/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/9fbc4602-b013-4af3-bc6e-172cbfe54412/h hussain 2.jpg)
সুস্থ হৈ GMCHৰ পৰা ঘৰলৈ উভতিল প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন...
ডিজিটেল ডেস্কঃ কেইবা দিন ধৰি অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অন্তত ঘৰলৈ উভতিল প্ৰবীণ সাংবাদিক তথা বিশিষ্ট চিন্তাবিদ, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন। প্ৰবীণ সাংবাদিকগৰাকীক জি এম চি এইছ কৰ্তৃপক্ষই বৃহস্পতিবাৰে স্ব-গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰে।
উল্লেখ্য যে, জুলাইৰ ১৭ তাৰিখে অসুস্থতাৰ হেতু হাইদৰ হুছেইনক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। তাৰ মাজতে তেওঁৰ স্বাস্থ্যত দেখা দিয়া কিছু জটিলতাৰ বাবে কিছুদিন তেওঁক চিকিৎসালয়খনৰ আই চি ইউট ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত স্বাস্থ্যৰ জটিলতা দূৰ হোৱাত তেওঁক আই চি ইউৰ পৰা কেবিনলৈ 'ছিফ্ট' কৰা হয়।
ইয়াৰ পিছত চিকিৎসালয়খনৰ জ্যেষ্ঠ, কনিষ্ঠ চিকিৎসকৰ তত্বাৱধানত তেওঁ সুস্থ হৈ উঠাত ১ আগষ্ট, বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। বৰ্ষীয়ান সাংবাদিকগৰাকীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত জি এম চি এইছৰ অধ্যক্ষ, অধীক্ষক, উপ-অধীক্ষক, জ্যেষ্ঠ, কনিষ্ঠ তথা চিকিৎসা কৰ্মীৰ আন্তৰিক প্ৰচেষ্টাক কৃতজ্ঞতা জনাইছে তেওঁৰ পৰিয়ালে।
সমান্তৰালভাৱে হুছেইনৰ চিকিৎসাধীন অৱস্থাত যিসকল শুভাকাংক্ষীয়ে চিকিৎসালয়লৈ যোৱাৰ উপৰিও বিভিন্ন মাধ্যমেৰে তেওঁৰ স্বাস্থ্যৰ খবৰ ল'লে, আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিলে তেওঁলোকলৈয়ো কৃতজ্ঞতা জনাইছে হাইদৰ হুছেইনৰ জ্যেষ্ঠ পুত্ৰ ৰাছেল হুছেইনে।
Also Read: আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই...