সুদক্ষিণা শৰ্মাই পদ্মশ্ৰী লাভ নকৰাত আক্ষেপ থাকি গ'ল-সমৰ হাজৰিকা

সুদক্ষিণা শৰ্মাই পদ্মশ্ৰী লাভ নকৰাত আক্ষেপ থাকি গ'ল-সমৰ হাজৰিকা

ডিজিটেল ডেস্কঃ গণশিল্পী সুদক্ষিণা শৰ্মাই যোৱা ৪ জুলাইত আমাৰ সকলোৰে মাজৰ পৰা চিৰবিদায় মাগে । গণশিল্পীগৰাকীৰ বিয়োগে উকা কৰি থৈ গ'ল অসমৰ সাংস্কৃতিক জগতখনক । শিল্পীগৰাকীক সুঁৱৰি মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত শনিবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ভাৰতীয় গণনাট্য সংঘ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটিৰ আৰম্ভণিতে উপস্থিত ব্যক্তিসকলে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই বিশিষ্ট ব্যক্তিসকলে গণশিল্পীগৰাকীক সোঁৱৰি নিজ নিজ বক্তব্য ৰাখে । অনুষ্ঠানৰ মাজতে শিল্পী তৰালি শৰ্মাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত পৰিৱেশন কৰে ।

সভাত বিশিষ্ট বুদ্ধিজাৱী ড০ হীৰেণ গোহাঁই, বিশিষ্ট গীতিকাৰ, কবি কীৰ্তিকমল হাজৰিকা, শিল্পী লোকনাথ গোস্বামী, শিল্পীগৰাকীৰ পৰিয়াল তৰফৰ হৈ ভাতৃ সমৰ হাজৰীকা, মণিষা হাজৰীকা আদিকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইয়ে কয় যে, "তেখেতৰ ব্যক্তিত্বক লৈ সদায়েই অভিভূত হৈছিলো । তেখেতৰ চৰিত্ৰত মহত্ব, মাধুৰ্যৰ এটা অদ্ভুত ধৰণৰ সংমিশ্ৰণ আছিল । মহৎ মানুহ কিছুমানৰ আচাৰ-আচৰণ কঠুৱা হয় । মধুৰ মানুহ সদাই মহৎ নহ'বও পাৰে । কিন্তু তেখেতৰ ক্ষেত্ৰত মন প্ৰাণ আপ্লুত কৰিব পৰা এই দুটা গুণ মই দেখা পাইছিলো । "

লগতে শিল্পীগৰাকীৰ ভাতৃ সমৰ হাজৰিকাই জেষ্ঠ ভগ্নীক সোঁৱৰি কয় যে, "সকলোৰে বৰ মৰমৰ আছিল বাইদেউ । আমি কুইন বাইদেউ বুলি মাতিছিলো । বাইদেউৰ জীৱন পৰিক্ৰমা অতি দীঘল । আমাৰ দহটা সন্তান । তিনিজন ল'ৰাৰ পিছত বাইদেউৰ জন্ম হৈছে । ভূপেন হাজৰিকা, অমৰ হাজৰিকা, প্ৰবিন হাজৰিকাতকৈ সৰু আছিল । প্ৰবিন দাদাৰ তলতে কুইন বাইদেউ । গতিকে খুব মৰমৰ আছিল বাইদেউ । "

লগতে তেওঁ কয় যে, " বাইদেউয়ে যথেষ্ট কষ্ট কৰিছিল । সংগ্ৰামৰ লগ্ননেৰে গীতটো গাইছে যদিও দিলীপ শৰ্মাৰ লগত যুগ্ম জীৱন আৰম্ভ হোৱাৰ পিছত বহু কষ্টৰে জীৱন অতিবাহিত কৰিছিল । এই লৈ বাইদেউৰ কোনো আক্ষেপ নাছিল "

লগতে গণশিল্পীগৰাকীয়ে পদ্মশ্ৰী লাভ নকৰাৰ বাবে আক্ষেপ কৰি সমৰ হাজৰিকাই কয় যে, "বাইদেউ পদ্মশ্ৰী পোৱাৰ যোগ্য আছিল । এই বঁটা সুদক্ষিণা শৰ্মাই পোৱা হ'লে ভাল লাগিল হেঁতেন ।"

অনুষ্ঠানটিৰ আয়োজন কৰি গণনাট্য সংঘৰ কৰ্মী সোনেশ্বৰ নৰহে কয় যে, তেওঁৰ অংগ অসমবাসীৰ বাবে দান দি থৈ গৈছে । তেওঁৰ মৃত্যুৰ পাছতো অসমীয়া মানুহক গীতে-মাতেৰে বাণী বিলাই থৈ গৈছে । মৃত্যুৱেও বাণী বিলাই গৈছে তেওঁৰ দেহ আৰু অংগ দানেৰে ।" লগতে তেওঁ কয় যে, "আজিৰ জুই চাই দামৰ দিনত সুদক্ষিণা শৰ্মা জীয়াই থকা হ'লে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী সংগীত পৰিৱেশন কৰিলেহেঁতেন ।"

সুদক্ষিণা শৰ্মাই পদ্মশ্ৰী লাভ নকৰাত আক্ষেপ থাকি গ'ল-সমৰ হাজৰিকা
ভাল খবৰ ! মাত্ৰ ছটা দিনতে ঘাট-মাউৰা হোৱা ৰুচেমুংৰ সমগ্ৰ দায়িত্ব ল’ব অসম চৰকাৰে….

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in