/asomiyapratidin/media/media_files/2025/05/10/YQFSFIP43ct6PSWUzHEK.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অনীতিগত ভাৱে লগাই থোৱা ইউনিপল হৰ্ডিং সমূহে পথ সুৰক্ষাক চূড়ান্ত ৰূপত ভেঙুচালি কৰি থকাৰ বাতৰি প্ৰকাশ পাই অহাৰ পিছতো কেৱল মাত্ৰ কমিচনৰ অংকতে ব্যস্ত থকা কৰ্তৃপক্ষই চূড়ান্ত দায়িত্বহীনতাৰে বিষয়টোক আওকান কৰাৰ ফল ভূগিবলগীয়া হৈছে সাধাৰণ জনতাই। এজাক মাত্ৰ ধুমুহাৰ পাছতেই অসুৰক্ষিত আৰু অনীতিগত ভাৱে পথৰ মাজত, কাষত লগাই থোৱা ইউনিপল হৰ্ডিং খহি পৰি কেৱল ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি কৰাই নহয়, বৰঞ্চ জন জীৱনলৈ চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছে।
আজি গুৱাহাটীত অহা এজাক ধুমুহা বতাহৰ পাছতেই গুৱাহাটীৰ বিভিন্ন স্থানত খহি পৰিল ইউনিপল হৰ্ডিং। ফলত ৰাজপথতে যানবাহনসমূহ আবদ্ধ হৈ পৰাৰ সমান্তৰালকৈ তীব্ৰ যানজঁটৰ সৃষ্টি হয়। গুৱাহাটীৰ বৰিপাৰা, ধীৰেনপাৰা আদি অঞ্চলৰ লগতে আন কেইবাটাও স্থানত খহি পৰা দেখা গৈছে ইউনিপল হৰ্ডিং।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়ম অনুসৰি চহৰৰ ভিতৰত অধিক যানবাহন চলাচল কৰা পথত লগাব নোৱাৰি এনে ধৰণৰ ইউনিপল হৰ্ডিংসমূহ। তাৰোপৰি এল ই ডি সম্বলিত ইউনিপল হৰ্ডিং চহৰৰ ভিতৰৰ পথত লগোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মৰ আধাৰতে।
এনে ইউনিপল হৰ্ডিঙৰ ফলত চালকৰ অসুবিধা আৰু মনোযোগ বিচ্ছিন্ন কৰাৰ সুযোগ থকাৰ বাবেই এই হৰ্ডিং সমূহ চহৰৰ মাজত লগাব নোৱাৰি। কিন্তু তাৰ পাছতো গুৱাহাটীৰ মাজ মজিয়াত ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়ম উলংঘন কৰি আজিও ভৰ্তি হৈ আছে হৰ্ডিংসমূহ।
এনেধৰণৰ হৰ্ডিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকাৰৰ ফলতে জন জীৱনলৈ ভাবুকি নামি আহিছে। আজি যিদৰে ৰাজপথৰ ওপৰত এই ইউনিপল হৰ্ডিংসমূহ বাগৰি পৰিছে সেই দৃশ্যই কিদৰে সংশ্লিষ্ট কৰ্তৃপক্ষই আইন উলংঘন কৰিছে আৰু সাধাৰন নাগৰিকৰ জীৱন বিপদাপন্ন কৰি তুলিছে সেয়া স্পষ্ট হৈছে।
ইফালে কিছু দিনৰ আগতে এনে ইউনিপল হৰ্ডিঙে ট্ৰাক চালকৰ মনোযোগ বিচ্ছিন্ন কৰাৰ ফলতেই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে। তাৰ পাছতো কোনো ধৰণৰ সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰা মহানগৰ কৰ্তৃপক্ষৰ সাধাৰণ জনতাৰ জীৱনক লৈ কিমান দায়বদ্ধ তাক লৈ প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছে।