/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3cf186a3-219e-41ff-b1f3-fce74980a756/batradava_19.jpg)
ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বৰ্নাঢ্য কাৰ্যসূচীৰে "ৰঙালী বিহু" অনুষ্ঠান
ডিজিটেল সংবাদ বটদ্ৰৱা: বিগত বছৰৰ দৰে এইবাৰো বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ২০ এপ্ৰিল(৬ ব'হাগ)ত দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব "ৰঙালী বিহু" অনুষ্ঠান। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই।
১০ বজাত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি বিভিন্ন কাৰ্য্যসূচীৰ পাছত ১১ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। ১ বজাত চিত্ৰাংকন, পিঠা পনা প্ৰতিযোগিতাত, বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ অন্তত বিয়লি ৩ বজাত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
ডিজিটেল মাধ্যমৰ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব সাংবাদিক দিব্যজ্যোতি বৰুৱাই। ৫ বজাত আৰম্ভ হ'ব সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু নিশা ১০ বজাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।
বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হ'বলগিয়া কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ কাৰ্যকৰী সভাপতি জোনমণি ভূঞা, সাধাৰণ সম্পাদক সুনীল বৰুৱাই।
Also Read: খেল টকাৰ ! জীৱিত ব্যক্তি হ'ল মৃত...