সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰা বিধায়কৰ গাড়ী চালক, ভতিজাকক ন্যায়িক জিম্মালৈ প্ৰেৰণ...

গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি এক সামান্য কথাতে দলবদ্ধভাৱে সাংবাদিকক আক্ৰমণ কৰা ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক আৰু ভতিজাকক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰা বিধায়কৰ গাড়ী চালক, ভতিজাকক ন্যায়িক জিম্মালৈ প্ৰেৰণ...

ডিজিটেল ডেস্কঃ গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি এক সামান্য কথাতে দলবদ্ধভাৱে সাংবাদিকক আক্ৰমণ কৰা ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক আৰু ভতিজাকক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, বুধবাৰে হাতীগাঁৱৰ সিজুবাৰীত থকা ৰেকিবুদ্দিন আহমেদৰ বাসগৃহৰ সন্মুখত অতি নিৰ্জু, দায়বদ্ধ আৰু নিৰ্ভীক সাংবাদিক হিচাপেই সৰ্বজন পৰিচিত মৃণাল কুদ্দুছে নিজৰ বাহনখন ৰখোৱাৰ বাবেই বিধায়কগৰাকীৰ চালক খাইৰুল ইছলাম, ভতিজা বিকি আহমেদ আদিয়ে দলবদ্ধভাৱে প্ৰহাৰ কৰিছিল। 

এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ প্ৰতিবাদো হয়। আজিও ৰাজ্যৰ প্ৰান্ত প্ৰান্তে এই ঘটনাৰ প্ৰতিবাদৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীৰে বিভিন্ন সাংবাদিক সংগঠন তথা সাংবাদিক উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। 

মন কৰিবলগীয়া যে, আৰক্ষীয়ে ঘটনাৰ পাছত বুধবাৰেই খাইৰুল ইছলামক আটক কৰিছিল যদিও বিকি আহমেদক বৃহস্পতিবাৰৰ সন্ধিয়া পৰ্যন্ত আটক কৰা নাছিল। পিছত নিশা বিকি আহমেদে হাতীগাওঁ আৰক্ষী থানাত আত্মসপৰ্ণ কৰে। 

আজি আৰক্ষীয়ে দুয়োকে কামৰূপ সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই আৰু আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, এই দুই অভিযুক্তই ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল যদিও ন্যায়ালয়ে তেওঁলোকৰ জামিন আবেদন নাকচ কৰে। 

ইফালে একাংশই সামাজিক মাধ্যমত উদ্দেশ্যপ্ৰণোদিতভাৱে বিষয়টোৰ সন্দৰ্ভত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছতো সাংবাদিক মৃণাল কুদ্দুছৰ আক্ৰমণৰ ঘটনাৰ গোচৰ উঠাই লোৱা বুলি ভুৱা প্ৰচাৰত নিমজ্জিত হৈছে। এই অপপ্ৰচাৰৰ উদ্দেশ্য অৱশ্যেই ৰাজনৈতিক। 

সাংবাদিক আক্ৰমণ সাংবাদিক