ ব্যৱহাৰে আপোনাৰ সন্তানক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে?

বেবী পাউডাৰৰ পোনপটীয়া ব্যৱহাৰ সৰু ল'ৰা-ছোৱালীৰ বাবে অত্যন্ত বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে। শিশুৰ ছাল অতি সূক্ষ্ম আৰু সিহঁতৰ শ্বাসতন্ত্ৰও অতি সংবেদনশীল। বেবী পাউডাৰ প্ৰয়োগৰ ফলত আপোনাৰ সন্তানৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁওফাঁওৰ সমস্যা আৰু ছালৰ এলাৰ্জি হ'ব পাৰে।

বেবী পাউডাৰ প্ৰয়োগ কৰোতে এইকেইটা কথা মনত ৰাখিব

১. পাউডাৰ ব্যৱহাৰৰ সময়ত ইয়াৰ গোন্ধ যাতে সন্তানে নাপায় আৰু মুখলৈ নিব নোৱাৰে সেই ক্ষেত্ৰত মন দিব।

২. কেতিয়াও পাউডাৰ পোনপটীয়াকৈ সন্তানৰ গাত ঢালি নিদিব। প্ৰথমে ইয়াক আপোনাৰ হাতৰ তলুৱাত লৈ পাছত লাহে লাহে  সন্তানৰ ছালত প্ৰয়োগ কৰিব।

৩. চকু, নাক, মুখ বা কাণ আদি সংবেদনশীল অংশৰ চাৰিওফালে পাউডাৰ প্ৰয়োগ নকৰিব, কিয়নো ই সহজে শৰীৰৰ ভিতৰলৈ যাব পাৰে।

৪. সদায় সীমিত পৰিমাণতহে পাউডাৰ প্ৰয়োগ কৰিব। যদি 'ডায়েপাৰ ৰেচ'ৰ বাবে পাউডাৰ ব্যৱহাৰ কৰে, ইয়াক অতি কম পৰিমাণত প্ৰয়োগ কৰিব যাতে ই ছালত স্থিৰ নহয়।

৫. কাপোৰৰ যাতে পাউডাৰ লাগি নাথাকে, তাৰ প্ৰতি মন দিব।

৬. পাউডাৰ প্ৰয়োগ কৰোতে ফেন বা কুলাৰ বন্ধ ৰাখিব যাতে পাউডাৰ উৰি গৈ আপোনাৰ সন্তানৰ চকু বা নাকত নোসোমায়।

৭. বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব। তেতিয়া আপুনি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে সঠিক তথ্য লাভ কৰিব।

৮. যদি সন্তানৰ ছাল অত্যন্ত সংবেদনশীল হয়, বেবী পাউডাৰ ব্যৱহাৰ কৰা পৰিহাৰ কৰিব। সিহঁতৰ ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ অন্যান্য সুৰক্ষিত বিকল্পৰ সহায় ল’ব।

৯. বজাৰত বহুতো প্ৰাকৃতিক আৰু এচবেষ্টছ বিহীন পাউডাৰ উপলব্ধ, যিসমূহৰ ব্যৱহাৰ সুৰক্ষিত বুলি গণ্য কৰা হয়।

Also Read: আপোনাৰ এটা ভুলৰ বাবেই অধিক ৰোগীয়া হ’ব পাৰে সন্তান