১২ বছৰীয়া হন্ সিতাৰ আহ্বান- ঘূৰাই দিব নালাগে, মোক মাথো এবাৰ দাদাক চাবলৈ দিয়ক…

১২ বছৰীয়া হন্ সিতাৰ আহ্বান- ঘূৰাই দিব নালাগে, মোক মাথো এবাৰ দাদাক চাবলৈ দিয়ক…

মৃদুল কুমাৰ সন্দিকৈ

হন্ সিতা কাশ্যপক আপুনি চিনি নাপায়। এজনী ১২ বছৰীয়া কিশোৰী। তাইৰ এক আহ্বান শুনিলে আপোনাৰো চকুৰে বৈ আহিব চকুপানী। জীৱনৰ এই কাহিনী চিনেমাৰ কাহিনীৰ দৰেই। ২০ বছৰ ধৰি পৰিয়ালটোৱে অপেক্ষা কৰিছে এটা ৩ বছৰ ৭ মহীয়া শিশুলৈ।

২০ বছৰ ধৰি এই শিশুটোলৈ অপেক্ষা কৰি আছে ঘৰখনে…

শিশুটিৰ সন্ধানত যোৱা দুটা দশক ধৰি ক'লৈ যোৱা নাই পিতৃ! যিয়েই খবৰ দিছে তেওঁৰ কাষলৈকে দৌৰিছে। কিজানিবা পাই যায় ২০ বছৰ আগতে হেৰুওৱা সন্তানক!

পশ্চিম বংগৰ পৰা আহিছিল এখন চিঠিৰ… সন্ধান পোৱা গৈছিল এটি শিশুৰ

১৩ ফেব্ৰুৱাৰী, ২০০০ চন। পশ্চিম বংগৰ পৰা এজন অচিনাকি ব্যক্তিয়ে তেওঁলৈ এখন চিঠি লিখিছিল। এটা কিশোৰৰ সন্ধান পোৱা গৈছিল। তেওঁ হেৰুওৱা ল'ৰাটোও হ'ব পাৰে। মানুহজন দৌৰি গৈছিল পশ্চিম বংগ-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চললৈ। হাতত ল'ৰাটোৰ ফটো।

পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰাৰ মুহূৰ্তত…

চিঠিত দিয়া ঠিকনা অনুসৰি মানুহজনে ল'ৰাটোক চালেগৈ। নাই, নহয় তেওঁৰ হেৰুওৱা সন্তানটো। কেইবাৰ গৈছে কলকতাৰ পশ্চিম বংগৰ থানালৈ তাৰ হিচাব নাই। তাত এতিয়াও ৰুজু হৈ আছে গোচৰ। আৰক্ষীকে ধৰি কোনে বিচৰা নাই এই শিশুটিক।

পশ্চিম বংগৰ ইছলামপুৰ থানাত দিয়া সেই এজাহাৰখন…

তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈও পুত্ৰৰ সন্ধান বিচাৰি পত্ৰ লিখিছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিছিল প্ৰাপ্তি স্বীকাৰৰ পত্ৰ।

পুত্ৰৰ সন্ধান বিচাৰি প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰাপ্তি স্বীকাৰ কৰিছিল এইদৰে…

সেয়া আছিল ২০০০ চনৰেই কথা। বাজপেয়ীৰ চৰকাৰৰ দিনত ৰে'ল মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা মমতা বেনাৰ্জীলৈও শিশুটিৰ সন্ধানৰ ব্যৱস্থা কৰিবলৈ মানুহজনে আন এখন পত্ৰও প্ৰেৰণ কৰিছিল।

মমতা বেনাৰ্জীয়ে লিখা পত্ৰখন…

বিজয়া চক্ৰৱৰ্তীৰ জৰিয়তে লিখা এই পত্ৰৰ প্ৰত্যুত্তৰত মমতা বেনাৰ্জীয়ে এই শিশুটিৰ সন্ধান কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছিল। ২/৯৯/তাং ১৯৯৯ ভাৰতীয় দণ্ডবিধি ধাৰা ২৭৯/৩৩৭/৩৩৮/৩০৪ ধাৰাত ৰুজু হোৱা এই গোচৰটোৰ যাতে ভালদৰে আৰক্ষীয়ে আন বিভাগীয় কৰ্তৃপক্ষই চায়, তাৰ বাবে নিৰ্দেশ দিয়াৰ কথা লিখিছিল। ৰাষ্ট্ৰীয় বাতৰি কাকত, সংবাদ মাধ্যমৰ জৰিয়তে শিশুটিৰ ফটো ছপা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো শিশুটিৰ সন্ধান নপোৱাৰ কথা উল্লেখ কৰিছিল পত্ৰখনত।

বিদ্যালয়লৈ গৈছিল শিশুটিয়ে…

পশ্চিম বংগৰ গৃহমন্ত্ৰীক বিষয়টো বিশেষ ভাৱে চাবলৈ অনুৰোধ কৰিছিল মমতা বেনাৰ্জীয়ে। ৰাষ্ট্ৰীয় বাতৰি চেনেল জি নিউজত এই শিশুটিৰ সন্ধানক লৈ এক অনুষ্ঠান পৰিৱেশনৰ বাবে শিশুটিৰ পিতৃক নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু তেতিয়া যাব পৰা অৱস্থাত নাছিল শিশুটিৰ পিতৃ। পুত্ৰক বিচাৰি তেওঁ দিন ৰাতি একাকাৰ কৰিছিল।

জি নিউজে শিশুটিৰ সন্ধান সন্দৰ্ভত এক অনুষ্ঠান পৰিৱেশনৰ বাবে মতা পত্ৰখন…

পিতৃৰ বাবে শিশুটি প্ৰাণৰো আপোন আছিল। এতিয়াও পুত্ৰলৈ মনত পৰিলে উচুপি উঠে মানুহজন। আনে নেদেখাকৈ ৰাতি ৰাতি উচুপে মাতৃয়ে। শিশুটিক হেৰুওৱাৰ ২০ বছৰৰ পাছতো মাতৃয়ে এৰা নাই আশা। পিতৃৰ এতিয়াও আছে ভগৱানৰ ওচৰত ভৰষা।

সৌ সিদিনা আন এক খবৰ আহিল। চিনাকি এজন লোকে ক'লে- পশ্চিম বংগত এজন যুৱকৰ সন্ধান পোৱা গৈছে। তেওঁলোকৰ হেৰুওৱা সন্তানটোৰ দৰেই কিছু চিন মিলে।

শিশুটিৰ কাণত আছিল এটা মাহ, ভৰিত আছিল তুলসীৰ চিহ্ন…

হেৰুওৱা শিশুটিৰ কাণত আছিল এটা মাহ আৰু এখন ভৰিত আছিল তুলসীৰ চিহ্ন। চিনাকি মানুহজনে সন্ধান দিয়া যুৱকজনৰো কাণত এটা মাহ আৰু ভৰিত আছিল আছিল তুলসী। আকৌ আশাৰ সঞ্চাৰ হৈছিল পৰিয়ালটোত। সেই চিনাকি মানুহজন গৈছিল পশ্চিম বংগলৈ। এইবাৰ তেঁৱেই গৈ শিশুটিক চাই মানুহজনলৈ প্ৰেৰণ কৰিলে এখন ফটো।

চিনাকি ব্যক্তিজনে প্ৰেৰণ কৰা হোৱাটছএপৰ ফটোখন…

মানুহজনে ফটোখন চালে। মাতৃয়েও ভালকৈ চালে ফটোবোৰ। নাই নহয় এয়া তেওঁলোকৰ সন্তান! তেওঁলোকে হেৰুওৱা সন্তানটোৰ কাণৰ লতিত আছিল মাহ আৰু ভৰিৰ আঁঠুৰ ওপৰত আছিল তুলসীৰ চিহ্ন।

আশাৰ সঞ্চাৰ হয়, কিন্তু হেৰুওৱা সন্তানক ঘূৰাই পোৱাৰ সপোন পূৰণ হোৱা নাই। তাৰ পাছতেই সেই পৰিয়ালটোলৈ আহিল এজনী কন্যা সন্তান। নাম তাইৰ হন্ সিতা কাশ্যপ। পিতৃ-মাতৃৰ মুখত শুনে তাইৰ এজন ককায়েক আছিল। নাম আছিল- নিশান্ত। তাই দেখে মাকে কেনেকৈ উচুপে নীৰৱে। পিতৃয়ে কিদৰে বিচাৰি ফুৰিছে হেৰুওৱা ককায়েকক।

সেই দৃশ্য আৰু ঘৰখনৰ পৰিৱেশে তাইক ব্যাকুল কৰি তোলে। তায়ো চাব খোজে এবাৰ ককায়েকক। ইমানদিনে শুনিহে আহিছে। তাইৰো মন যায় আনৰ দৰে ককায়েকৰ সৈতে খেলিবলৈ। সেয়েহে
হন্ সিতাই এইবাৰ আৰম্ভ কৰিছে ককায়েকক বিচৰাৰ অভিযান।

দাদা… ক'ত আছা তুমি?

কেনেকৈ হেৰাল এই শিশুটি, সেয়াও এক অন্য কাহিনী। ২৭ জুলাই, ১৯৯৯। মহানগৰীৰ নিউ গুৱাহাটীৰ বাসিন্দা শ্যামন্ত দাস গৈছিল কাটিহাৰলৈ। লগত পত্নী সবিতা দেৱী দাস আৰু একমাত্ৰ সন্তান নিশান্ত। শ্যামন্ত দাসৰ ভগ্নীয়ে কাম কৰে ৰে'লৱেত। ৩ বছৰ ৭ মাহ হোৱা মৰমৰ সন্তানক লৈ কাটিহাৰলৈ যোৱা এই ভ্ৰমণতে তেওঁলোকে ফুৰিছিল নেপালো। ৩১ জুলাই, ১৯৯৯। শ্যামন্ত দাসৰ ভগ্নীৰ সন্তানৰ আছিল জন্মদিন। সেই অনুষ্ঠানত সপৰিয়ালে উপস্থিত আছিল তেওঁলোক।

তাৰ পাছত ১ আগষ্টৰ নিশাই তেওঁলোক ৰে'লেৰে উভতিছিল গুৱাহাটী অভিমুখে। নিশা ১০ মান বজাত কাটিহাৰ ৰে'ল ষ্টেছনত অবোধ আসাম এক্সপ্ৰেছত ঘৰমুখী হৈছিল পৰিয়ালটো। অহাৰ পূৰ্বে ভগ্নীৰ সন্তানৰ সৈতে নিশান্তই তুলিছিল এখন ফটো।

নিশান্তৰ শেষৰখন ফটো…

ৰে'লখনৰ মাজৰ এছ-১ দবাটোত আছিল তেওঁলোকৰ আসন। মাকৰ সৈতে আপাৰ বাৰ্থত নিশান্ত আৰু বিপৰীত ফালে থকা একেবাৰে ওপৰৰ আসনখনত পিতৃ শ্যামন্ত দাস। ৬ ঘন্টা পলমকৈ চলি আছিল ট্ৰেনখন। ট্ৰেনখনৰ ভিতৰত তেওঁলোকে উঠা দবাটোত নাছিল কাৰেন্ট, পানী। সেয়েহে উঠিয়েই শুই পৰিছিল তেওঁলোক। দিনটোৰ ব্যস্ততাৰ ভাগৰে হেঁচি ধৰিছিল। প্ৰায় ৪ ঘন্টামান তেওঁলোক আহিছিল। নিশা তেতিয়া ১,৪৫ বাজিছিল। নতুন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ৰে'লখনৰ গতি আছিল প্ৰায় ৭০-১০০ কিলোমিটাৰ। হঠাৎ প্ৰচণ্ড শব্দ হ'ল। তাৰ পিছত কি হ'ল সেয়া তেওঁলোকে পিছতহে গম পালে।

হঠাৎ ঘটি গ'ল অঘটন…

৫৬১০ অবধ আসাম এক্সপ্ৰেছ খনৰ চালক আৰ ৰায়ে গম পাইছিল ভয়ানক ভুল এটা গৈছে। কিন্তু তেতিয়া একো কৰাৰে উপায় নাছিল। দিল্লীলৈ গৈ থকা ৪০৫৫ নম্বৰৰ ব্ৰহ্মপুত্ৰ মেইল একেটা ট্ৰেকত। প্ৰচণ্ড শব্দেৰে দুয়োখন ট্ৰেনে খুন্দা মাৰি দিলে। কিষাণগঞ্জ ৰে'ল ষ্টেছনৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ গাইসালত ঘটি গ'ল এই অঘটন। তাৰ পাছত চৌদিশে হাহাকাৰ। ৫০ ফুট পৰ্যন্ত ওপৰত উঠিল ৰে'লৰ দবা।

মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল গাইসাল…

অবোধ আসামত ঘৰলৈ আহি থকা শ্যামন্ত দাসৰ পৰিয়াল থকা দবাটো আন এটা দবাৰ ওপৰত উঠিছিল। দবাৰ পৰা ওলাই কাষৰ হাবিত পৰিছিলগৈ শ্যামন্ত দাস। মূৰত আঘাত। বহু দেৰি সময় তেওঁ একো ক'বই পৰা নাছিল। উদ্ধাৰকাৰী দল যেতিয়া আহিছিল, তেতিয়া তেওঁ মাত্ৰ কৈছিল মোৰ পত্নী আৰু ল'ৰাটো আছে এই দবাটোত।

শ্যামন্ত দাসৰ ঘৰত আজিও আছে সেই দুৰ্বিসহ দিনটোৰ ছবি…

উদ্ধাৰকাৰী দলে তেওঁক হাস্পতাল নিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ আঁকোৰগোজ আছিল, অকলে নাযায়। পত্নী আৰু পুত্ৰক লগত লৈহে যাব। কিন্তু বিচাৰি পায় ক'ত? শ্যামন্ত দাসে কৈছিল- পত্নীৰ নাম সবিতা। আপোনালোকে চিঞৰি চিঞৰি মাতকচোন। উদ্ধাৰকাৰী দলটোৱে মাতিছিল সেই নামেৰে…।

একেবাৰে ওপৰৰ দবাটোতে আবদ্ধ হৈ আছিল সবিতা দাস

সবিতা দাসে সহাঁৰি দিছিল- মই ইয়াত। সেইদিনা আছিল বৰষুণ, নাছিল কাৰেন্ট। উদ্ধাৰকাৰী দলে দেখা পোৱা নাছিল। সেই দিনটোৰ কথা সুঁৱৰি সবিতা দাসে কৈছিল- মই একেবাৰে ওপৰত। ক'ত আছো মই নাজানো। মোৰ বুকুত ল'ৰাটো। সি বৰ বেছি আঘাত পোৱা নাছিল। কিন্তু মই লৰচৰ কৰিব পৰা নাছিলো। মই তেওঁলোকক বুজাব পৰা নাছিলো ক'ত আছো। কিন্তু এবাৰ মই ভৰি কোনোমতে বাহিৰলৈ উলিয়াই লৰাই দি কৈছিলো- মই ভৰি এখন লৰাই দিছো। অৱশেষত তেওঁলোকে মোক দেখিছিল। মোক উদ্ধাৰ কৰিবলৈ ওপৰলৈ উঠি আহিল কেইজনমান লোক। মোক কোনোমতে উলিয়ালে। মই ক'লো- মোৰ ল'ৰাটো আছে।

এনেদৰেই চলিছিল উদ্ধাৰ অভিযান…

তেওঁলোকে তাকো উলিয়াম বুলি ক'লে। প্ৰথমে মোক উলিয়াই ল'ৰাটোক উলিয়াব। বাহিৰলৈ অনাৰ পিছত মই সংজ্ঞাহীন হৈ পৰিলো। আমাক লৈ যোৱা হ'ল ইছলামপুৰৰ হাস্পতাললৈ। তাৰ পৰা নিয়া হ'ল নিউ জলপাইগুৰিলৈ।

শ্যামন্ত দাসে চিকিৎসালয়তে সুধি আছিল ক'ত আছে তেওঁৰ ল'ৰাটো। পশ্চিম বংগৰ এজন মন্ত্ৰীয়ে তেওঁৰ পুত্ৰ ইছলামপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ কথা জনাইছিল। ঘৰৰ মানুহ গৈ পোৱাৰ পাছতে তেওঁক প্ৰথমে ইছলামপুৰত থকা পুত্ৰক আনিবলৈ আত্মীয়ক পঠিয়ালে।

কিন্তু পৰিয়ালৰ লোকে গৈ তাত নিশান্তক নাপালে। ডাক্তৰ, নাৰ্ছে ক'লে- দুজনমান লোক আহি নিশান্তক লৈ গৈছে। তাৰ পাছত মানুহজনে পুত্ৰৰ সন্ধানত নামিল সুস্থ হৈয়েই। তেওঁলোক আহি দুমাহমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। সেই অসুস্থ দেহাৰেই নিশান্তৰ ফটো লৈ গাইসাললৈ দৌৰিল। উদ্ধাৰকাৰী দলে তেওঁক উদ্ধাৰ কৰাৰ কথা ফটো চায়েই ক'লে স্থানীয় লোকে। কিন্তু উদ্ধাৰ হ'লেও পিতৃ-মাতৃয়ে ঘূৰাই নাপালে নিশান্তক।

এইদৰে নিশান্তৰ সন্ধানত নামিল পিতৃ

নেছনেল চেন্টাৰ ফ'ৰ মিছিং চিল্ডৰেনৰ জৰিয়তে তেওঁ পুত্ৰক বিচাৰিলে। পুত্ৰৰ সন্ধান পাম বুলি আজিও আশা কৰি থকা শ্যামন্ত দাসে মেলি লৈছিল এটা ফাইল। পুত্ৰৰ সন্দৰ্ভত সকলো তথ্য তেওঁ সযতনে থৈ দিছে। কাষত পত্নী।

উভতি আহিব পুত্ৰ…

কিছুদিনৰ পূৰ্বে পশ্চিম বংগৰ এজন আৰক্ষী বিষয়াই তেওঁক ফোন কৰিছিল। ক্ষন্তেকৰ বাবে তেওঁৰ মনত পুনৰ আশাৰ সঞ্চাৰ হৈছিল। কিন্তু আৰক্ষী বিষয়াজনে ক'লে- আপুনি ধৈৰ্য্য ধৰক। ৰে'ল বিভাগে তেওঁলৈ পত্ৰ পঠিয়াইছিল। পুত্ৰ নিশান্তৰ ক্ষতিপূৰণ ল'বলৈ। তেওঁ ক'লে- তাৰ ক্ষতিপূৰণ মই ল'ব নোৱাৰিম। তাৰ পাছতো একেই দৃঢ়তাৰে মানুহজনে বিচাৰি আছে পুত্ৰক।

ৰে'ল বিভাগক ক'লে- নালাগে মোক ক্ষতিপূৰণ

সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে তেওঁ জড়িত হৈ আছিল। অসম চুক্তি হোৱাৰ দিনাই তেওঁৰ ভৰিৰ ওপৰেৰে উঠি গৈছিল বাছ। কোনোমতে তেওঁৰ প্ৰাণ ৰক্ষা হৈছিল যদিও শাৰিৰীক সক্ষমতা আগৰ দৰে নাছিল। তাৰ পাছতো মনৰ উদ্যম হেৰুৱাই পেলোৱা নাছিল। সততা আৰু নিষ্ঠাৰে কাম কৰা এজন লোক। ঠিকাদাৰ হিচাপে তেওঁ প্ৰতিষ্ঠিত। পত্নী সবিতা দাস পলিটেকনিকৰ কৰ্মচাৰী।

তাৰ পাছতে ঘটি গ'ল গাইসালৰ ঘটনা। পুত্ৰক হেৰুওৱাৰ বেদনা তেওঁ বুকুত লৈ ফুৰিছে। কেইবাবাৰো ইছলামপুৰ থানালৈ গৈছে। মন গ'লেই তেওঁ গুছি যায় গাইসাললৈ। যি স্থানত এই দুৰ্ঘটনা সংঘটিত হৈছিল, সেই স্থানতে বহি পাৰ কৰে সময়।

এই দুৰ্ঘটনাত এহেজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। বাচি গৈছিল তেওঁলোক। বাচিও যেন সেই পৰিয়ালটোত শূণত্য। ইমানদিনে পিতৃ-মাতৃৰ দুখ দেখি সহ্য কৰিব পৰা নাই হন্ সিতাই।

ককায়েকৰ কথা মনত পৰিলেই কান্দে হংসিতাই…

সকলোতে সন্ধান লৈও পোৱা নাই নিশান্তৰ খবৰ। এইবাৰ সেয়ে হন্ সিতা নামিছে ককায়েকৰ সন্ধানত। য'তেই আছে ককায়েক কুশলে থাকক, এয়াই বিচাৰে তাই। ককায়েকৰ কথা ক'বলৈ গৈ উচুপি উঠিল
হন্ সিতা।

ইমান দিনে যিসকলে তাক তুলি তালি ডাঙৰ দীঘল কৰিছে, তেওঁলোকৰ লগতে থাকক সি। কিন্তু এবাৰ আমাক লগ কৰাই দিয়ক। মই তাক এবাৰ চাব খোজো। কোনোবাই যদি মোৰ দাদা নিশান্তৰ খবৰ পায়, তেনেহ'লে আমাক খবৰ দিয়ক। মা-দেউতাই শান্তি পাব। এবাৰ মাত্ৰ মই তাক চাব খোজো। দেউতাই তাক চাব খোজে। আমাক নালাগে ঘূৰাই দিব। মাত্ৰ চাব দিয়ক এবাৰ।

ফেচবুকতো হন্ সিতাই লিখিছে এটা পোষ্ট। দিছে দুটা নম্বৰ। ০৯৪৩৫০৪৩১০৮ বা ৭০০২১৬৯০৬৪ নম্বৰতে উপলব্ধ হন্ সিতাৰ পৰিয়াল।

এজনী দু্ৰ্ভগীয়া ভগ্নীৰ আহ্বান…

হন্ সিতা কাশ্যপৰ মতে এই ছ'চিয়েল মাধ্যমৰ জৰিয়তে তেওঁ লাভ কৰিব ককায়েকৰ সন্ধান। কাৰোবাৰতো চকুত পৰিব এজনী দুৰ্ভগীয়া ভগ্নীয়ে অপেক্ষা কৰি আছে তেওঁলৈ। 'গাইসাল ট্ৰেজেডী এণ্ড ইমশ্যনেল আপীল ফ্ৰম এ হাৰ্ট ব্ৰ'কেন চিষ্টাৰ' শিৰোনামেৰে তাই লিখিছে এই কথা।

ঘৰখনত এতিয়া কেৱল অপেক্ষা। সন্ধান পাব নিশান্তৰ। হয়তো এতিয়া সি তেজাল ডেকা। কাৰোবাৰ কাণৰ লতিত যদি তিল আছে, আঁঠুৰ ওপৰত যদি তুলসীৰ পাত আছে, বয়স যদি ২৪ বছৰ, তেন্তে তেওঁৰ খবৰ লওক। নিজৰ অতীতৰ। কিজানি সেইজনেই হ'ব পাৰে নিশান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in