ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক অমানৱীয় ঘটনা। চুৰিৰ অভিযোগত এজন যুৱকক হাত-ভৰি বান্ধি চানমাৰি উৰণসেতুত পেলাই দিলে এটা নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰীয়ে।
জানিব পৰা মতে ভুক্তভোগী যুৱকজনক অতি গুৰুতৰ অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অভিযোগ অনুসৰি ভাস্কৰ নগৰৰ ৰকিবুল আলী নামৰ যুৱকজন ৰড চুৰি কাৰ্যত লিপ্ত আছিল।
এই অপৰাধৰ বাবে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰীয়ে তেওঁক হাত-ভৰি বান্ধি চানমাৰি উৰণসেতুৰ ওপৰৰ পৰা পেলাই দিয়ে। ফলত গুৰুতৰভাৱে আঘাত পোৱাত যুৱকজনৰ বাওঁভৰিখন সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে চানমাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক ততালিকৈ জি এম চি এইছত ভৰ্তি কৰাই। ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ কোম্পানীৰ মেনেজাৰসহ ৫ জন কৰ্মচাৰীক আটক কৰিছে।