গ্ৰন্থ মেলাৰ প্ৰাক মুহূৰ্তত হৰ্ষিতা হিয়াৰ দুখনকৈ গ্ৰন্থ উন্মোচিত...

গ্ৰন্থ মেলাৰ প্ৰাক মুহূৰ্তত হৰ্ষিতা হিয়াৰ দুখনকৈ গ্ৰন্থ উন্মোচিত...

author-image
Asomiya Pratidin
New Update
গ্ৰন্থ মেলাৰ প্ৰাক মুহূৰ্তত হৰ্ষিতা হিয়াৰ দুখনকৈ গ্ৰন্থ উন্মোচিত...

গ্ৰন্থ মেলাৰ প্ৰাক মুহূৰ্তত হৰ্ষিতা হিয়াৰ দুখনকৈ গ্ৰন্থ উন্মোচিত...

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হাউচত কলকাতাৰ এণ্টনিম প্ৰকাশন গোষ্ঠীয়ে অনুষ্ঠিত কৰে এক গ্ৰন্থ উন্মোচনী সভা। সভাত হৰ্ষিতা হিয়াৰ ইংৰাজী গল্প সংকলন দি ফৰেষ্ট দেট এইট পিপুলচ আৰু নিৰ্বাচিত দহটা অসমীয়া গল্পৰ ইংৰাজী গল্প সংকলন উইণ্ডবৰ্ণ উন্মোচন কৰা হয়।

Advertisment

এই গ্ৰন্থ উন্মোচনী সভাত দুয়োখন গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী, সাহিত্য, সমালোচক প্ৰভাত চন্দ্ৰ বৰা, প্ৰকাশন গোষ্ঠী এণ্টনিমৰ হৈ বিশ্বদীপ চক্ৰৱৰ্তী, যশস্বী গল্পকাৰ অতনু ভট্টাচাৰ্য্য, লেখক ড০ নন্দ সিং বৰকলা, মনস্বিনী মহন্ত, ড০ পৰিতোষ চক্ৰৱৰ্তী, মনজিৎ সিং, জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্ত, মানস প্ৰতীম শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

দুয়োখন গ্ৰন্থ উন্মোচন কৰি উন্মোচকৰ ভাষণত মনোজ কুমাৰ গোস্বামীয়ে কয়, বহু সমৃদ্ধ অসমীয়া সাহিত্য অসমৰ বাহিৰত আজিও উপযুক্ত ভাৱে পৰিচিত নহয়। যথোপযুক্ত প্ৰচাৰৰ অভাৱেই ইয়াৰ কাৰণ। আমাৰ অগ্ৰজ সকলে সেই কাম কৰিব লাগিছিল যদিও নানান অসুবিধাৰ বাবে সেয়া সম্ভৱপৰ হৈ উঠা নাছিল। এনে প্ৰেক্ষাপটত হৰ্ষিতা হিয়াই অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ এক ইতিবাচক ধাৰা আৰু আশা কঢ়িয়াই আনিছে।

ইফালে এই অনুষ্ঠানত নিজৰ ভাষণত সাহিত্য সমালোচক প্ৰভাত চন্দ্ৰ বৰাই হৰ্ষিতা হিয়াৰ ভাষাৰ মান যথেষ্ট উন্নত শৈলীৰ বুলি অভিহিত কৰে। বুঢ়ী আইৰ সাধুৰ ইংৰাজী অনুবাদ গ্ৰন্থখনেই হৰ্ষিতাৰ ইংৰাজী ভাষাত থকা দখলৰ এটা আভাস দাঙি ধৰা বুলিও কয় জ্যেষ্ঠ সাহিত্য সমালোচক গৰাকীয়ে।

কলকাতাৰ প্ৰকাশন গোষ্ঠী এণ্টনিমৰ হৈ বিশ্বদীপ চক্ৰৱৰ্তীয়ে প্ৰকাশন গোষ্ঠীটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা কৰে। তেওঁ কয় যে অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম সম্পদ সমূহ অসমৰ বাহিৰৰ পাঠক সমাজৰ হাতত তুলি দিয়াৰ এক প্ৰয়াস ৰূপেই এই দুয়োখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব লগা গুৱাহাটী গ্ৰন্থ মেলাত এণ্টনিমৰ এই গ্ৰন্থসমূহ উপলব্ধ থাকিব বুলি তেওঁ সদৰি কৰে।

এই অনুষ্ঠানত দি ফৰেষ্ট দেট এইট পিপুলচ গ্ৰন্থৰ ৰচয়িতা হৰ্ষিতা হিয়াই নিজৰ অনুভৱ আৰু উপলব্ধিৰ বিষয়ে সমবেতসকলক অৱগত কৰে। দি ফৰেষ্ট দেট এইট পিপুলচ -এই গ্ৰন্থ তেওঁৰ জীৱনৰ এক আৰম্ভণি যাত্ৰা বুলি অভিহিত কৰি লেখিকাগৰাকীয়ে আহি থকা দিনবোৰত অসমৰ সাহিত্যানুৰাগীসকলৰ শুভাশীষ লাভ কৰি যাব বুলি আশা ব্যক্ত কৰে।

গ্ৰন্থ উন্মোচনী এই সভাত অসমৰ সাহিত্য সম্পৰ্কীয় এক চমু কুইজৰো আয়োজন কৰা হয়। শিল্পী শ্ৰেয়া প্ৰসাদে এই অনুষ্ঠান পৰিচালনা কৰে।

Also Read: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গধুৰ দায়িত্ব পালন কৰিছে এগৰাকী অসম সন্তানে

গ্ৰন্থ উন্মোচন