'বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা' উন্মোচন...

'বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা' উন্মোচন...
'বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা' উন্মোচন...

ডিজিটেল ডেস্কঃ ৩০০ বছৰ ধৰি অসমত বাস কৰি অহা এক ক্ষুদ্ৰ জনগোষ্ঠী বিষ্ণুপ্ৰিয়া মণিপুৰীসকল। বৰাক, ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে এই জনগোষ্ঠীৰ প্ৰায় ২ লাখ লোকে বসতি কৰি আহিছে। এই লোকসকলৰো আছে নিজস্ব ভাষা, সংস্কৃতি।

অসংগঠিত ৰূপত থকা এই বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ ভাষা, সাহিত্যক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ দৰে সংগঠনৰ লগতে জাতিটোৰ সুযোগ্য সন্তান দিলস লক্ষ্মীন্দ্ৰ সিংহৰ দৰে একাংশ ব্যক্তিয়ে।

আজি ‘সাদিন প্ৰতিদিন’ৰ কাৰ্যালয়ত এই ক্ষুদ্ৰ জনগোষ্ঠীটোৰ নিজা ভাষাৰ এখন কাব্য সংকলন উন্মোচন কৰা হয়। সুদীৰ্ঘ ১০০ বছৰীয়া ইতিহাস সমৃদ্ধ ‘বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা’ শীৰ্ষক এই কাব্যসংকলনখনত ১০০ বছৰৰ নিৰ্বাচিত ১২৯ জন কবিৰ কবিতা সন্নিৱিষ্ট কৰা হৈছে।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই কাব্যসংকলনখন উন্মোচন কৰে ‘সাদিন’ আৰু ‘সাতসৰী’ৰ সম্পাদক তথা সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি কিশোৰ কুমাৰ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মা, প্ৰাক্তন আই পি এছ প্ৰতাপ সিংহ আদি।

অনুষ্ঠানটোৰ আঁত ধৰে সাতসৰীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই। অনুষ্ঠানটোৰ আৰম্ভণিতে কাব্য সংকলখনৰ সম্পাদনা কৰা বিশিষ্ট কবি, গল্পকাৰ তথা বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ ভাষা, সাহিত্যৰ একনিষ্ঠ সেৱক দিলস লক্ষ্মীন্দ্ৰ সিংহই বিষ্ণুপ্ৰিয়া মণিপুৰীৰসকলৰ চমু ইতিহাস বৰ্ণনা কৰি তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰে।

ভাষণ প্ৰসংগত তেওঁ কয়, বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ ভাষা, সাহিত্য চৰ্চাৰ বাবে এখন যথোচিত মঞ্চৰ অভাৱ। তেওঁলোকৰ নাই এখন নিজা আলোচনী অথবা কাকত। তাৰ মাজতেই সামাজিক মাধ্যমকেই তেওঁলোকে সাহিত্য চৰ্চাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে।

আনহাতে কাব্য সংকলনখনৰ সন্দৰ্ভত তেওঁ কয়, বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ কাব্য সাহিত্য ৰচনাৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ কয়, ১৯২০ চনৰ পৰা আৰম্ভ হোৱা বিষ্ণুপ্ৰিয় মণিপুৰী কবিতাৰ নিৰৱচ্ছিন্ন ধাৰা বাবুতল সিংহ, মহেন্দ্ৰ কুমাৰ সিংহ, গোকুলানন্দ গীতিস্বামী আদিৰ লেখাৰে প্ৰাক স্বাধীনতা যুগত এটি নিজস্ব ৰূপ পৰিগ্ৰহণ কৰে। এই কবিতাই স্বাধীনোত্তৰ কালত জগতমোহন সিংহ, মদন মোহন মুখোপাধ্যায়, সেনাৰূপ সিংহ, ব্ৰজেন্দ্ৰকুমাৰ সিংহ, সমৰজিত সিংহৰ হাত ধৰি আধুনিক যুগত পদাৰ্পন কৰে।

সেইদৰেই যোৱাটো শতিকাৰ আশীৰ দশকৰ পৰা আন কেইবাজনো কবিৰ হাত ধৰি বিষ্ণুপ্ৰিয়া মণিপুৰী কবিতাই এক নতুন ৰূপ ধাৰণ কৰে। বৰ্তমান এই ভাষাৰ কবিতাই আধুনিক ভাৰতীয় সাহিত্যৰ পৰ্যায় লাভ কৰা বুলি ক’ব পাৰি।

ইফালে কাব্যসংকলনখনৰ উন্মোচক সম্পাদক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ সাহিত্য চৰ্চাৰ বাবে তেওঁলোকৰ এখন আলোচনীও নাই বুলি কৰা মন্তব্যত দুখ প্ৰকাশ কৰাই নহয়, ‘সাদিন প্ৰতিদিন গোষ্ঠী’য়ে তেওঁলোকক এখন মঞ্চ প্ৰদান কৰিব বুলিও আশ্বাস প্ৰদান কৰে। তেওঁ বিষ্ণুপ্ৰিয়া মণিপুৰীসকলক অতি আন্তৰিকতাৰে ‘অসমীয়া প্ৰতিদিন’, ‘সাদিন’, ‘সাতসৰী’, ‘নন্দিনী’, ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ আদিলৈ তেওঁলোকৰ সাহিত্য সমল প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ সাংবাদিকজীৱনৰ দুই গুৰু হোমেন বৰগোহাঁই আৰু তিলক হাজৰিকাক সোঁৱৰি কয়, তেওঁলোক দুয়োগৰাকী কৈছিল অসমত সাংবাদিক আৰু সাহিত্যিকৰ প্ৰথম কৰ্তব্য হৈছে তেওঁলোকে যি কাকত অথবা সংবাদ প্ৰতিষ্ঠানত কাম কৰে সেই কাকত, সংবাদ প্ৰতিষ্ঠানত অসমত বসবাস কৰা প্ৰত্যকটো জাতি, জনগোষ্ঠী আৰু ভাষা ভাষীয়ে যাতে ন্যায় পায় সেই বিষয়টো নিশ্চিত কৰা। তেওঁলোক দুয়োৱে কৈ যোৱা এই কথাষাৰ তেওঁ জীৱনজুৰি প্ৰতিপালন কৰি অহা বুলিও কয়।

পূৰ্বে বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ অভিধান উন্মোচনৰ বাবেও তেওঁক যোগাযোগ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, সেই সময়ত তেওঁ ৰাজ্যৰ বাহিৰত থকাৰ বাবে সেই দায়িত্ব পালন কৰিব পৰা নাছিল। গতিকে সেই সময়তে দিয়া কথা অনুসৰিয়েই এই কাব্যসংকলনখন উন্মোচনৰ দায়িত্ব গ্ৰহণ কৰে আৰু ইয়াৰ বাবে উপযুক্ত স্থান হিচাপে ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ কাৰ্যালয়কে নিৰ্বাচিত কৰে।

তেওঁ বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে তেওঁলোকৰ ভাষা, সাহিত্যক প্ৰতিষ্ঠা কৰিবৰ বাবে যি  অসাধাৰণ কষ্ট কৰিছে সেই কষ্টক স্বীকাৰ কৰি ইয়াৰ অন্তৰালৰ কাৰণো ব্যাখ্যা কৰে। উল্লেখ্য, এই কাব্য সংকলনখন অসম চৰকাৰে গঠন কৰি দিয়া কৰ্পাছ ফাণ্ডৰ  সাহায্যৰে প্ৰকাশ কৰা হৈছে।

অনুষ্ঠানৰ আৰম্ভণিতে উন্মোচক অনুৰাধা শৰ্মা পূজাৰীক বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ এখন চাদৰ আৰু অন্যান্য অভ্যাগতক তেওঁলোকৰ সন্মানীয় গলবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ ফালৰ পৰৰা সম্পাদক, কবি সমৰজিত সিংহ আৰু উপস্থিত একাংশই ধন্যবাদসূচক মন্তব্য প্ৰদান কৰাৰ লগতে আৰু দিলস লক্ষ্মীন্দ্ৰ সিংহই শেষত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰে।

'বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা' উন্মোচন...
ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বৰ্নাঢ্য কাৰ্যসূচীৰে "ৰঙালী বিহু" অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in