বিশিষ্ট অভিনেতা মেহতাব হুছেইন আৰু নাই...

অভিনেতা, নিৰ্দেশক মেহতাব হুছেইন আৰু নাই। 'খোজ' ছবিত নায়ক ৰূপে অভিনয় কৰি খ্যাতি অৰ্জন কৰা মেহতাব হুছেইনে পৰৱৰ্তী সময়ত অসমীয়া ধাৰাবাহিকতো অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট অভিনেতা মেহতাব হুছেইন আৰু নাই...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা, নিৰ্দেশক মেহতাব হুছেইনে। একালত অসমীয়া বোলছবিত নায়ক ৰূপে অভিনয় কৰি খ্যাতি অৰ্জন কৰা মেহতাব হুছেইনে পৰৱৰ্তী সময়ত অসমীয়া ধাৰাবাহিকতো অভিনয় কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰ পাছত তেওঁ ধাৰাবাহিকৰ নিৰ্দেশক হিচাপেও খ্যাতি অৰ্জন কৰিছিল।

Advertisment

নায়ক মেহতাব হুছেইন

হুছেইনে পুলক গগৈৰ দ্বাৰা পৰিচালিত আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা বোলছবি খোজত নায়ক হিচাপে অভিনয় কৰিছিল। তাৰোপৰি তেওঁ গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত অসমৰ প্ৰথমখন খুহুতীয়া ধাৰাবাহিকৰো আঁৰত আছিল মেহতাব হুছেইন। তেওঁৱেই নিৰ্মাণ কৰিছিল মিতাৰ তিতা মিঠা শীৰ্ষক প্ৰথমখন অসমীয়া কমেডী ধাৰাবাহিক। এই ধাৰাবাহিকখনৰ জৰিয়তে তেওঁ অসমৰ সৰ্বত্ৰে মেহতাব কা হিচাপে জনপ্ৰিয় হৈ পৰিছিল।   

সুধাকণ্ঠৰ সৈতে মেহতাব হুছেইন

ৰাষ্ট্ৰীয় পৰ্যায়তো নাম থকা মেবতাব হুছেইন  আছিল চাহ বিজ্ঞানৰো স্নাতক। তেওঁৰ জন্ম ডিব্ৰুগড়ত যদিও পৰৱৰ্তী সময়ত কৰ্মসূত্ৰে তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটীতে স্থায়ীভাৱে থাকিবলৈ লয়। অভিনয়, নিৰ্দেশনাৰ উপৰিও তেওঁ অন্যান্য ব্যৱসায়ৰ সৈতেও জড়িত হৈ পৰিছিল।

স্বীকৃতিৰ সৈতে মেহতাব হুছেইন

৭৫ বছৰ বয়সত মৃত্যু হোৱা মেহতাব হুছেইনে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, পুত্ৰ, কন্যাৰ উপৰিও অন্যান্য আত্মীয় তথা বহু অনুৰাগীক ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ পিতৃ আছিল মুহিবুদ্দিন আহমেদ আৰু মাতৃ আছিল ছফিয়া খাতুন। উল্লেখ্য ৰাজ্যৰ বিশিষ্ট চিকিৎসক প্ৰফেছৰ জাকিৰ হুছেইনৰ মেহতাব হুছেইনৰ জ্যেষ্ঠ ভাতৃ।

বিশিষ্ট অভিনেতা মেহতাব হুছেইন আৰু নাই...

চিনেমা অসমীয়া বোলছবি