প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠক আৰু জুবি শইকীয়ালৈ যুৱ সাংবাদিক সন্থা,অসমৰ বিশেষ বঁটা

প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠক আৰু জুবি শইকীয়ালৈ যুৱ সাংবাদিক সন্থা,অসমৰ বিশেষ বঁটা

ডিজিটেল ডেস্ক : যুৱ শক্তি এক অদম্য শক্তি ৷ যি শক্তিৰ উদ্যোগ আৰু সু-সংগঠিত ,সংহতিগত চিন্তাই দেশ -মাতৃ আৰু সমাজৰ উত্তৰণৰ ঢাপত অৰিহণা যোগায় ৷ উন্নয়নৰ সকলো পৰিসৰত যুৱ দক্ষতাৰ অৱদান অপৰিহাৰ্য ৷ সাংবাদিকতাৰ ক্ষেত্ৰখনত যুৱ সাংবাদিকৰ ভূমিকা আৰু অৰিহণা অতুলনীয় ৷

পৰিতাপৰ বিষয় যে,সাময়িক প্ৰেক্ষাপটত সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যপ্ৰাপ্তিৰ বিষয়তো অতিকে আলোচ্য ৷ সেয়েহে ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত সৃষ্টি হৈছিল- যুৱ সাংবাদিক সন্থা,অসমৰ।

এই অনুষ্ঠানটোৱে বিগত সময়ছোৱাত ৰাজ্যৰ সংবাদক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱা ভালেকেইগৰাকীক সাংবাদিকক বঁটা আৰু সন্মান প্ৰদান কৰি আহিছে। একেদৰে এইবাৰো ২০২৪বৰ্ষৰ ১০ ফ্ৰেব্ৰুৱাৰীত আয়োজন কৰিছে অনুষ্ঠানটোৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠান দিৱসৰ দিনা ৰাজ্যৰ সংবাদক্ষেত্ৰখনত দীৰ্ঘদিনে সেৱা আগবঢ়াই অহা কেইগৰাকীমান সাংবাদিকক তেঁওলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে “জীৱনযোৰা সাধনা বঁটা”আৰু “সংবাদ শিৰোমণি" সন্মানকে ধৰি আন কেইবাটাও শিতানত বঁটা আৰু সন্মান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উদ্যাক্তাই জনোৱা অনুসৰি ২০২৩বৰ্ষৰ বাবে "জীৱনযোৰা সাধনা বঁটা" আগবঢ়োৱা হ'ব জ্য়েষ্ঠ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীলৈ। সংবাদ শিৰোমণি সন্মান প্ৰদান কৰিব আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক।

আনহাতে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকক প্ৰদান কৰিব “শ্ৰেষ্ঠ প্ৰিন্ট মেডিয়া সন্মান ”। প্ৰতিদিন টাইমৰ সাংবাদিক জুবি শইকীয়ালৈ আগবঢ়োৱা হ'ব- “শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান”। ইফালে আন আন শিতানতো ৰাজ্যৰ ভালেকেইগৰাকী সাংবাদিকক বঁটা তথা সন্মান প্ৰদান কৰিব বুলি যুৱ সাংবাদিক সন্থা,অসমৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।

প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠক আৰু জুবি শইকীয়ালৈ যুৱ সাংবাদিক সন্থা,অসমৰ বিশেষ বঁটা
সৰপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়াৰ বিদায় সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in