নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ কথা কৈ কাৰাগৰলৈ গ'ল বীৰ লাচিত সেনাৰ নেতা

নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাত যোগদান কৰিম বুলি কৈ আৰু এগৰাকী ব্যক্তিক আঠু কঢ়াই কাৰাগাৰলৈ যাবলগীয়া হ’ল ঙিয়াৰ বীৰ লাচিত সেনাৰ এগৰাকী নেতা।

author-image
Tushar Pratim
New Update
নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ কথা কৈ কাৰাগৰলৈ গ'ল বীৰ লাচিত সেনাৰ নেতা

ডিজিটেল সংবাদ ৰঙিয়াঃ  নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাত যোগদান কৰিম বুলি কৈ কাৰাগাৰলৈ যাবলগীয়া হ’ল বীৰ লাচিত সেনাৰ এগৰাকী নেতা। উল্লেখ্য যে, ফেচবুকৰ জৰিয়তে আলফাত যোগদান কৰিম বুলি স্পষ্টকৈ এটা পোষ্ট দিছিল নিতু অসম ওৰফে নিতু আহমেদ নামৰ নেতাজনে। 

Advertisment

তাৰোপৰি কিছুদিন পূৰ্বে ৰঙিয়াত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক এক ঘটনাৰ বাবে আঁঠু কঢ়াই ক্ষমা খুজিব লৈ দি ভিডিঅ' কৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছিল নিতু অসমে। তাৰ পাছতেই তেওঁৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলে ৰুজু কৰিছিল এক গোচৰ। 

সেই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে তেওঁক গোলাঘাট জিলাৰ বোকাখাটৰ পৰা ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিতু অসমক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে। আৰু আজি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া থানাত ৰুজু হোৱা ৮৫/২৫  নম্বৰৰ গোচৰত ভাৰতীয় ন্যায়িক সংহিতাৰ ধাৰা ১৪৭/১৪৮ আৰু ইউপি(এ) আইনৰ ৰ ধাৰা ১০/১৩ ৰ অধাৰত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বীৰ লাচিত সেনা ৰঙিয়া