/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত আজি পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ বাসগৃহত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ।
জানিব পৰা মতে যুৱতীগৰাকীৰ নিথৰ দেহ চূৰ্ণিৰে চিপ লোৱাৰ অৱস্থাত উদ্ধাৰ হৈছে। তেওঁ বিষ্ণুজ্যোতি পথৰ ৰিয়াঞ্চি প্ৰাইড নামৰ অট্টালিকাটোৰ চতুৰ্থ মহালত বাস কৰিছিল।
যুৱতীগৰাকীৰ নাম চাহেবা ৰহমান বুলি জানিব পৰা গৈছে। তেওঁ বিষ্ণুজ্যোতি পথত এখন ফাষ্টফুডৰ দোকানৰ গৰাকী। অৱশ্যে তেওঁ কিয় এই ঘটনা সংঘটিত কৰিলে সেই বিষয়ে জানিব পৰা নাই। ইয়াৰ আঁৰৰ ৰহস্য আৰক্ষীৰ সঠিক তদন্ততহে জানিব পৰা যাব।