ডিজিটেল ডেস্কঃ ''অসম আৰক্ষীয়ে তেওঁলোকৰ পোচাকত থকা এ পি এছৰ ঠাইত এইছ বি এছ লিখি লওঁক।''- এই মন্তব্য যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনমৰ।
আজি প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বহু কেইজন নেতাক আৰক্ষীয়ে আটক কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাজপথৰ পৰাই ইতিমধ্যে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কংগ্ৰেছ সভাপতি ভূপেন বৰা, ৰিপুণ বৰাসহ কেইবাজনো নেতাক আটক কৰাৰ লগতে মানৱেন্দ্ৰ শৰ্মা ভৱনৰ কাষৰ পৰা জাকিৰ হুছেইন শিকদাৰ আৰু অন্যান্য স্থানতো বহু নেতা, কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ বিৰুদ্ধে ৰাজপথতে বহি পৰিছে একাংশ যুৱ কংগ্ৰেছী।
তাৰ মাজতেই প্ৰতিবাদস্থলীৰ পৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, আমাৰ যিসকল নেতা, কৰ্মীক আৰক্ষীয়ে আটক কৰিছে তেওঁলোকক যেতিয়ালৈকে এৰি নিদিয়ে তেতিয়ালৈকে আমি ৰাজপথতে বহি থাকিম। আমাৰ প্ৰতিবাদ চলি থাকিব।
ৰাজপথৰ প্ৰতিবাদস্থলীৰ পৰাই অসম আৰক্ষীৰ ভূমিকাক সমালোচনা কৰি জুবেইৰ আনমে কয়, ''অসম আৰক্ষীৰ বিষয়াৰ পোচাকত লিখা থাকে এ পি এছ- 'আছাম পুলিচ ছাৰ্ভিছ'। তাৰ ঠাইত তেওঁলোকে 'এই এইছ বি এছ- হিমন্ত বিশ্ব ছাৰ্ভিছ' কৰিব লাগে। কাৰণ অসম আৰক্ষীয়ে কোনো ৰাইজৰ হৈ কাম কৰা নাই। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি আছে। ৰাজনৈতিক কাম কৰি আছে। সেয়ে তেওঁলোকে এ পি এছৰ ঠাইত এইছ বি এছ কৰি দিয়ক।
তেওঁ কয়, ''আজি আমি কোনো প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা নাছিলো। আমি সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰহে আয়োজন কৰিছিলো। কিন্তু আমাৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱক আন্দোলন হোৱাৰ ভয়ত হোটেলত আটক কৰিছে। যিহেতু তেওঁলোকে আন্দোলনৰ ভয়ত তেওঁক আটক কৰিছে সেয়ে আন্দোলন হ’ব, আন্দোলন হৈছে।''
আৰক্ষীয়ে আজি আটক কৰা অসম প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ নেতাসকলক যেতিয়ালৈকে এৰি নিদিয়ে তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ দি তেওঁ পুনৰ কয়, আৰক্ষীয়ে আমাৰ যিসকল নেতাক গ্ৰেপ্তাৰ, আটক কৰিছে তেওঁলোকক যেতিয়ালৈকে এৰি নিদিয়ে তেতিয়ালৈকে আমি ৰাজপথতে বহি থাকিম।
ইফালে ৰাজভৱন চলো কাৰ্যসূচীত আৰক্ষীৰ অনুমতি নাছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত জুবেইৰ আনমে কয় যে, ''এ পি চি চিয়ে ৰাজভৱন চলো কাৰ্যসূচীৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। সেই পত্ৰত আৰক্ষীয়ে চীল, মোহৰ মাৰি দিয়া সকলোকে দেখুাৱাইছে। কথা অনুমতিৰ নহয়, আৰক্ষীয়ে স্বীকাৰ কৰিছে নেকি তেওঁলোকে ভুল কৰিছে বুলি ! আজি আমি এতিয়াৰ এই প্ৰতিবাদৰ বাবে অনুমতি লোৱা নাই। আমিও চাও আৰক্ষীয়ে কিমান কি কৰিব পাৰে। গুলী মাৰিলে মাৰক, হত্যা কৰিলে কৰক। আমি সাজু আছো।''