যদি নিজকে সুস্থ কৰি ৰাখিবলৈ বিচাৰে, খাওঁতে সচেতন হ’ব

চাহ আমাৰ সকলোৰে প্ৰিয়। অধিকাংশ লোকেই চাহৰ লগত বিস্কুট, মিঠাই, নিমকীকে ধৰি অন্যান্য খাদ্য গ্ৰহণ কৰি ভাল পায়।কিন্তু এতিয়াৰে পৰা আপুনি চাহৰ সৈতে খাদ্য গ্ৰহণ কৰোতে সতৰ্ক হ'ব।

author-image
Asomiya Pratidin
New Update
যদি নিজকে সুস্থ কৰি ৰাখিবলৈ বিচাৰে, খাওঁতে সচেতন হ’ব

avoid-drinking tea with-namkeen

ডিজিটেল ডেস্ক: চাহ আমাৰ সকলোৰে প্ৰিয়। অধিকাংশ লোকেই চাহৰ লগত পিঠা, বিস্কুট, মিঠাই, নিমকীকে ধৰি অন্যান্য খাদ্য গ্ৰহণ কৰিবলৈ ভাল পায়।কিন্তু এতিয়াৰে পৰা আপুনি চাহৰ সৈতে এনে খাদ্য গ্ৰহণ কৰোতে সতৰ্ক হ'ব।হয়, চাহৰ সৈতে নিমখীয়া বস্তু ভুলতো নাখাব।ই স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক।চাহৰ সৈতে নিমখীয়া খাদ্য গ্ৰহণৰ অপকাৰিতাৰ বিষয়ে আজি জানো আহক- 

Advertisment

বদহজমৰ সমস্যা

গাখীৰ চাহৰ সৈতে নিমখীয়া, টেঙা বা মচলাযুক্ত বস্তু খালে পাচন তন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।ই বদহজমৰ সমস্যা বৃদ্ধি কৰে।

ডায়েৰিয়াৰ আশংকা 

গাখীৰ চাহত পোৱা টেনিন আৰু লৱণৰ সংমিশ্ৰণে পেট বেয়া কৰে।টেনিনবোৰ গাখীৰৰ সৈতে ভালদৰে মিহলি নহয়।যাৰ ফলত পেট ফুলা, পেটৰ বিষ, ডায়েৰিয়া আৰু অন্যান্য হজম সমস্যাৰ আশংকা বৃদ্ধি হ'ব পাৰে।

এচিডিটিৰ সমস্যা

যদি আপুনি গাখীৰ চাহৰ সৈতে নিমখীয়া শুকান ফল বা আন কিবা নিমখীয়া খাদ্য খায়, ই এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে।পৰাপক্ষত তেলত ভজা-পোৰা খাদ্যও চাহৰ সৈতে খাবলৈ এৰিব।

অন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ

নিমখীয়া খাদ্যত থকা পৰিশোধিত কাৰ্ববোৰ হজম হ'বলৈ দীঘলীয়া সময় লয়, যিয়ে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য প্ৰভাৱিত কৰে। চাহ আৰু নিমখীয়াৰ সংমিশ্ৰণে আপোনাৰ আভ্যন্তৰীণ প্ৰণালী ক্ষতিগ্ৰস্ত কৰিব পাৰে। যাৰ ফলত আপোনাৰ দীৰ্ঘম্যাদী পাচন সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

উল্লেখ্য যে, গাখীৰ চাহো স্বাস্থ্যৰ পক্ষে হানিকাৰক। এই কাৰণেই নিমখীয়া খাদ্যৰ সৈতে চাহ খালে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে।সেয়েহে, নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ এনে ভুল খাদ্যৰ সংমিশ্ৰণ পৰিহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।

Also Read: সঠিক সময়ত খালে শৰীৰক পুষ্টি দিয়ে গাখীৰ চাহে