'ট্ৰেণ্ডছ-প্ৰতিদিন টাইম'ৰ বিশাল আয়োজন : ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২৩ প্ৰতিযোগিতা

আয়োজক সমিতিয়ে জনোৱা অনুসৰি এই পুৰস্কাৰৰ মুঠ পৰিমাণ ৩ লাখ টকা।

author-image
Asomiya Pratidin
New Update
'ট্ৰেণ্ডছ-প্ৰতিদিন টাইম'ৰ বিশাল আয়োজন : ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২৩ প্ৰতিযোগিতা

ডিজিটেল ডেস্ক : শাৰদীয় বতৰত ট্ৰেণ্ডছ আৰু প্ৰতিদিন টাইমৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক বিশাল আয়োজন। আগন্তুক দুৰ্গা পূজা উপলক্ষে ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২৩ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Advertisment

এই প্ৰতিযোগিতা ৩টা শিতানত আয়োজন কৰা হ'ব। (১) সৰ্বশ্ৰেষ্ঠ পূজা,(২) আটকধুনীয়া পূজা মণ্ডপ আৰু প্ৰতিমাৰ সা-সজ্জা (৩) অভিনৱ সৃষ্টিশৈলী। এই ৩টা বাচনি প্ৰক্ৰিয়াৰ মাজেৰে প্ৰতিযোগিতা আয়োজন কৰি বিজেতাক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কাৰ প্ৰদান কৰা হ'ব।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি এই পুৰস্কাৰৰ মুঠ পৰিমাণ ৩ লাখ টকা। এই প্ৰতিযোগিতাৰ নিয়মাৱলী সন্দৰ্ভত তলত উল্লেখ কৰা হ'ল।

নিয়মাৱলী-

১) পটভূমি মৌলিক হ'ব লাগিব

২) থলুৱা উপাদান বা লোকশিল্পক গুৰুত্ব প্ৰদান কৰা হ'ব

৩) স্বচ্ছতা বজাই ৰখা সমিতিসমূহক অধিক গুৰুত্ব প্ৰদান কৰা হ'ব

৪) পূজা সমিতিসমূহে জিলা প্ৰশাসনৰ পৰা লাভ কৰা অনুমতি পত্ৰ দাখিল কৰিব লাগিব

৫) শৃংখলাবদ্ধতাক গুৰুত্ব প্ৰদান কৰা হ'ব।

ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২৩ প্ৰতিযোগিতাৰ প্ৰৱেশ পত্ৰখন তলত উল্লেখ কৰা হ'ল-

Also Read: ভাৰতৰ ম'ষ্ট ৱাণ্টেড শ্বাহীদ লটিফক পাকিস্তানত গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ

Trends-Pratidin time durga puja