/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/dc90d5ae-5d6c-4079-966a-795a1b74e64c/6.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ দেওবাৰে কাজিৰঙাত অনুষ্ঠিত হোৱা অসম মুণ্ডা মহাসভাৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় "শিক্ষা-সংস্কৃতিৰ কচৰতৰ মাজেৰে নিজৰ উত্তৰণৰ লগতে সুস্থ সমাজ এখন গঢ় দিয়াটোৱেই প্ৰত্যেকগৰাকী ব্যক্তিৰ লক্ষ্য হোৱা উচিত৷ যাৰ বাবে অন্যান্য বিভিন্ন উপাদানৰ সমান্তৰালভাৱে আন্তৰিকতাৰে নিজৰ ভাষা-সংস্কৃতি-পৰম্পৰা জীয়াই ৰাখিব লাগিব৷ কাৰণ, জাতীয় জীৱনৰ প্ৰতিটো বিষয়ক গুৰুত্ব প্ৰদান কৰি নিজৰ ভাষা-সাহিত্য-সংস্কৃতি-পৰম্পৰা জীয়াই ৰাখিব পাৰিলেহে জাতি জীয়াই থাকিব"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/31006f48-e172-4002-99d7-672e7e5c27c0/3c52a356_3fb1_40ab_9e9e_e82862fd9c61.jpg)
কাজিৰঙা অধ্যয়ন চক্ৰ নামৰ শৈক্ষিক-সামাজিক-সাংস্কৃতিক সংগঠনটোৰ অধ্যক্ষৰ দায়িত্বত থকা অসমীয়া প্ৰতিদিনৰ সাংবাদিক সাহাই নিজৰ বক্তব্যত কয় যে নিজৰ পেট প্ৰৱৰ্তাবৰ বাবেই মুণ্ডা সমাজ বৃটিছৰাজৰ সময়ত অসমলৈ আহিবলগীয়া হৈছিল৷ তেতিয়াৰ পৰা অসমকে মাতৃভূমি হিচাপে গণ্য কৰি অহা মুণ্ডা সমাজৰ লগতে সামগ্ৰিকভাৱে এই বৃহত্তৰ জনগোষ্ঠীটোক কিন্তু প্ৰতি মুহূৰ্ততে শাসকীয় পক্ষই প্ৰতাৰণা কৰি আহিছে৷ আনকি, চৰকাৰৰ স’তে মিতিৰালি কৰি চাহ বাগিচা কৰ্তৃপক্ষই ন্যূনতম মজুৰিৰ বিনিময়ত হাড় ভগা শ্ৰম কৰিবলৈ বাধ্য কৰে এই লোকসকলক৷ যাৰ বাবেই নিজৰ পেটৰ চিন্তা কৰি থাকোঁতে বহু সময়ত নিজৰ সন্তানক শিক্ষা প্ৰদানৰ পৰাও বঞ্চিত হয় শ্ৰমিকসকলে৷
বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ ক্ষেত্ৰত মুণ্ডা সমাজৰ লগতে চাহ জনগোষ্ঠীয় সমাজৰ অৱদান স্বীকাৰ কৰিবই লাগিব বুলি উল্লেখ কৰি কাজিৰঙাৰ দিৰিং চাহবাগিচাৰ ক্লাবঘৰত অনুষ্ঠিত সভাত ধ্ৰুৱজ্যোতি সাহাই নিজৰ বক্তব্যত স্পষ্টকৈ উল্লেখ কৰে যে জনগণৰ ঐক্যবদ্ধ সংগ্ৰামৰ বাবেই চাহ শ্ৰমিকে পূৰ্বৰ মজুৰি ২৩২/- টকাৰ বিপৰীতে বৰ্তমান ২৫০/- টকা পাবলৈ সক্ষম হৈছে৷ চাহ জনগোষ্ঠীয় উৎসৱ কৰম পূজাত মজুৰিসহ ছুটি পাবৰ সক্ষম হৈছে৷ সেয়ে সকলোকে ঐক্যবদ্ধভাৱে থাকিবলৈয়ো নিজৰ বক্তব্যৰ যোগেদি আহ্বান জনায় সাংবাদিক সাহাই৷
তেখেতে স্বাধীনতা যোদ্ধা বীৰছা মুণ্ডাৰ কৰ্মৰাজি সন্দৰ্ভত উল্লেখ কৰাৰ লগতে মহান ব্যক্তিগৰাকীৰ ওপজা দিন ১৫ নৱেম্বৰ তাৰিখটো উলহ-মালহেৰে উদযাপন কৰিবলৈ আহ্বান জনায়৷ ধ্ৰুৱজ্যোতি সাহাই কয় যে, দিৰিং চাহ বাগিচাৰ মুণ্ডা সমাজৰ কোনো দৰিদ্ৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসুবিধা অনুভৱ সেই সন্দৰ্ভত অৱগত কৰিলে সহায়ৰ হাত আগবঢ়াব পৰা যাব বুলিও উল্লেখ কৰে৷
কেইবাটাও ঝুমৰ গীত নিজৰ বক্তব্যৰ মাজতে পৰিৱেশন কৰি এখন সৰ্বাংগসুন্দৰ সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকসকলৰ অৱদান সম্পৰ্কে সুন্দৰ ব্যাখ্যা দাঙি ধৰে ধ্ৰুৱজ্যোতি সাহাই৷ ইপিনে, মুকলি সভাৰ পূৰ্বে দিৰিং চাহ বাগিচাৰ ক্লাবঘৰতে অনুষ্ঠিত হয় অসম মুণ্ডা মহাসভাৰ বোকাখাতৰ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা৷ সভাৰ পূৰ্বে পতাকা উত্তোলন কৰাৰ লগতে বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়৷
কাৰ্যনিৰ্বাহক সভাত নৱ প্ৰজন্মৰ শিক্ষা-দীক্ষাকে আদি কৰি অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক দিশবোৰৰ উত্তৰণ ঘটোৱা সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত বিভিন্ন সিদ্ধান্ত লোৱা হয়৷ অসম মুণ্ডা মহাসভাৰ বোকাখাতৰ আঞ্চলিক সমিতিৰ সভাপতি বাবলু মুণ্ডা আৰু সম্পাদক নিৰঞ্জন মুণ্ডাৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত গোলাঘাট জিলা ভিত্তিত ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ আগন্তুক ১৫ নৱেম্বৰত ১৪৮ সংখ্যক জন্মজয়ন্তী দেৰগাঁৱত উদযাপন কৰা সন্দৰ্ভতো বিস্তৃত আলোচনা কৰা হয়৷
ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাৰ অসম মুণ্ডা মহাসভাৰ বোকাখাতৰ আঞ্চলিক সমিতিৰ সভাপতি বাবলু মুণ্ডাই সভাপতিত্ব কৰে৷ সংগঠনটোৰ সম্পাদক নিৰঞ্জন মুণ্ডাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক বিনোদ মুণ্ডাই মুণ্ডা মহাসভাৰ সকলো দিশ আঁতি গুৰি মাৰি ব্যাখ্যা কৰে৷ তেখেতে মুণ্ডা সমাজত শিক্ষাৰ পৰিৱেশ বৰ্তমানকৈয়ো শক্তিশালী ৰূপত আনি সমাজক আগুৱাই নিবলৈ আহ্বান জনায়৷
মুকলি সভাত আন এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাজিয়ে কয় যে, সমাজক আগবঢ়াই নিবলৈ সকলো ৰাইজ একত্ৰিত হোৱাটো অত্যন্ত প্ৰয়োজন৷ আজি সেই ঐক্যবদ্ধ ৰূপটোৱেই দিৰিং অঞ্চলৰ ৰাইজে দেখুৱাইছে৷ যাৰ দ্বাৰা আগন্তুক সময়ত যে চাহ বাগিচাখনলৈ যে এক সুন্দৰ পৰিৱেশ আনিব তাক আশা কৰিব পাৰি৷
বিতোপন মাজিয়ে নিজৰ বক্তব্যৰ যোগেদি অসম চাহ জনগোষ্ঠী সাহিত্য সভাই বাগিচা এলেকাত গ্ৰহণ কৰা এলানী শিক্ষা সচেতনতা কাৰ্যসূচী সন্দৰ্ভতো বিশদ বিৱৰণ দিয়ে৷ আনহাতে, কোনোবাই ইচ্ছা প্ৰকাশ কৰিলে বিগত ২৮ বছৰে চাহ বাগিচা এলেকাৰ পৰা প্ৰকাশিত 'জননী লাইভ' নামৰ বাতৰি কাকতখনত সাংবাদিকতা কৰিব পাৰিব বুলি উল্লেখ কৰাৰ লগতে মুণ্ডা মহাসভাৰ বিষয়ববীয়ালৈ 'শিৰিষ' নামৰ চাহ জনগোষ্ঠীয় দুখন আলোচনী প্ৰদান কৰে৷
অসম মুণ্ডা মহাসভাৰ বোকাখাত আঞ্চলিকৰ উপদেষ্টা দশৰথ মুণ্ডা, পিতৰ সিং মুড়া, কৈলাস মুণ্ডা, সুভাষ মুণ্ডা, লাল বিহাৰী মুণ্ডা, সুৰেণ মুণ্ডা আদিয়ে বক্তব্য আগবঢ়োৱা সভাত দুই শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ সভাত সুভাষ মুণ্ডাক সভাপতি আৰু গুড়কা মুণ্ডাক সম্পাদক হিচাপে লৈ এখন ১৯ জনীয়া অসম মুণ্ডা মহাসভাৰ বোকাখাত আঞ্চলিকৰ অধীনত দিৰিং চাহ বাগিছা প্ৰাথমিক সমিতি আৰু সীতা মুণ্ডাক সভানেত্ৰী আৰু ৰেখা মুণ্ডাক সম্পাদিকা হিচাপে লৈ ৩১ জনীয়া অসম মুণ্ডা মহাসভাৰ বোকাখাত আঞ্চলিকৰ অধীনত দিৰিং চাহ বাগিছা মহিলা সমিতি গঠন কৰা হয়৷
Also Read: অমৃত কলহ যাত্ৰাত ৰাজ্যৰ ২০ লক্ষাধিক মহিলাৰ অংশগ্ৰহণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us