"পৰ্যটকৰ বাবে এখন ঠাইৰ আভাস সৃষ্টি কৰাত কেব চালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে"-জয়ন্ত মল্লবৰুৱা

গুৱাহাটী বিমানবন্দৰত এ এছ ডি এমৰ উদ্যোগত আয়োজিত ১০০ জন কেব চালকৰ আপ স্কিলিং প্ৰগ্ৰেমৰ মঙলবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
"পৰ্যটকৰ বাবে এখন ঠাইৰ আভাস সৃষ্টি কৰাত কেব চালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে"-জয়ন্ত মল্লবৰুৱা

ডিজিটেল ডেস্কঃ গুৱাহাটী বিমানবন্দৰত এ এছ ডি এমৰ উদ্যোগত আয়োজিত ১০০ জন কেব চালকৰ আপ স্কিলিং প্ৰগ্ৰেমৰ মঙলবাৰে সামৰণি পৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে দক্ষতা, নিয়োগ, আৰু উদ্যোগীকৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। টেক্সি চালকৰ দক্ষতা বৃদ্ধি আৰু পেছাদাৰী উন্নীতকৰণৰ লক্ষ্যৰে অসম দক্ষতা বিকাশ অভিযান আৰু আইডিয়েল অভিযানৰ সহযোগিতামূলক প্ৰচেষ্টাত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।

Advertisment

ইয়াৰ উদ্দেশ্য হৈছে কেব চালকসকলৰ আন্তঃব্যক্তিগত দক্ষতা উন্নত কৰাৰ লগতে ডিজিটেল-বিত্তীয় সাক্ষৰতা, অসমৰ পৰ্যটনস্থলী সমূহৰ জ্ঞান, পৰিবহণৰ নিৰ্দেশনা, আৰু অন্যান্য দক্ষতা বিকাশৰ পদক্ষেপৰ জৰিয়তে বিকশিত কৰি তোলা । যিবোৰ তেওঁলোকৰ পেছাত সফলতা লাভ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মন্ত্ৰী বৰুৱাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা টেক্সি চালকসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লৈ তেওঁলোকৰ ভৱিষ্যত সফলতাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভাষণত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত চৰকাৰে অসমৰ কৰ্মৰত চালকসকলৰ পেছাদাৰী সামৰ্থ্য বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।" তেওঁ কয় যে, "চালকসকলে এখন ঠাইৰ প্ৰথম আভাস সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে পৰ্যটকৰ বাবে প্ৰাৰম্ভিক যোগাযোগৰ কেন্দ্ৰ হিচাপে কাম কৰে আৰু ঠাইখনৰ স্পষ্ট প্ৰতিচ্ছবি প্ৰকাশ কৰে। গতিকে চালকসকলে বিভিন্ন বিষয়ৰ ওপৰত জ্ঞানৰ লগতে আন্তঃব্যক্তিগত দক্ষতাৰে দক্ষ হোৱাটো অতি প্ৰয়োজনীয় । এই মঞ্চই এই দক্ষতাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব।"

তেওঁ লগতে কয় "প্ৰতি বছৰে আমাৰ চৰকাৰৰ ১০০০০ লোকক দক্ষতা কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছে আৰু সকলোৱে ব্যক্তিগত দক্ষতা বিকাশৰ বাবে কাম কৰা উচিত।" লগতে প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকৰ বহুমূলীয়া মতামত দিবলৈ আহ্বান জনাই প্ৰশিক্ষাৰ্থীসকলৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি বিভাগে ভৱিষ্যতৰ কাৰ্য প্ৰণালীৰ ওপৰত কাম কৰিব বুলিও উল্লেখ কৰে।

লগতে তেওঁ প্ৰশিক্ষাৰ্থীসকলক বিমান বন্দৰটোক এক সুন্দৰ স্থান হিচাপে গঢ়ি তোলাৰ দায়িত্ব গ্ৰহণ কৰি আমাৰ ৰাজ্যৰ এক দায়িত্বশীল প্ৰতিনিধি হ’বলৈ আহ্বান জনায়। মন্ত্ৰী বৰুৱাই লগতে উল্লেখ কৰে যে চৰকাৰে ইতিমধ্যে হোটেল কৰ্মচাৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জিপ্সী চালক, ৰাজপথৰ খাদ্য বিক্ৰেতা আদিৰ বাবে বিভিন্ন ধৰণৰ আপ স্কিলিং কাৰ্যসূচী আৰম্ভ কৰিছে।

Also Read: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গো-ধনৰ দেহত লাম্পি ৰোগ: গোলাঘাটত বিনামূলীয়া টিকাকৰণ...

JAYANTA MALA BARUAH