পিছুৱালে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ দিন...

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে নেতাজী সমন্বয় ক্ষেত্ৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল
পিছুৱালে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ দিন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে নেতাজী সমন্বয় ক্ষেত্ৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল ।

কিন্তু যোৱা ১৯ এপ্ৰিলৰ সন্ধিয়া হঠাতে অহা প্ৰচণ্ড ধুমুহা বৰষুণে নিৰ্মীয়মান অধিৱেশনৰ মূল মণ্ডপকে ধৰি সকলোখিনি বিধ্বস্ত কৰি থৈ যায় । ইয়াৰোপৰি ভৈৰৱপুৰকে ধৰি কাষৰীয়া বঙালী অধ্যুষিত অঞ্চলসমূহ ধুমুহাই বেয়াকৈ বিধ্বস্ত কৰি থৈ যায় ।

প্ৰকৃতিৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাবলৈ বাধ্য হ'ল অধিৱেশন । শনিবাৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিয়ে এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে । অহা ২৬, ২৭ আৰু ২৮ মেত অধিৱেশনখন অনুষ্ঠিত কৰা হ’ব বুলি সংবাদমেলযোগে জানিবলৈ দিছে ।

পিছুৱালে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ দিন...
নগাঁৱৰ কচুৱাৰ শিমলুগুৰি আঞ্চলিক ঈদগাহটো ঈদৰ নামাজ সমাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in