
ডিজিটেল সংবাদ, পলাশবাৰীঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠত শনিবাৰে বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয় । বৰঝাৰস্থিত বিমানকোঠৰ কৰ্তৃপক্ষই বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে কাহিলিপুৱাতে বিমানকোঠৰ চৌপাশ চাফ-চিকুণ কৰে।
মুখ্য বিমানকোঠ বিষয়া শ্ৰী উৎপল বৰুৱা প্ৰমুখ্যে সমূহ বিমানসেৱাৰ কৰ্মকৰ্তাৰ লগতে সহযোগ কৰে বৃহত্তৰ বিমানকোঠৰ CISF-ৰ মুখ্য প্ৰবন্ধক শ্ৰী লালমোহন ঠাকুৰ সহিতে তেখেতৰ সহযোগী কৰ্ম-কৰ্তাসকলে।
উল্লেখযোগ্য যে, এই বিশ্ব ধৰিত্ৰী দিৱসৰ মূল লক্ষ্য হৈছে বিমানকোঠত সম্পূৰ্ণ ভাৱে প্লাষ্টিক বৰ্জন কৰা। 'ন'প্ৰাষ্টিক জ’ন'-ৰ বাৰ্তাৰ প্ৰচাৰৰ দ্বাৰা সজাগত অনুষ্ঠানো চলোৱা হয়। উক্ত কাৰ্যক্ৰমৰ মুখ্য কাৰ্যসূচী অনুসৰি বিমানবন্দৰৰ চৌহদত প্ৰায় একেলগে ৫০০ শতাধিক গছপুলি ৰোপণ কৰা হয়।