গুৱাহাটী বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ 'বিশ্ব দৰ্শন দিৱস-২০২৩' উদযাপন

অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ 'বিশ্ব দৰ্শন দিৱস-২০২৩' উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত " বিশ্ব দৰ্শন দিৱস-২০২৩ " উপলক্ষ্যে এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । ইণ্ডিয়ান কাউন্সিল অফ ফিলচফিকেল ৰিচাৰ্চৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত উক্ত বক্তৃতানুষ্ঠানৰ বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শিৱনাথ শৰ্মা আৰু নৰ্থ বেংগল বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্মীকান্ত পাধি ।

Advertisment

অনুষ্ঠানত উদ্ধোধক হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে বিভাগলৈ শুভেচ্ছাবাণী আগবঢ়োৱাৰ লগতে দৰ্শনৰ প্ৰয়োজনীয়তা ছাত্ৰ ছাত্ৰীৰ আগত ব্যক্ত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই সকলোকে উদ্দেশ্যি দৰ্শনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। আৰম্ভণিতে শুভেচ্ছামূলক বক্তৃতা আগবঢ়ায় বিভাগৰ মূৰব্বী আৰু অনুষ্ঠানৰ সভাপতি ড ⁰ আকৈজাম থৈবিচানাই। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড ⁰ জগদীশ শৰ্মা উপস্থিত থাকে।

অনুষ্ঠানত বক্তা , অধ্যাপক শিৱনাথ শৰ্মাই ' PHILOSOPHY: Empowering Quest for Values ' বিষয়ত এক তত্ত্বগধুৰ ব্যাখ্যা আগবঢ়ায় । অধ্যাপক শৰ্মাই তেখেতৰ বক্তৃতাত দৰ্শন মানৱীয়তাৰ বাবে কিয় প্ৰয়োজন , দৰ্শনে আমাক কেনেকৈ জীৱনত আগুৱাই নিয়ে আদি বিভিন্ন কথা আলোকপাত কৰে ।

অন্যাগৰাকী বক্তা অধ্যাপক লক্ষ্মীকান্ত পাধিয়ে ' Does Dharma Make a Human Being Valuable? An Analysis from Moral Philosophy and Nitisatra ' বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় । বিশ্ব দৰ্শন দিৱস-২০২৩ৰ সমন্বয়ক তথা বিভাগৰ সহকাৰী অধ্যাপিকা ড ⁰ জাহ্নৱী ডেকাই আঁতধৰা অনুষ্ঠানটো বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হয়। অনুষ্ঠানটিৰ অন্ত পৰে বিভাগৰ সহকাৰী অধ্যাপক ড ⁰ পদ্মধৰ চৌধুৰীয়ে আগবঢ়োৱা শলাগৰ শৰাইৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড⁰ জগদীশ শৰ্মা প্ৰমুখ্যে অন্য বিভাগৰ অধ্যাপক , গৱেষক তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

Also Read: প্ৰধানমন্ত্ৰী মোডী অ'বিচি নহয়, জাতিগত পৰিচয়ক লৈ ভুৱা প্ৰচাৰ কৰিছেঃ ৰাহুল গান্ধী

gauhati university WORLD PHILOSOPHY DAY