জটিয়াত কিশোৰৰ ওপৰত মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত দুজনক আটক...

গুৱাহাটীৰ মাজমজিয়াত সামান্য অপৰাধতে কিশোৰৰ ওপৰত অমানুষিক অত্যাচাৰৰ চলোৱা দুজনকৈ ব্যক্তিক কৰায়ত্ত কৰিছে ভগদত্তপুৰ আৰক্ষীয়ে। আটকাধীন দুই ব্যক্তি ক্ৰমে হিমাংশু বৈশ্য আৰু জয়ন্ত তালুকদাৰ। 

author-image
Asomiya Pratidin
New Update
কিশোৰ নিৰ্যাতন

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মাজমজিয়াত সামান্য অপৰাধতে কিশোৰৰ ওপৰত অমানুষিক অত্যাচাৰৰ চলোৱা দুজনকৈ ব্যক্তিক কৰায়ত্ত কৰিছে ভগদত্তপুৰ আৰক্ষীয়ে। আটকাধীন দুই ব্যক্তি ক্ৰমে হিমাংশু বৈশ্য আৰু জয়ন্ত তালুকদাৰ। 

উল্লেখ্য যে, সামাণ্য অপৰাধৰ বাবেই এই দুই ব্যক্তিয়ে এটি কিশোৰক অমানুষিক অত্যাচাৰ চলাইছিল। অভিযোগ অনুসৰি কিশোৰটোৱে এখন দোকানৰ পৰা গাখীৰৰ এটা পেকেট চোৰ কৰিবলৈ চেষ্টা কৰিছিল।

এই অপৰাধৰ বাবেই কিশোৰটোক গছকি গছকি প্ৰহাৰ কৰাৰ উপৰিও খুঁটাত বান্ধিও প্ৰহাৰ কৰিছিল। তাৰোপৰি বাইকৰ চাবি হাতত লৈ ঘোচা মাৰি কিশোৰটোৰ ঠিক চকুৰ তলতে আঘাত কৰিছিল। 

এই আঘাতৰ বাবেই কিশোৰটোৰ যথেষ্ট ৰক্তক্ষৰণো হৈছিল। ঘটনাৰ পাছতে ভগদত্তপুৰ আৰক্ষীয়ে কিশোৰটোক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিছিল যদিও মৰেল পুলিচিঙৰ এই ঘটনাক কোনেও সহজভাৱে ল'ব পৰা নাছিল। 

সৰ্বত্ৰে হোৱা প্ৰতিক্ৰিয়াৰ অন্তত স্থানীয় ভগদত্তপুৰ আৰক্ষীয়ে অতি তৎপৰতাৰে মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত এই দুই ব্যক্তিক আটক কৰিছে। 

মৰেল পুলিচিং অপৰাধ