সুমতি ঘূৰি আহিবনে মহানগৰ জিলা প্ৰশাসনৰ? ৰাইজে কৰিছে প্ৰাৰ্থনা...

পশ্চিম মায়ং গাওঁ পঞ্চায়ত সুৰক্ষা সমিতিৰ আহ্বানত ব্যতিক্ৰমী প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
সুমতি ঘূৰি আহিবনে মহানগৰ জিলা প্ৰশাসনৰ? ৰাইজে কৰিছে প্ৰাৰ্থনা...

সুমতি ঘূৰি আহিবনে মহানগৰ জিলা প্ৰশাসনৰ? ৰাইজে কৰিছে প্ৰাৰ্থনা...

ডিজিটেল সংবাদ মায়ংঃ এক ব্যক্তিক্ৰমী প্ৰতিবাদ। নাই কোনো শ্লোগান, নাই কোনো হুংকাৰ। কেৱল প্ৰশাসন তথা চৰকাৰৰ সুমতি ঘূৰি অহাৰ কামনাৰে প্ৰাৰ্থনা জনাইছে প্ৰতিবাদকাৰীয়ে। এই ব্যক্তিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে পশ্চিম মায়ং গাওঁ পঞ্চয়তৰ লোকসকলে।

Advertisment

পশ্চিম মায়ং গাওঁ পঞ্চায়ত সুৰক্ষা সমিতিৰ আহ্বান মৰ্মে পঞ্চায়ত অধীনৰ লোকসকলে নিজৰ বাসগৃহৰ সন্মুখত পদূলিয়ে পদূলিয়ে চাকি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। সমন্তৰালকৈ মন্দিৰত পঞ্চায়ত সুৰক্ষা সমিতিয়েও ৰাজহুৱা ভাৱে চাকি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, পশ্চিম মায়ং গাওঁ পঞ্চায়তক নতুনকৈ হোৱা পঞ্চায়ত সীমা নিৰ্ধাৰণত কামৰূপ মহানগৰ জিলা চন্দ্ৰপুৰ ব্লকৰ পৰা কৰ্তন কৰি মৰিগাওঁ জিলাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পঞ্চায়তটোৰ জনসাধাৰণে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

তেওঁলোকে মৰিগাঁৱৰ পৰিবৰ্তে কামৰূপ মহানগৰ জিলাতেই থাকিবলৈ আগ্ৰহী। সেয়ে প্ৰকাশিত পঞ্চায়ত সীমা নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা কৰি আজি এই প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে ৰাইজৰ এনে প্ৰতিবাদৰ পাছত জিলা প্ৰশাসন তথা চৰকাৰৰ সুমতি ঘূৰি আহে নে নাই সেয়াহে হ'ব লক্ষ্যণীয়।

Also Read: আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত নহ'ল বিতৰ্কিত দুলাল বৰা...

পঞ্চায়ত নিৰ্বাচন মায়ং