ইউনিয়ন বেংক অৱ ইন্দিয়াৰ উত্তৰ-পূব অৱসৰী ফেদাৰেচনৰ সভা

ইউনিয়ন বেংক অৱ ইন্দিয়াৰ উত্তৰ-পূব অৱসৰী ফেদাৰেচনৰ সভা

author-image
Asomiya Pratidin
New Update
ইউনিয়ন বেংক অৱ ইন্দিয়াৰ উত্তৰ-পূব অৱসৰী ফেদাৰেচনৰ সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে ইউনিয়ন বেংক অৱ ইন্দিয়াৰ উত্তৰ পূব অৱসৰী ফেদাৰেচনৰ জ্যেষ্ঠ নাগৰিকসকলৰ সভাত জ্যেষ্ঠ নাগৰিক বিপ্লৱ কুমাৰ দেবৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষন ৰাখি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে কয় যে, অসমৰ বিভিন্ন বিভাগৰ নামাংকিত জ্যেষ্ঠ নাগৰিকৰ সংগঠন সমূহ ঐক্যবদ্ধ হোৱাৰ সময়ত সমাগত।বেংক, বিভিন্ন নিগম আৰু শিক্ষক, কৰ্মচাৰীকে লৈ সুকীয়া সুকীয়া সংগঠন থকাৰ বাবে চৰকাৰে সুবিধা বুজি জ্যেষ্ঠ নাগৰিকে ভোগ কৰি থকা সুবিধাবোৰ এটা এটাকৈ কৰ্তন কৰি আহিছে। সেয়া ৰেল ভাড়াৰ ক্ষেত্ৰত পোৱা ৪০ শতাংশ বা ৫০ শতাংশ বন্ধ কৰি ৰখা কাৰ্যতে দৃশ্যমান হৈছে।

তৃতীয় বাৰ্ষিক সাধাৰণ সভা উপলক্ষে অনুষ্ঠিত সভাত ভাষন প্ৰসংগত শ্ৰীবৰঠাকুৰে পুনৰ ক‌য় যে, জ্যেষ্ঠ নাগৰিক সকল ভাগ ভাগ হৈ নাথাকি নিজৰ প্ৰাপ্য আদা‌য়ৰ বাবে বঞ্চনাৰ বিৰুদ্ধে প্ৰয়োজনবোধে আন্দোলনৰ পথত মুঠি টানকৈ মাৰি থিয় হ'ব লাগিব। লগতে তেওঁ ৰাষ্ট্ৰসংঘৰ নীতিৰ ভিত্তিত চৰকাৰে প্ৰস্তুত কৰা নীতিসমূহৰ ক্ষেত্ৰত আইন প্ৰনয়ন কৰি জ্যেষ্ঠ নাগৰিকক সুবিধা দিয়াৰ আহ্বান জনায়।

মুকলি সভাখন উদ্বোধন কৰি বেংক কৰ্মচাৰী ফেদাৰেচনৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যাই তেওঁলোকে উত্থাপন কৰা ৮টা দাবীৰ ভিতৰত ৪টা পূৰন কৰাত নানা অসুবিধাৰ সন্মুখীন হোৱা বুলি কয়। সভাত আদৰনি ভাষন ৰাখে বেংক কৰ্মচাৰী ফেদাৰেচনৰ নেতা দেবপ্ৰসন্ন মহন্তই। এনে সভাত জ্যেষ্ঠ নাগৰিক কৃষ্ণকান্ত দাস আৰু ৰাজেন বৰাক ফুলাম গামোচা, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত শলাগৰ শৰাই আগবঢ়ায় জ্যেষ্ঠ নাগৰিক নীলকান্ত নাথে।

Also Read: কাজিৰঙাৰ মুণ্ডা মহাসভাৰ মুকলি সভা অনুষ্ঠান

ইউনিয়ন বেংক অৱ ইন্দিয়া