মুখত বিৰিঙক হাঁহিঃ হন্ সিতাৰ বাবেই মোডী, মমতালৈ চিঠি…

মুখত বিৰিঙক হাঁহিঃ হন্ সিতাৰ বাবেই মোডী, মমতালৈ চিঠি…

মৃদুল কুমাৰ সন্দিকৈ

অকলশৰীয়া নহয় হন্ সিতা। ২০ বছৰ পূৰ্বে হেৰুওৱা ককায়েকক বিচাৰি উলিয়াবলৈ হন্ সিতাই আৰম্ভ কৰা এই যাত্ৰাত অংশীদাৰ হৈছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ। কি পৰিস্থিতিত হন্ সিতাই ককায়েকক হেৰুৱাইছিল সেয়া আছিল ২০ বছৰ আগৰ কাহিনী।

তেতিয়া হন্ সিতাৰ জন্মই হোৱা নাছিল। হন্ সিতাৰ পেহীয়েকে কাম কৰিছিল ভাৰতীয় ৰে'ল বিভাগত। কাটিহাৰত কৰ্মসূত্ৰে থকা ভগ্নীৰ ঘৰলৈ গৈছিল শ্যামন্ত দাস সপৰিয়ালে। পুত্ৰ নিশান্ত, পত্নী সবিতা দেৱী দাসৰ বাবে আছিল সেই দিনকেইটা আনন্দ আৰু ফূৰ্তিৰ।

উভতিছিল তেওঁলোকে অবধ আসামত।ঘৰলৈ আহি থাকোতে নিশা প্ৰায় ১.৪৫ বজাত ঘটিছিল অঘটন।গাইসালত সংঘটিত হৈছিল একেটা ট্ৰেকেৰে আহি থকা দুখন ট্ৰেইনৰ মাজত সংঘৰ্ষ। ব্ৰহ্মপুত্ৰ মেইলৰ সৈতে হোৱা সংঘৰ্ষত আহত হৈছিল সেই পৰিয়ালটো।

মাতৃৰ বুকুত সোমাই প্ৰায় সুস্থ হৈয়েই আছিল ৩ বছৰ ৭ মহীয়া নিশান্ত। উদ্ধাৰ কৰাৰ পাছত চিকিৎসালয়লৈ নিয়া হৈছিল নিশান্তক। কিন্তু চিকিৎসালয়ৰ বিচনাৰ পৰা কোনোবাই লৈ গৈছিল শিশুটিক।

এই সাজ পিন্ধিয়েই ঘৰলৈ উভতিছিল নিশান্ত (বাওঁফালৰ জন)

তাৰ পাছত পিতৃয়ে ক'ত বিচাৰিলে, কি কৰিলে সেয়া বহু অধ্যায়। সন্ধান পোৱা নাই নিশান্তৰ। পিতৃয়েও এৰা নাই আশা। পিতৃৰ এই চেষ্টাৰ সহযোগী হ'ব খুজিছিল হন্ সিতাও। নিশান্ত হেৰুওৱাৰ পিছত শ্যামন্ত দাস আৰু সবিতা দেৱী দাসৰ সংসাৰলৈ আহিছিল এই ছোৱালীজনী।

নিশান্তৰ কথা ওলালেই এনেদৰে উচুপি উঠে হন্ সিতাই

বৰ্তমান নৱম শ্ৰেণীৰ ছ্ত্ৰী হন্ সিতাই লিখিছে কিদৰে হেৰুওৱা ককায়েকক বিচাৰি ফুৰে দেউতাকে। মাকে প্ৰায়ে কয় ককায়েকৰ কথা। তায়ো ভাৱে- আজি যদি ককায়েক থাকিলহেঁতেন কিমান ডাঙৰ হ'ল হেঁতেন সি!

দেউতাকৰ চেষ্টাৰ বিপৰীতে হন্ সিতাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে ককায়েকক বিচাৰিবলৈ কিছু দিনৰ পূৰ্বে ফেচবুকত লিখিছে এক হৃদয়স্পৰ্শী পোষ্ট। এবাৰ চুই চোৱাৰ আশাৰে হন্ সিতাই আহ্বান জনাইছে এবাৰৰ বাবে হ'লেও ককায়েকক চাবলৈ দিয়ক তাইক।

'Gaishal Tragedy:An emotional appeal from a heartbroken sister' শিৰোনামেৰে তাই লিখিছে –

''How can anyone forget the tragic accident of Gaishal! It is just like a black chapter in the history of Indian Railways. It was the fateful night of 2.8.1999 when Abodh Assam Express was collided with Brahmaputra Mail coming from the opposite direction at Gaishal.More than 280 people had died and nearly 600 passengers were injured in that tragic accident. Among those injured there were my father Mr Shyamanta Das,mother Mrs Sabita Devi Das and my beloved brother Nishanta. . My parents luckily survived but since than my brother Nishanta is still missing. This incident was more pathetic for me because i was not born at that time. Just like those fateful train tracks i am also running through the track of sorrows all these years after my birth carrying the image of my beloved brother in my heart.My parents still carrying that agony in their hearts. And i'm the most heartbroken sister who is longing for her brother whom i have never seen except in the photograph.In such an sad moment it is humble appeal from a heartbroken sister to all of you to kindly inform/contact us at Mobile numbers 09435043108/09435554063 or in the nearest Police Station if you have any information regarding the whereabout of my brother Nishanta. somebody may have adopt him as their son and they may not be willing to give back him. we also never want to hurt their emotions but like every human being my parents also waiting to see his face for last twenty years atleast for a moment like me.''

তাই বুজি পায়, ২০ বছৰে যি তুলি তালি ডাঙৰ দীঘল কৰিছে, তেওঁলোকেও অশেষ কষ্ট কৰিছে নিশান্তৰ বাবে। ঘূৰাই দিব নালাগে নিশান্তক। মাথো এবাৰ লগ পাবলৈ দিয়ক তেওঁলোকক।

হন্ সিতা আশাবাদী, ফেচবুকত তাই লিখা এই কথাবোৰ ককায়েকৰ দৃষ্টিগোচৰ হ'ব। তাই আহ্বান জনাইছে সকলোৱে যাতে তাই হেৰুওৱা ককায়েকক এবাৰ চাবলৈ পোৱাৰ এই আশাত সহায়ৰ হাত আগবঢ়ায়।

হন্ সিতাৰ সেই ইচ্ছা পূৰণৰ বাবে ছ'চিয়েল মিডিয়াত হন্ সিতাই জনোৱা আহ্বানত সহযাত্ৰী হৈছে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণ। হন্ সিতাৰ মনৰ কথা আৰু এই হৃদয় বিদাৰক ঘটনা যাতে পশ্চিম বংগৰ সংবাদ মাধ্যম সমূহে প্ৰচাৰ কৰে তাৰ বাবে ৰাজ্যখনৰ কেইবাটাও প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীলৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে লিখিছে পত্ৰ।

আনন্দবাজাৰ পত্ৰিকালৈ হন্ সিতাৰ এই কাহিনী উল্লেখেৰে ২২ জুন, ২০১৯ত এই খবৰ দৃষ্টিগোচৰ কৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হৈ অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই লিখা পত্ৰ এইখন।

To,
The Editor-In-Chief
Anandabazar Patrika
Raninagar, Banjetia, Nimtala, Berhampore, West Bengal 742101

Dear Sir,
I write to your good self to express my concern and anguish over a heartbreaking story, published on Asomiya Pratidin Digital (www.asomiyapratidin.in) on the Gaisal train disaster.

For your kind concern, I would like to describe the story here briefly.

Shri Shyamanta Das and his wife Smt. Sabita Devi Das and their son Nishanta Das (Dudla) of New Guwahati were coming from Katihar to Guwahati by Avadh Assam Express on August 1st 1999. As there was a serious train disaster at Gaisal (West Bengal) on August 2nd 1999, both Shri Das and Smt. Das were seriously injured, but their son escaped unhurt. Mr. and Mrs. Das were given first aid by the relief workers at Gaisal accident site, where the son was also with them on August 2nd. 1999. From there they were taken to Islampur Civil Hospital. As the condition of both Mr. and Mrs. Das was critical, they were shifted to North Bengal Medical College Hospital at Siliguri leaving behind their son viz. Master Nishanta Das. Since then the child is missing from the Islampur Relief Camp from August 2nd. 1999. The victim family wrote to the then Prime Minister Atal Bihari Vajpayee and the matter was enquired by the Railway Protection Force (RPF) at various places including the Hospitals and with various voluntary organisations. Wide publicity through Newspaper and Doordarshan was made for obtaining the information regarding the child The District Magistrate, Raiganj was also contacted but there was no information about the child. However, all concerned have been directed by Superintendent of Police (GRP), Siliguri to trace out the missing Nishanta Das. Even, Railway Minister Mamata Banerjee in her tenure also separately requested the Home Minister to suitably advise the State Government of West Bengal to render all necessary assistance in this matter.

As the matter had already been enquired by various government departments; hence, your organization can go for a successful campaign in this case. The family is still waiting for their son to return, I request you to help to the family in this regard.

Hope, we will get a positive response from you.
Thank you…

Regards,
Prakash Mahanta
Associate Editor, Asomiya Pratidin

আনন্দবাজাৰ পত্ৰিকালৈ লিখা পত্ৰখন…

কেৱল এয়াই নহয়, হন্ সিতাৰ এই কাহিনী জনোৱা হৈছে কলকতা প্ৰেছ ক্লাৱকো। হন্ সিতাক যাতে তেওঁৰ এই আহ্বানৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰে, তাৰ বাবে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত ২১ জুন, ২০১৯ত প্ৰকাশিত ১২ বছৰীয়া হন্ সিতাৰ আহ্বান- ঘূৰাই দিব নালাগে, মোক মাথো এবাৰ দাদাক চাবলৈ… শীৰ্ষক বিশেষ প্ৰতিবেদনসহ ই-মেইল যোগে প্ৰেৰণ কৰা হৈছে হন্ সিতাৰ আহ্বান।

কলকতা প্ৰেছ ক্লাৱলৈ দিয়া মেইলটো…

বাংলা ভাষাৰ অন্যতম প্ৰভাৱশালী কাকত আজকল, জি বাংলা, এই সময়, দ্য ৱালকে ধৰি কেইবাটাও সংবাদ প্ৰতিষ্ঠানলৈ এই বাৰ্তাৰ প্ৰতি সঁহাৰি দিবলৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে যোগাযোগ কৰিছে। যাতে হন্ সিতাই তেওঁৰ হেৰুওৱা ককায়েকৰ সন্ধান লাভ কৰে তাৰ বাবে এই আহ্বান জনোৱা হৈছে।

বাংলা ভাষাৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছে হন্ সিতাৰ এই আহ্বান…

ৰে'লমন্ত্ৰী হৈ থাকোতে মমতা বেনাৰ্জীয়ে বিশেষভাৱে উদ্যোগ লৈছিল বিষয়টোত। সেয়েহে বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকো অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰি পুনৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি ব্যৱস্থা ল'বলৈ অনুৰোধ জনাই প্ৰেৰণ কৰা হৈছে পত্ৰ।

To,
The Hon'ble Chief Minister Mamata Banerjee,
NABANNA (14th Floor)
325, Sarat Chatterjee Road,
Shibpur, Howrah-711102
Date- 22th june, 2019

Respected Madam,
I write to your good self to express my concern and anguish over a heartbreaking story, published on Asomiya Pratidin (www.asomiyapratidin.in) on the Gaisal train disaster.

For your kind concern, I would like to describe the story here briefly.

Shri Shyamanta Das and his wife Smt. Sabita Devi Das and their son Nishanta Das (Dudla) of New Guwahati were coming from Katihar to Guwahati by Avadh Assam Express on August 1st 1999. As there was a serious train disaster at Gaisal (West Bengal) on August 2nd 1999, both Shri Das and Smt. Das were seriously injured, but their son escaped unhurt. Mr. and Mrs. Das were given first aid by the relief workers at Gaisal accident site, where the son was also with them on August 2nd. 1999. From there they were taken to Islampur Civil Hospital. As the condition of both Mr. and Mrs. Das was critical, they were shifted to North Bengal Medical College Hospital at Siliguri leaving behind their son viz. Master Nishanta Das. Since then the child is missing from the Islampur Relief Camp from August 2nd. 1999. The victim family wrote to the then Prime Minister Atal Bihari Vajpayee and the matter was enquired by the Railway Protection Force (RPF) at various places including the Hospitals and with various voluntary organisations. Wide publicity through Newspaper and Doordarshan was made for obtaining the information regarding the child The District Magistrate, Raiganj was also contacted but there was no information about the child. However, all concerned have been directed by Superintendent of Police (GRP), Siliguri to trace out the missing Nishanta Das.

And Madam, during your tenure as Railway Minister you also separately requested the Home Minister to suitably advise the State Government of West Bengal to render all necessary assistance in this matter.

The family is still waiting for their son to return, I request you to help to the family in this regard, so that they can get back their son.

Hope, we will get a positive response from you in this regard.
Thank you…

Regards,
Prakash Mahanta
Associate Editor, Asomiya Pratidin

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ cm@wb.gov.in মেইলত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ ই-মেইল আইডি asomiyapratidinweb@gmail.comৰ পৰা প্ৰেৰণ কৰা হৈছে এই পত্ৰ। য'ত মুখ্যমন্ত্ৰীগৰাকীক বিষয়টো বিবেচনা কৰি মানবীয়তাৰ খাতিৰত পদক্ষেপ ল'বলৈ অনুৰোধ কৰা হৈছে।

মমতা বেনাৰ্জীলৈ প্ৰেৰণ কৰা ই-মেইলটো…

গাইসালৰ ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেতিয়াৰ প্ৰধানমন্ত্ৰীকো এই বিষয়ে অবগত কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও আহিছিল পত্ৰ। কিন্তু সেই দিনত নাছিল এতিয়াৰ দৰে তথ্য প্ৰযুক্তি। নাছিল গাঁৱে ভূঞে ইন্টাৰনেট, মোবাইল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হৈ হন্ সিতাৰ এই পদক্ষেপৰ প্ৰতি প্ৰধানমন্তীৰো দৃষ্টিগোচৰ কৰা হৈছে। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা পত্ৰত তেওঁৰ জনপ্ৰিয় অনুষ্ঠান 'মন কী বাত' যদি পুনৰ আৰম্ভ কৰে, তেন্তে এই সন্দৰ্ভত বিবেচনা কৰিবলৈ অনুৰোধ কৰা হৈছে।

To,
The Hon'ble Prime Minister Shri Narendra Modi
South Block, Raisina Hill, New Delhi-110011
Date- 22th june, 2019

Dear Shri Narendra Modi ji,

I write to your good self to express my concern and anguish over a heartbreaking story, published on Asomiya Pratidin Digital (www.asomiyapratidin.in) on the Gaisal train disaster.

For your kind concern, I would like to describe the story here briefly.

Shri Shyamanta Das and his wife Smt. Sabita Devi Das and their son Nishanta Das (Dudla) of New Guwahati were coming from Katihar to Guwahati by Avadh Assam Express on August 1st 1999. As there was a serious train disaster at Gaisal (West Bengal) on August 2nd 1999, both Shri Das and Smt. Das were seriously injured, but their son escaped unhurt. Mr. and Mrs. Das were given first aid by the relief workers at Gaisal accident site, where the son was also with them on August 2nd. 1999. From there they were taken to Islampur Civil Hospital. As the condition of both Mr. and Mrs. Das was critical, they were shifted to North Bengal Medical College Hospital at Siliguri leaving behind their son viz. Master Nishanta Das. Since then the child is missing from the Islampur Relief Camp from August 2nd. 1999. The victim family wrote to the then Prime Minister Atal Bihari Vajpayee and the matter was enquired by the Railway Protection Force (RPF) at various places including the Hospitals and with various voluntary organisations. Wide publicity through Newspaper and Doordarshan was made for obtaining the information regarding the child The District Magistrate, Raiganj was also contacted but there was no information about the child. However, all concerned have been directed by Superintendent of Police (GRP), Siliguri to trace out the missing Nishanta Das. Even, Railway Minister Mamata Banerjee in her tenure also separately requested the Home Minister to suitably advise the State Government of West Bengal to render all necessary assistance in this matter.

As the matter had already been enquired by various government departments; hence, your government can apply a successful digital campaign in this case as India's digital infrastructure is coming to life, with a combination of policy and technological innovation having played an important role. It may be mentioned that the family also denied Rs 5lakh ex-gratia from the government and have been urging to deploy sufficient manpower to find their son.

As we know, you are doing a popular Radio Program 'Mann Ki Baat'- in which you address the people of the nation on All India Radio, DD National and DD News. If possible, you can present the story through this platform, so that they can get back their son.

The family is still waiting for their son to return, I request you to help to the family in this regard.

Hope, we will get a positive response from you.
Thank you…

Regards,
Prakash Mahanta
Associate Editor, Asomiya Pratidin (Assamese Daily)

এইদৰেই হন্ সিতাই ককায়েকক বিচাৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে চলোৱা প্ৰচাৰে যাতে সফলতা লাভ কৰে তাৰ বাবে উদ্যোগ লৈছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে।

প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰা ই-মেইল…

ভাতৃক বিচাৰি উলিয়াবলৈ এজনী ১২ বছৰীয়া ছোৱালীয়ে এই প্ৰচাৰে এতিয়া নতুন মাত্ৰা লাভ কৰিছে। ২০ বছৰ আগত সেয়া সম্ভৱ নহ'লেও আজিৰ তাৰিখত এয়া সম্ভৱ হৈ উঠিছে। মানুহৰ হাতে হাতে এতিয়া মোবাইল। গাঁৱে-ভূঞে আছে ফেচবুক, হোৱাটছএপ ব্যৱহাৰকাৰী। হন্ সিতাই ভাৱে, তেওঁৰ ককায়েকৰো নিশ্চয় আছে ফেচবুক, হোৱাটছএপ। এদিন নহয় এদিন তেওঁ পাব এই খবৰ। বিচাৰি আছে তেওঁক ভনীয়েক হন্ সিতাই।

হন্ সিতাৰ জন্ম হোৱাৰ খবৰে হয়তো নাপায় নিশান্তই। দেখা নাই দুয়োৱে দুয়োক। মাকে কোৱা শুনিছে হেৰোৱা ককায়েকৰ কাণৰ লতিত আছে এটা মাহ, আৰু আঁঠুৰ ওপৰত আছে তুলসী। চিকিৎসালয়ৰ পৰা কোনোবাই লৈ যোৱা নিশান্ত নিশ্চয় আছে ক'ৰবাত। এতিয়াতো নিশান্ত ২৪ বছৰীয়া চফল ডেকা। নিশান্তৰ কাণত হন্ সিতাৰ এই আহ্বান পৰিবগৈ নে?

ফেচবুক, হোৱাটছএপত বহু খবৰ ভাইৰেল হয়, এই খবৰেও এনে প্ৰচাৰ, প্ৰসাৰ লাভ কৰক। মিলন ঘটাওক এই দুই ভাতৃ-ভগ্নীৰ। মিলনেৰে অন্ত পৰক ২০ বছৰীয়া অপেক্ষাৰ…। এতিয়া ফেচবুকেই হন্ সিতাৰ শেষ ভৰষা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in