লিংগবৈষম্যতা আৰু নাৰীনিৰ্যাতনৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মশালা

লিংগবৈষম্যতা আৰু নাৰীনিৰ্যাতনৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মশালা
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে ফিল্ম চাউথএছিয়া আৰু কাঠমাণ্ডুস্থিত 'ঋ' ইনষ্টিটিউটৰ সহযোগত "দক্ষিণ এছিয়াৰ নাৰী আৰু যৌন নিৰ্যাতনক দৃশ্যগত চিত্ৰণত প্ৰত্যাহ্বান" শীৰ্ষক এক মত-বিনিময় অনুষ্ঠান, আলোকচিত্ৰ প্ৰদৰ্শনী আৰু অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি এক চলচিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আলোচনা চক্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটিৰ লক্ষ্য আছিল লিংগভিত্তিক হিংসা আৰু লিংগবৈষম্যতাৰ চিত্ৰণক চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে সম্বোধন কৰা।

কাঠমাণ্ডুৰ 'ঋ' ইনষ্টিটিউটে সমগ্ৰ দক্ষিণ এছিয়াৰ মহিলাৰ সৈতে হোৱা যৌন হিংসাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি আহিছে । এই প্ৰকল্পটোৱে চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক, কৰ্মী, গ্রাফিক ঔপন্যাসিক, কাৰ্টুনিষ্ট আৰু শিল্পীসকলক একত্ৰিত কৰি চিনেমা আৰু সংবাদ মাধ্যমত লিংগভিত্তিক হিংসাক কেনেকৈ চিত্ৰিত কৰিব পাৰি তাৰ ওপৰত ৰূপান্তৰ মাধ্যমত এক বিশেষ আলোকপাত কৰে । শ্ৰীমতী লক্ষ্মী মূৰ্তি আৰু পৱাছ মানন্ধৰৰদ্বাৰা আয়োজিত এখন প্ৰদৰ্শনীৰ জৰিয়তে নেপাল, ভাৰত, শ্ৰীলংকা, বাংলাদেশৰ যৌন হিংসাৰ কাৰণসমূহৰ বিশ্লেষণ কৰা হয়।

কৰ্মশালাখনৰ সমল ব্যক্তি তথা কাঠমাণ্ডুস্থিত 'ঋ' ইনষ্টিটিউট ফৰ চাউথএছিয়ান ৰিচাৰ্চ এণ্ড এক্সচেঞ্জৰ সঞ্চালিকা শ্ৰীযুতা লক্ষ্মী মূৰ্তিয়ে সংবাদ মাধ্যমত যৌন হিংসাৰ চিত্ৰণ সম্পৰ্কে এক গৱেষণা প্ৰকল্পৰ নেতৃত্ব দি আহিছে। তেখেত 'হিমল চাউথএছিয়ান'ৰ এগৰাকী সম্পাদিকা তথা যৌনকৰ্মীৰ অধিকাৰৰ বাবে কৰ্মৰত 'সংগ্ৰাম' ৰ সৈতেও জড়িত। তথা প্ৰেছ স্বাধীনতাৰ বিষয়তো তেওঁৰ অৱদান উল্লেখনীয়।

উক্ত অনুষ্ঠানটিত লিংগ বৈষম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা চিনেমা প্ৰদৰ্শিত হয়, য'ত "বিফোৰ ইউ ৱেৰ মাই মাদাৰ", "দ্য হাৰ্টব্ৰ'কেন লাভাৰ", "গোৰখা গাৰ্ল" ,"লংগিং", আৰু "ডিকোডিং জেণ্ডাৰ" প্ৰদৰ্শিত হয়। বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনত অংশগ্ৰহণ কৰাৰ লগতে এক প্ৰশ্নোত্তৰ শিতান অনুষ্ঠানত বহু ছাত্ৰ-ছাত্ৰীয়ে লক্ষ্মী মূৰ্তিক বিভিন্ন যৌন হিংসা বিষয় আৰু বৰ্তমানৰ সংস্কাৰ সম্পৰ্কে প্ৰশ্ন কৰে।

লগতে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সাময়িক বাৰ্তা "জি ইউ টাইমছ"ৰ বিশেষ চলচ্চিত্ৰ সংস্কৰণ উদ্বোধন কৰে গুৱাহটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ পৰিচালক ড০ ৰঞ্জন কাকতিয়ে। সম্পাদক দেৱাশীষ ডেকা, মৃদুলজ্যোতি নাথ, আৰু অৰূপ দাসক লগতে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি তেওঁ এক চমু ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক চনা আহমদ, বিভাগৰ মুৰব্বী অধ্যাপক চন্দন কুমাৰ গোস্বামী, সহকাৰী অধ্যাপিকা ড০ ভাৰতী ভৰালী আৰু সহকাৰী অধ্যাপকদ্বয় ড০ বিষ্ণু শইকীয়া আৰু নিশান্ত শৰ্মা।

লিংগবৈষম্যতা আৰু নাৰীনিৰ্যাতনৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মশালা
ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ মানকাচৰ-বাংলাদেশ সীমান্ত পৰিদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in