/asomiyapratidin/media/media_files/2025/02/03/yPaAHceXq5gfvu1IuQ2T.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ জীৱন নাট সামৰিলে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ধাৰ্মিক বিশেষজ্ঞ, প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষাবিদ, সু-সাহিত্যিক, সুবক্তা, সংগীতজ্ঞ, শ্ৰীমদ্ ভাগৱতৰ ভাষ্যকাৰ তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীয়ে। তেওঁ যোৱা নিশা ১১-৪৫ বজাত ৮৫ বছৰত শেষ নিশ্বাস ত্যাগ কৰে ।
আজি পুৱা এইগৰাকী ঋষিতুল্য ব্যক্তিৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে পুৱাৰে পৰা মনীষীগৰাকীৰ গুৱাহাটীস্থিত চান্দমাৰীৰ মিলনপুৰৰ বাসভৱনত ৰাজ্যৰ ভিন-ভিন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ ভালেমান বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ প্ৰতিনিধিয়ে মৃতদেহত পুষ্পাৰ্ঘ অৰ্পণ কৰে। কামৰূপ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, যশস্বী সাহিত্যিক তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীয়ে শিক্ষকতাকালত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু বৰেণ্য ব্যক্তিৰ শিক্ষাগুৰু আছিল।
অতি উদাৰ চিতিয়া অন্তৰ শিক্ষা -সাহিত্যৰ মনীষী, সমাজ সংগঠক, অসম সাহিত্য সভাৰ 'কথা সাহিত্য' বঁটা প্ৰাপক শৰ্মা শাস্ত্ৰীৰ জন্ম হৈছিল ১৯৪০ চনৰ ২৭ মাৰ্চত দৰং জিলাৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত গোবিন্দধাম (ভুক্তাবৰী)ৰ আচাৰ্য নাৰায়ণ চন্দ্ৰ শৰ্মাৰ ঔৰসত আৰু পদ্মাৱতী দেৱীৰ গৰ্ভত। শৈশৱৰ পৰা অতি মেধা সম্পন্ন, ধাৰ্মিক তিলক চন্দ্ৰ শৰ্মাই শিক্ষা -সাহিত্য, কলা-সংস্কৃতি প্ৰায় সৰ্বদিশতে জৰিত হৈছিল।
১৯৯৪ চনত ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকৰ জ্ঞান বিস্তাৰ কৰাৰ উদ্দেশ্যেৰে আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স আদি ৯খন দেশ ভ্ৰমণলৈ যোৱা ভাৰতীয় তীৰ্থযাত্ৰীৰ প্ৰতিনিধি দলটোক তিলক চন্দ্ৰ শৰ্মাই প্ৰতিনিধিত্ব কৰিছিল। সেইবাৰ, আমেৰিকাৰ ইছকন ছ'ছাইটিয়ে শৰ্মাক নিৰ্বাচিত কৰাৰ উপৰিও পৃষ্ঠপোষকতা প্ৰদান কৰিছিল।
ইয়াৰ পিছতো বিদ্যায়তনিক কামত জাপান, চীন আদি দেশো ভ্ৰমণ কৰে। ধাৰ্মিক, বিশেষজ্ঞ, পণ্ডিত আৰু জ্যোতিষী হিচাপে মানৱ সেৱা আগবঢ়োৱা শৰ্মাই আকাশবাণী আৰু দূৰদৰ্শনৰ লগতে শ্ৰাব্য কেছেটৰ লগতো জড়িত। তেওঁ "ওঁ নম: শিৱায়", "যা দেৱী সৰ্বভূতেষু" আদি ভালেমান ধৰ্মীয় কেছেটত কন্ঠদান কৰি প্ৰকাশ কৰিছিল।
"আমি মানু্হ" নামৰ অধুনালুপ্ত আলোচনীখনৰ সম্পাদক শৰ্মাৰ শ্ৰীমদ্ভক্তিবিবেক, লেখা শতৰু আদি অসংখ্য গ্ৰন্থ প্ৰকাশ পাইছে। তেওঁ সদৌ অসম দেৱ দামোদৰ সংঘৰ উপদেষ্টা, সৰ্বধৰ্ম মানৱ কল্যাণ সংস্থা, অসমৰ সভাপতি, স্বামী বিবেকানন্দ যুৱ কেন্দ্ৰৰ সভাপতি, কামৰূপ (গ্ৰাম্য/মহানগৰ) জিলা দেৱ দামোদৰ সংঘৰ সভাপতি, পূৱ গুৱাহাটী সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ দীৰ্ঘকালৰ সভাপতি তথা বৰ্তমান উপদেষ্টা, পূৱ গুৱাহাটী ৰাজহুৱা দুৰ্গা মন্দিৰৰ দীৰ্ঘকালৰ সভাপতি তথা বৰ্তমান উপদেষ্টা, চান্দমাৰী -মিলনপুৰ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাৰে পৰা (১৯৮২) বৰ্তমানলৈকে সভাপতি, আনন্দৰাম বৰুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি, অসম উচ্চতৰ মাধ্যমিক পৰিষদৰ ৰাজ্যপালৰ দ্বাৰা নিয়োজিত প্ৰাক্তন সদস্য, অসম সাহিত্য সভাৰ আজীৱন, হিতৈষী সদস্য আদি ভালেমান অনুষ্ঠান- প্ৰতিষ্ঠানৰ গুৰি-বঠা ধৰি আছিল।
তেওঁ নিজৰ ধনেৰে হাজো- কৈৱৰ্তটোল দামোদৰদেৱ নামঘৰত গুৰুজনাৰ প্ৰতিমূৰ্ত্তি মাৰ্বলৰে নিৰ্মাণ কৰি দিছে। এইগৰাকী বৰেণ্য ব্যক্তিয়ে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমে বেদব্যাস সন্মান, ভাৰত জ্যোতিষ ৰত্ন বঁটা, জীৱন জোৰা সাধনা সন্মান, নৰ্থ ইষ্ট বৈদিক এষ্টোলজিকেল বঁটা, শ্ৰীশ্ৰী সন্ত সমাজ, অসমৰ পৰা সন্মান, হিন্দু আধ্যাত্মিক আৰু সেৱা সমাৰোহত সন্মান, অসম জ্যোতিষ সভাৰ পৰা সন্মান আউনীআটী সত্ৰ, মাজুলীৰ পৰা সন্মান লাভ কৰিছে।
আজি নৱগ্ৰহত অন্তোষ্টিক্ৰীড়াত সংস্কৃত ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপক,কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, ৰাজ্য চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা চিন্ময় চৌধুৰী, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ মালিনী গোস্বামী, বিশিষ্ট ব্যক্তি ড০ জয়ন্ত বিশ্ব শৰ্মা, বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মা, বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অসম সাহিত্য সভাৰ আইন উপদেষ্টা অনন্তৰাম মেধি, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, বিশ্ব হিন্দু পৰিষদৰ প্ৰতিনিধি, বিজেপি, অসম জাতীয় পৰিষদ আদিৰ প্ৰতিনিধি উপস্থিত আছিল।
এই গৰাকী বিশিষ্ট সাহিত্য-শিক্ষাজগতৰ তপস্বীৰ বিয়োগত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰমেন কলিতা, আকাশবাণী, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক,নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, পদ্মশ্ৰী সন্মান প্ৰাপক ড০ ৰোমান শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ মুখ্য উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ তাৰিণী কান্ত গোস্বামী, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, সাহিত্য সাধনা মঞ্চ, অসমৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা,বিশিষ্ট গীতিকাৰ -সুৰকাৰ ডিজেন কাকতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস, লেখিকা সংস্থা, অসমৰ বামুণীমৈদাম শাখাৰ সম্পাদক পুতুলী ঠাকুৰীয়া মেধি, পৰাগজ্যোতি প্ৰকাশন, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।